জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
জোহান চেবাষ্টিয়ান বাক
জোহান চেবাষ্টিয়ান বাখ (Johann Sebastian Bach; ২১ মাৰ্চ, ১৬৮৫ – জুলাই ২৮, ১৭৫০) বাৰোক যুগৰ এজন জাৰ্মান ৰচয়িতা আছিল। তেওঁক পশ্চিমীয়া ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ সংগীতজ্ঞ হিচাপে গণ্য কৰা হয়।
-
জোৎস্না মাহন্ত
জ্যোৎস্না চৰণদাস মাহন্ত (Jyotsna Charandas Mahant, জন্ম-১৮ নৱেম্বৰ ১৯৫৩) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ লোকসভাৰ সাংসদ৷ তেওঁ কোৰবা, চত্তিছগড়ৰ পৰা ২০১৯ ভাৰতীয় সাধাৰণ নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হিচাপে লোকসভালৈ নিৰ্বাচিত হৈছিল।
-
জ্যোতিকা টাংগ্ৰী
জ্যোতিকা টাংগ্ৰী (Jyotica Tangri) এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী। তেওঁ হাফ গাৰ্লফ্ৰেণ্ডৰ “ফিৰ ভি তুমকো চাহুংগী” গীতৰ জৰিয়তে আত্মপ্ৰকাশ কৰে৷ তেওঁৰ সংস্কৰণটো ছবিখনত অন্তৰ্ভুক্ত কৰা হোৱা নাছিল, যদিও তেওঁ কণ্ঠদান কৰা গীতটো শ্ৰদ্ধা কাপুৰৰ সংস্কৰণটিত জনপ্ৰিয় হৈছিল।
-
জৱান সিংহ
মহাৰাণা জৱান সিংহ (২ জুলাই ১৮০০ – ৩০ আগষ্ট ১৮৩৮) উদয়পুৰ ৰাজ্যৰ ছিছোদিয়া বংশৰ ৰাজপুত শাসক (ৰাজত্ব: ১৮২৮–১৮৩৮) আছিল। মহাৰাণা ভীম সিংহৰ একমাত্ৰ পুত্ৰ যিয়ে পিতৃৰ পিছত তেওঁ ৰাণা হৈছিল। তেওঁ কবি আছিল আৰু "ব্ৰিজৰাজ" ছদ্ম নামেৰেও জনাজাত আছিল।
-
টনি জোছেফ
টনি জোছেফ (Tony Joseph) হৈছে এগৰাকী ভাৰতীয় সাংবাদিক আৰু লেখক। তেখেত বিজনেছ ৱৰ্ল্ড নামৰ আলোচনীখনৰ প্ৰাক্তন সম্পাদক। তেখেত বেষ্ট-চেলিং কিতাপ আৰ্লি ইণ্ডিয়ানছ্ (Early Indians, ২০১৮)ৰ লেখক। ২০১৮ চন পৰ্যন্ত তেখেত মাইণ্ডৱৰ্কছ গ্লোবেল মিডিয়া ছাৰ্ভিছেছ নামৰ প্ৰতিষ্ঠানটোৰো অধ্যক্ষ আৰু সহ-প্ৰতিষ্ঠাতা আছিল।
-
টি স্বামীনাথন
টি স্বামীনাথন সম্পূৰ্ণ নাম থিৰুমালৰায়া স্বামীনাথন, ১৯৭০ চনৰ ১ ডিচেম্বৰৰ পৰা ১৯৭২ চনৰ ২ নৱেম্বৰলৈকে ভাৰতৰ কেবিনেট সচিব আছিল। তেওঁ ভাৰতীয় অসামৰিক সেৱা (আই চি এছ)ৰ সদস্য আছিল। স্বামীনাথনে ১৯৭৩ চনৰ ৭ ফেব্ৰুৱাৰীৰ পৰা ১৯৭৭ চনৰ ১৭ জুনলৈকে ভাৰতৰ ৫ম মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
ডায়োনিচিয়া
ডায়োনিচিয়া (খ্ৰী. পূ. ১ম শতিকী) এগৰাকী প্ৰাচীন ৰোমৰ নৃত্যশিল্পী-অভিনেত্ৰী আছিল। ডায়োনিচিয়া প্ৰাচীন ৰোমৰ এগৰাকী খ্যাতনামা মঞ্চশিল্পী আছিল, যাৰ নাম ৰাজহুৱা বিতৰ্কত উল্লেখ কৰা হৈছিল। তেওঁ অতি কমসংখ্যক মহিলা মঞ্চশিল্পীৰ মাজৰ পৰা এজনী, যাৰ উপাৰ্জনৰ নিৰ্দিষ্ট উল্লেখ পোৱা যায়।
-
ডিম্পল যাদৱ
ডিম্পল যাদৱ (জন্ম ১৫ জানুৱাৰী ১৯৭৮) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ২০২২ চনৰ ডিচেম্বৰৰ পৰা মৈনপুৰিৰ পৰা বৰ্তমান সংসদ সদস্য আৰু তাৰ আগতে কনৌজৰ পৰা দুই বাৰ লোকসভাৰ সদস্য হিচাপে দায়িত্ব পালন কৰিছিল। তেওঁ সমাজবাদী পাৰ্টিৰ সভাপতি আৰু উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱৰ পত্নী।
-
তালা টুডু
তালা টুডু ঝাৰখণ্ডৰ এগৰাকী ভাৰতীয় চাঁওতালি ভাষাৰ লেখিকা আৰু নাৰ্ছ। ২০১৫ চনত চান্তালী বা চাঁওতালি ভাষাৰ অনুবাদৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। তেওঁৰ জন্ম হৈছিল ১৯৭২ চনত।
-
তাৰক চন্দ্ৰ গোস্বামী
তাৰক চন্দ্ৰ গোস্বামী (Tarok Chandra Goswami) হৈছে এগৰাকী অসমীয়া সাহিত্যৰ প্ৰবন্ধকাৰ।
-
তাৰ্তিয়া
তাৰ্তিয়া (খ্ৰীঃ পূঃ ৭৪ ৰ পাছত মৃত্যু) এগৰাকী প্ৰাচীন ৰোমান অভিনেত্ৰী আৰু নৃত্যশিল্পী আছিল। তাৰ্তিয়া চিচিলিত জন্মগ্ৰহণ কৰিছিল আৰু তেওঁ অভিনেতা-নৃত্যশিল্পী ইচিডোৰুচৰ কন্যা আছিল। ইতিহাসত তেওঁ ভেৰেছৰ উপপত্নী হিচাপে প্ৰসিদ্ধ, যেতিয়া ভেৰেছ খ্ৰীঃ পূঃ ৭৪ চনত চিচিলিৰ গভৰ্ণৰ নিযুক্ত হৈছিল।
-
তিলেশ্বৰী বৰুৱা
তিলেশ্বৰী বৰুৱা ( Tileswari Baruah) ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী শ্বহীদ৷ ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰি ঢেকিয়াজুলি থানাত পতাকা উত্তোলন কৰিবলৈ গৈ মৃত্যুক সাৱটি লৈছিল৷ ঢেকিয়াজুলি থানাত পতাকা উত্তোলন কৰিবলৈ যোৱা সমদলকাৰীক উদ্দেশ্যি কৰা পুলিচৰ গুলীচালনাত গুলীবিদ্ধ হৈ থিতাতে মৃত্যুমুখত পৰিছিল…
-
তেজস্বী সূৰ্য
লাক্য সূৰ্য্যনাৰায়ণ তেজস্বী সূৰ্য (Tejasvi Surya) এজন ভাৰতীয় ৰাজনীতিবিদ, আৰ এছ এছ স্বয়মসেৱক আৰু অধিবক্তা যিয়ে ভাৰতীয় জনতা পাৰ্টিৰ পৰা বাংগালুৰু দক্ষিণ সমষ্টিক প্ৰতিনিধিত্ব কৰি ১৭ নং লোকসভাৰ সংসদ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০২০ চনৰ ২৬ ছেপ্টেম্বৰৰ পৰা ভাৰতীয় জনতা যুৱ মৰ্চাৰ সভাপতি।
-
ত্ৰিধা চৌধুৰী
ত্ৰিধা চৌধুৰী (Tridha Choudhury; জন্ম: ২২ নৱেম্বৰ ১৯৯৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ প্ৰধানকৈ হিন্দী, বাংলা আৰু তেলেগু চলচ্চিত্ৰ আৰু ধাৰাবাহিকত অভিনয় কৰে। তেওঁ টাইমছ অৱ ইণ্ডিয়াৰ ক্লিন এণ্ড ক্লিয়াৰ ফ্ৰেছফেচ, ২০১১ খিতাপ অৰ্জন কৰিছিল।
-
তৰংগ গগৈ
তৰংগ গগৈ এগৰাকী অসমীয়া ৰাজনীতিবিদ। ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক হিচাপে তেওঁ ২০২১ চনৰ অসম বিধানসভাৰ নিৰ্বাচনত নাহৰকটীয়া সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল ৷
-
তৰিণা পেটেল
তৰিণা পেটেল হৈছে দক্ষিণ আফ্ৰিকাৰ অভিনেত্ৰী, চলচিত্ৰ প্ৰযোজক, মডেল আৰু টেলিভিছন পৰিচালিকা। তেওঁ কেইপ টাউনত জন্ম গ্ৰহণ কৰি ডাৰ্বানত ডাঙৰ-দীঘল হৈছিল। তেওঁ অক্ষয় কুমাৰৰ ভূল ভুলৈয়া নামৰ ভৌতিক-কমেডি চলচ্চিত্ৰত অভিনয় কৰিছিল।
-
দাৰ ইয়াচিন
দাৰ ইয়াচিন (Dar Yasin) এজন কাশ্মীৰী সাংবাদিক। তেওঁক সাংবাদিকতাৰ আটাইতকৈ সন্মানীয় বঁটা পুলিৎজাৰ বঁটাৰে সন্মানিত কৰা হয়।
-
দিব্যা শেঠ
দিব্যা শেঠ শ্বাহ (ইংৰাজী: Divya Seth Shah) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন অভিনেত্ৰী৷ তেওঁ দূৰদৰ্শন ধাৰাবাহিক হাম লগত মাঝলী নামৰ এটা চৰিত্ৰত অভিনয় কৰি নিজৰ কৰ্মজীৱন আৰম্ভ কৰিছিল। তেওঁ অভিনেত্ৰী সুষমা শেঠ আৰু ধ্ৰুৱ শেঠৰ কন্যা।
-
দিলীপ কুমাৰ পাল
দিলীপ কুমাৰ পাল এজন ভাৰতীয় ৰাজনীতিবিদ। তেওঁৰ জন্ম ১৯৫৬ চনৰ ১৯ মাৰ্চত অসমৰ কাছাৰ জিলাৰ শিলচৰত হৈছিল। তেওঁ শিলচৰ বিধান সভা সমষ্টিৰপৰা ভাৰতীয় জনতা পাৰ্টিৰ সদস্য হিচাপে দুবাৰকৈ বিধানসভালৈ নিৰ্বাচিত হয়। তেওঁ ২০২০-২১ চনত নিজ বিজেপি দলৰ ভিতৰত কিছু বিতৰ্কৰ বাবে দল ত্যাগ কৰিছিল।
-
দিলীপ শইকীয়া
দিলীপ শইকীয়া (Dilip Saikia) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ অসমৰ ৰাজ্যিক সভাপতি। ২০১৯ চনত ভাৰতৰ সাধাৰণ নিৰ্বাচনত মঙ্গলদৈ সমষ্টিৰ পৰা প্ৰথমবাৰলৈ লোকসভালৈ ভাৰতীয় জনতা পাৰ্টীৰ পৰা নিৰ্বাচিত হয়।
-
দীপক ভট্টাচাৰ্য
দীপক ভট্টাচাৰ্য অসমৰ এজন ৰাজনীতিবিদ আৰু হাইলাকান্দি বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক আছিল। ২০১৯ চনৰ ২৯ জানুৱাৰীত ৭৯ বয়সত তেখেতৰ মৃত্যু হৈছিল।
-
দীপামণি হালৈ মহন্ত
দীপামণি হালৈ মহন্ত এগৰাকী লেখক, অধ্যাপক৷ তেখেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক হিচাপে কৰ্মৰত৷ বৰ্তমানলৈকে তেখেতৰ ৬খন গৱেষণামূলক গ্ৰন্থ প্ৰকাশ হৈছে৷
-
দুৰ্গা চোব
দুৰ্গা চোব ( Durga Sob) জন্ম ৩ জুলাই, ১৯৬৬ চন; এগৰাকী নেপালী নাৰীবাদী সমাজ কৰ্মী আৰু ৰাজনীতিবিদ। চোবে নিজকে দলিত বুলিও পৰিচয় দিয়ে আৰু নেপালত নাৰীবাদী দলিত সংগঠন (FEDO)ৰ তেওঁ প্ৰতিষ্ঠাপক। দেশৰ মানৱ অধিকাৰ কৰ্মী হিচাপে কাম কৰা চোবে নেপাল ছ’চিয়েলিষ্ট পাৰ্টিৰ সৈতে জড়িত।
-
দুৰ্ধৰা
দুৰ্ধৰা আছিল খ্ৰীষ্টীয় দ্বাদশ শতিকাৰ হেমচন্দ্ৰৰ জৈন গ্ৰন্থ পৰিষিতপৰ্বন অনুসৰি, খ্ৰীষ্টপূৰ্ব চতুৰ্থ শতিকাৰ প্ৰাচীন ভাৰতৰ মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক চন্দ্ৰগুপ্ত মৌৰ্যৰ সম্ৰাজ্ঞী। এই গ্ৰন্থত তেওঁক দ্বিতীয় মৌৰ্য সম্ৰাট বিন্দুসাৰৰ মাতৃ বুলি উল্লেখ কৰা হৈছে যাক অমিত্ৰঘাট বুলিও কোৱা হয়।
-
দেৱিকা
দেৱিকা দেৱদোছ (জন্ম: প্ৰমীলা দেৱী; Devika Devadoss; ২৫ এপ্ৰিল ১৯৪৩ – ২ মে' ২০০২) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে তামিল, তেলুগুৰ উপৰিও কেইখনমান মালয়ালম, কানাড়া, আৰু হিন্দী ছবিত কাম কৰিছিল। তেওঁ ষাঠিৰ দশকৰ অন্যতম জনপ্ৰিয় মুখ্য অভিনেত্ৰী।
-
দেৱেন দত্ত
দেৱেন দত্ত (Deven Dutta) অসমৰ এগৰাকী লেখক, শিক্ষাবিদ আৰু সক্ৰিয় ৰাজহুৱা কৰ্মী আছিল। কটন কলেজৰ উপাধ্যক্ষ ৰূপে তেওঁ চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। তেওঁ সক্ৰিয় ৰাজনীতিৰ সৈতেও জড়িত আছিল আৰু গুৱাহাটী লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। ভাষাৰ শুদ্ধ উচ্চাৰণৰ ক্ষেত্ৰত তেওঁ জোৰ দিছিল।
-
দৈৱচন্দ্ৰ তালুকদাৰ
দৈৱচন্দ্ৰ তালুকদাৰ (DAIBA CHANDRA TALUKDAR) অসমীয়া সাহিত্যৰ পাঠক সমাজত এগৰাকী ঔপন্যাসিক হিচাপে সুপৰিচিত। ছাত্ৰাবস্থাৰ পৰাই সাহিত্য চৰ্চা কৰা তলুকদাৰে ঔপন্যাসৰ উপৰিও গল্প আৰু কবিতাও ৰচনা কৰিছিল। অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰ 'মিলন'ৰ প্ৰতিষ্ঠা আৰু প্ৰকাশত তেওঁ আগভাগ লৈছিল।
-
দ্বিতীয় ৰাজ সিংহ
মহাৰাণা দ্বিতীয় ৰাজ সিংহ (২৫ এপ্ৰিল ১৭৪৩ – ৩ এপ্ৰিল ১৭৬১), মেৱাৰ ৰাজ্যৰ মহাৰাণা আছিল (ৰাজত্ব: ১৭৫৪–১৭৬২)। তেওঁ পিতৃ দ্বিতীয় মহাৰাণা প্ৰতাপ সিংহৰ মৃত্যুৰ পাছত জন্মগ্ৰহণ কৰা একমাত্ৰ পুত্ৰ আছিল আৰু খুৰাক মহাৰাণা দ্বিতীয় অৰি সিংহৰ তত্ত্বাৱধানত ডাঙৰ হৈ পিতৃৰ উত্তৰাধিকাৰী হিচাপে ঘোষিত হৈছিল, যিয়ে…
-
দ্ৰুকপা কুনলী
দ্ৰুকপা কুনলী(১৪৫৫-১৫২৯)ক কুঙ্গা লেগপাই জাংপো, দ্ৰুকপা কুঁলেগ, ব্ৰুগ-পা-কুন-লেগ্স, আৰু কুঙ্গা লেগপা আদি নামেৰেও জনা যায়। ড্ৰেগন বংশৰ উন্মাদ সন্ত বুলি পৰিচিত কুনলী তিব্বতীয় মহামুদ্ৰা পৰম্পৰাত এজন বৌদ্ধ সন্ন্যাসী আৰু মিছনাৰী আছিল, লগতে এজন বিখ্যাত কবি আছিল।
-
ধনবন্তী ৰামা ৰাউ
ধনবন্তী লেডী ৰামা ৰাউ (Dhanvanthi, Lady Rama Rau, ১৮৯৩–১৯৮৭) ভাৰতীয় পৰিয়াল পৰিকল্পনা সংস্থা আৰু আন্তঃৰাষ্ট্ৰীয় পৰিকল্পিত অভিভাৱকত্ব ফেডাৰেচনৰ প্ৰতিষ্ঠাপক আৰু সভাপতি আছিল। তেওঁ ছাৰ বেনেগল ৰামা ৰাউৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল৷