কাঞ্চনা ( Kanchana; জন্ম: ১৬ আগস্ট ১৯৩৯) ভাৰতৰ তামিল চলচ্চিত্ৰ জগতৰ এগৰাকী অভিনেত্ৰী। তামিলৰ উপৰিও তেওঁ তেলেগু ছবিতো কাম কৰি আহিছে। ১৯৬০ চনত তামিল চলচ্চিত্ৰ জগতত তেওঁ কাঞ্চনা নামেৰে সুপৰিচিত আছিল।১২
বসুন্ধৰা দেৱী হিচাপে জন্মগ্ৰহণ কৰা কাঞ্চনা প্ৰথমে এয়াৰ হোষ্টেছ আছিল। এবাৰ তামিল চলচ্চিত্ৰ পৰিচালক চি. ভি. শ্ৰীধৰ তেওঁৰ বিমানৰ যাত্ৰী আছিল। তেওঁক দেখি পচন্দ হৈ চলচ্চিত্ৰত অভিনয়ৰ প্ৰস্তাৱ দিয়ে। কাঞ্চনা মান্তি হয় আৰু তেওঁ অভিনয় কৰা প্ৰথমখন ছবি আছিল কদলিক্কা নেৰামল্লাই (১৯৬৪); তাৰ পৰাই তেওঁৰ নাম কাঞ্চনা নামেৰে পৰিচিত হৈ উঠে।৩
তথ্যসূত্ৰ
- ↑ Girija Pandey, Kanchana donate crores to TTD. দ্য হিন্দু
- ↑ Chowdhary, Y. Sunita. (18 August 2012). 'Nothing is permanent'. The Hindu
- ↑ Ramachandban, T. M. (9 May 1964). Sridhars's New Discovery. Sport and Pastime
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাঞ্চনা (অভিনেত্ৰী)” প্ৰবন্ধৰ সংশোধন ৬৩৯৫২৬ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।