অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কেশৱ কায়স্থ

কেশৱ কায়স্থ (Keshav kayastha) হৈছে এগৰাকী অসমীয়া সাহিত্যিক।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৬ ৭৩ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

কেশৱ কায়স্থ (Keshav kayastha) হৈছে এগৰাকী অসমীয়া সাহিত্যিক।

বংশ আৰু পৰিচয়

কেশৱ কায়স্থ আছিল শংকৰদেৱৰ ভায়েক বনগঞাগিৰি অথবা ৰামৰায়ৰ নাতি।

সাহিত্যৰাজি

কেশৱ কায়স্থই ভাগৱতৰ সপ্তম স্কন্ধ আৰু নৱম স্কন্ধ অনুবাদ কৰে। নৱম স্কন্ধত সুকন্যাৰ আখ্যান,দুৰ্বাসা অম্বৰীশৰ কথা, ইক্ষাকু বংশৰ কাহিনী, কাৰ্তবীৰ্যাঅৰ্জুনৰ কীৰ্তিকলাপ,যযাতি দেৱযানীৰ আখ্যান আদি ভালেখিনি কথা-কাহিনী পোৱা যায়।১ কেশৱ কায়স্থ পাণ্ডিত্য আৰু দুয়োটা গুণেৰে অধিকাৰি আছিল।

সম্পাদিত গ্ৰন্থ

কেশৱ কায়স্থই অষ্টম স্কন্ধৰ 'গ্ৰাহগজেন্দ্ৰ উপাখ্যান' ৰচনা কৰাৰ উল্লেখ পোৱা যায়। এওঁ খ্ৰীষ্টীয় সপ্তদশ শতিকাৰ শেষাৰ্ধত উক্ত পুথিকেইখন ৰচনা কৰে।২

তথ্যসূত্ৰ

  1. ↑ অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত,সম্পা: ড° সত্যেন্দ্ৰনাথ শৰ্মা, দশম সংস্কৰণ ২০১৮, পৃষ্ঠা নং: ১৭৯,১৮০
  2. ↑ অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, সম্পা: ড° সত্যেন্দ্ৰনাথ শৰ্মা, দশম সংস্কৰণ ২০১৮, পৃষ্ঠা নং: ১৮০

সম্পৰ্কিত শ্ৰেণী

অসমীয়া কবি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কেশৱ কায়স্থ” প্ৰবন্ধৰ সংশোধন ৬৩৯৬৪৭ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।