চন্দেৰ কান্তা গুপ্তা (এফআৰচিএছ) (৮ অক্টোবৰ ১৯৩৮ – ২৭ মাৰ্চ ২০১৬)১২ আছিল মেনিট'বা বিশ্ববিদ্যালয়ৰ গণিতশাস্ত্ৰৰ এগৰাকী বিশিষ্ট অধ্যাপক। বিমূৰ্ত বীজগণিত আৰু শ্ৰেণী তত্ত্বত কৰা গৱেষণাৰ বাবে তেওঁক জনা যায়।৩ বিভিন্ন শ্ৰেণীত থকা স্বসমাকৃতিকতা (automorphism) তেওঁৰ অধিকাংশ গৱেষণাত চৰ্চাৰ বিষয় আছিল।৪
শিক্ষা
কান্তা গুপ্তাই জম্মু আৰু কাশ্মীৰ বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰে। তাৰপিছত আলীগড় মুছলিম বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে। ইয়াৰ পিছত তেওঁ অষ্ট্ৰেলিয়ান ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ৰ পৰাও স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে। পৰৱৰ্তী সময়ত তেওঁ সেইখন শিক্ষানুষ্ঠানৰ পৰাই ১৯৬৭ চনত ডক্টৰেট ডিগ্ৰী লাভ কৰে। মাইকেল ফ্ৰেডেৰিক নিউমেনৰ অধীনত তেওঁ গৱেষণাকাৰ্য সম্পন্ন কৰিছিল।৪
স্বীকৃতি
- ১৯৯১ চনত তেখেত কানাডাৰ ৰয়েল ছ'ছাইটিৰ এগৰাকী সভ্য হিচাপে নিৰ্বাচিত হয়।
- ২০০০ চনত তেওঁক ক্ৰেইজাৰ-নেলছন বঁটাৰে সন্মানীত কৰা হয়।৪
ব্যক্তিগত
কান্তা গুপ্তাৰ জীৱনসংগী নাৰায়ণ গুপ্তাও (১৯৩৬-২০০৮) অষ্ট্ৰেলিয়ান ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰ আছিল। আৰু একেদৰেই মনিট'বা বিশ্ববিদ্যালয়ৰ বিশিষ্ট অধ্যাপকৰ সন্মান লাভ কৰিছিল।৫
তথ্যসূত্ৰ
- ↑ Chander Gupta Obituary - Thomson In the Park Funeral Home and Cem - Winnipeg MB. obits.dignitymemorial.com
- ↑ (28 March 2016). Chander Gupta Obituary - Winnipeg, Manitoba. Legacy.com
- ↑ Distinguished Professors of the Faculty of Science, Univ. of Manitoba, retrieved 2015-06-09
- ↑ 6th Krieger–Nelson Prize Lecture Citation, Canadian Mathematical Society, retrieved 2015-06-09
- ↑ Obituary of Narain Gupta, Winnipeg Free Press, 14 April 2008, retrieved 2015-06-09
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কান্তা গুপ্তা” প্ৰবন্ধৰ সংশোধন ৫৯৩৬৬০ (২৫ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।