অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কমল হাজৰিকা

কমল হাজৰিকা (Kamal Hazarika) বিশিষ্ট গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী আছিল। তেওঁৰ অন্যতম অমৰ সৃষ্টি হিচাপে পৰিগণিত হোৱা ‘চেনাই মই যাওঁ দেই’ গীতটোত কণ্ঠশিল্পী দীপালি বৰঠাকুৰে কণ্ঠদান কৰিছিল।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ১২৭ শব্দ · ১ মিনিট সংগৃহীত ৮৮
সংশোধনৰ পৰামৰ্শ

কমল হাজৰিকা (Kamal Hazarika) বিশিষ্ট গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী আছিল। তেওঁৰ অন্যতম অমৰ সৃষ্টি হিচাপে পৰিগণিত হোৱা ‘চেনাই মই যাওঁ দেই’ গীতটোত কণ্ঠশিল্পী দীপালি বৰঠাকুৰে কণ্ঠদান কৰিছিল।১২

প্ৰাৰম্ভিক জীৱন

১৯২৭ চনৰ ১ ফেব্ৰুৱাৰীত কলিয়াবৰ মহকুমাৰ আখিৰঙা গাঁৱত কমল হাজৰিকাৰ জন্ম হৈছিল। প্ৰয়াত কমল হাজৰিকাই শ্বিলং চৰকাৰী স্কুল আৰু ছেইণ্ট এন্থনী কলেজৰপৰা শিক্ষা গ্ৰহণ কৰিছিল। অসমৰ প্ৰথম মহিলা পাইলট ধীৰা চলিহাৰ লগত বিবাহপাশত আবদ্ধ হৈছিল।২

কৰ্ম আৰু সংগীত জীৱন

১৯৫৬ চনত তেওঁ লণ্ডনত ভাৰতীয় উচ্চায়োগত চাকৰিত যোগ দি তালৈ যায়। কিছু বছৰৰ পাছত তেওঁ ব্ৰিটিছ চৰকাৰৰ স্বাস্থ্য সেৱাত যোগ দিয়ে। তাৰপৰাই তেওঁ ১৯৯২ চনত অৱসৰ গ্ৰহণ কৰে। তেওঁ লণ্ডনৰ স্থায়ী নিৱাসী হৈ পৰে। কিন্তু অৱসৰৰ পাছত সঘনে অসমৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি আহিছিল। গুৱাহাটী মহানগৰীৰ গণেশগুৰিৰ নয়নপুৰতো তেওঁৰ ঘৰ আছিল। অৱশ্যে অসুস্থতাৰ পাছত তেওঁ অসমতে স্থায়ীভাৱে বাস কৰিবলৈ লয়।২৩

উল্লেখযোগ্য যে দেশৰ স্বাধীনতাৰো আগৰপৰা কলকাতা কেন্দ্ৰৰপৰা আকাশবাণীযোগে তেওঁ গীত পৰিৱেশন কৰিছিল। সমসাময়িকভাৱে তেওঁ গীত ৰচনা আৰু সুৰ দি আহিছিল। ১৯৪৮ চনত স্থাপন হোৱা শ্বিলং-গুৱাহাটী অনাতাঁৰ কেন্দ্ৰত ভালেকেইটি গীত গাইছিল।২

কেইটিমান উল্লেখযোগ্য গীত

তেওঁ লিখা আৰু সুৰ দিয়া জনপ্ৰিয় 'চেনাই মই যাও দেই' গীতটি দীপালি বৰঠাকুৰে গ্ৰামোফোন ৰেকৰ্ড কৰিছিল।

মৃত্যু

দীৰ্ঘদিন অসুস্থতাত ভুগি ২০১৭ চনৰ ১৬ নৱেম্বৰৰ বিয়লি প্ৰায় ২-৪০ বজাত আয়ুৰসুন্দ্ৰা চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে ৯১ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।২৩

তথ্যসূত্ৰ

  1. ↑ চেতিয়া, উমেশ. সুন্দৰৰ সাধকঃ মহান শিল্পীসকল
  2. ↑ (17 November 2017). বিশিষ্ট গীতিকাৰ, সুৰকাৰ কমল হাজৰিকাৰ দেহাৱসান. Janambhumi Online Edition
  3. ↑ (17 November 2017). Lyricist Kamal Hazarika passes away. Sentinel Online Edition

সম্পৰ্কিত শ্ৰেণী

অসমীয়া ভাষাৰ গীতিকাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কমল হাজৰিকা” প্ৰবন্ধৰ সংশোধন ৬৩৭০৭৮ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।