অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কহোদা

কহোদা প্ৰাচীন ভাৰতীয় উপমহাদেশৰ মিথিলা ৰাজ্যৰ এজন বৈদিক ঋষি আছিল। তেওঁ আছিল মিথিলা অঞ্চলৰ বেদৰ আচাৰ্য। ভাৰতীয় বিখ্যাত দাৰ্শনিক অষ্টবক্ৰৰ পিতৃ।

হালনাগাদ: ২২ ছেপ্তেম্বৰ ২০২৫ ৭২ শব্দ · ১ মিনিট সংগৃহীত ৮৮
সংশোধনৰ পৰামৰ্শ

কহোদা প্ৰাচীন ভাৰতীয় উপমহাদেশৰ মিথিলা ৰাজ্যৰ এজন বৈদিক ঋষি আছিল।১ তেওঁ আছিল মিথিলা অঞ্চলৰ বেদৰ আচাৰ্য। ভাৰতীয় বিখ্যাত দাৰ্শনিক অষ্টবক্ৰৰ পিতৃ।২৩৪

প্ৰাথমিক জীৱন

শতপথ ব্ৰাহ্মণ আৰু মহাভাৰত গ্ৰন্থ অনুসৰি কহোদা কৌশিতকি বা কৌষীতকেয়ৰ পুত্ৰ আছিল।৩ বৃহদাৰণ্যক উপনিষদ গ্ৰন্থত তেওঁক কৌষীতকেয়ৰ পুত্ৰ কহোলা বুলি উল্লেখ কৰা হৈছে।৫ তেওঁৰ জন্ম হৈছিল বিদেহ ৰাজ্যৰ দৰিদ্ৰ ব্ৰাহ্মণ পৰিয়ালত। তেওঁ বৈদিক ঋষি উদ্দালক আৰুণিৰ আশ্ৰমত বেদ অধ্যয়ন কৰিছিল।৩

পিছৰ জীৱন

কহোদা তেওঁৰ আশ্ৰমত তেওঁৰ গুৰু উদ্দালক আৰুণিৰ সকলো শিষ্যৰ মাজত বেদ শিক্ষাৰ মেধাৱী ছাত্ৰ আছিল। বৈদিক অধ্যয়নত তেওঁৰ উজ্জ্বল জ্ঞানৰ বাবে তেওঁৰ গুৰু আৰুণি তেওঁৰ ওপৰত অতিশয় সন্তুষ্ট হৈছিল। কহোদা গুৰুৰ প্ৰিয় শিষ্য হৈ পৰিল। বৈদিক অধ্যয়ন সমাপ্ত হোৱাৰ পিছত তেওঁ উদ্দালক আৰুণিৰ আশ্ৰমত সহকাৰী গুৰু হয়। পিছলৈ তেওঁৰ গুৰু উদ্দালক আৰুণিয়ে তেওঁৰ লগত নিজৰ কন্যা সুজাতাক বিয়া দিছিল। সুজাতাৰ লগত কহোদাৰ বিবাহৰ পিছতো তেওঁলোক আশ্ৰমত বাস কৰিছিল। কহোদাই আশ্ৰমত শিষ্যসকলক বেদৰ শিক্ষা দি থাকিল।৩৬

উত্তৰাধিকাৰ

কিংবদন্তি অনুসৰি ভাৰতৰ বৰ্তমানৰ বিহাৰ ৰাজ্যৰ ভাগলপুৰ জিলাৰ কহলগাঁও চহৰৰ নাম কহোলা ঋষিৰ নামেৰে ৰখা হৈছিল, যিটো কহোদা ঋষিৰ আন এটা নাম।৭

তথ্যসূত্ৰ

  1. ↑ Varadara, Raman; Staff, Raman Varadara. Glimpses of Indian Heritage. Popular Prakashan. ISBN 978-81-7154-758-6
  2. ↑ Mukerjee, Radhakamal. (2000). Aṣṭāvakragītā (the Song of the Self Supreme): The Classical Text of Ātmādvaita by Aṣṭāvakra. Motilal Banarsidass Publ. ISBN 978-81-208-1367-0
  3. ↑ www.wisdomlib.org. (2012-06-15). Kahoda, Kahoḍa: 7 definitions. www.wisdomlib.org
  4. ↑ Dalal, Roshen. (2014-04-18). Hinduism: An Alphabetical Guide. Penguin UK. ISBN 978-81-8475-277-9
  5. ↑ www.wisdomlib.org. (2015-02-23). Yajnavalkya and Kahola (Section V). www.wisdomlib.org
  6. ↑ Swami Parmeshwaranand. (2001-01-01). Encyclopaedic Dictionary of Puranas. Sarup & Sons
  7. ↑ (2020-11-10). Kahalgaon Election Result: कहलगांव में कांग्रेस को मिली मात, बीजेपी के पवन कुमार जीते. आज तक

সম্পৰ্কিত শ্ৰেণী

ঋষিভাৰতীয় দাৰ্শনিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কহোদা” প্ৰবন্ধৰ সংশোধন ৫৩৯৭২৬ (২২ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।