কমলালয়া কাকতি(Kamalalaya Kakoti) হৈছে প্ৰথম অসমীয়া মহিলা আলোচনী 'ঘৰ জেউতি'ৰ প্ৰতিষ্ঠাপক সম্পাদক।১২
জন্ম পৰিচয়
১৮৯৪ চনত শিৱসাগৰত কমলালয়া কাকতিৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম কালীপ্ৰসাদ চলিহা আৰু মাতৃৰ নাম নিকুঞ্জলতা চলিহা।১
বিবাহ
কমলালয়াৰ ১৯০৮ চনত মাত্ৰ চৈধ্য বছৰ বয়সত কমলচন্দ্ৰ কাকতিৰ লগত বিবাহ হয়। কালক্ৰমত তেওঁলোকৰ এটি পুত্ৰ সন্তান জন্ম হয়। কিন্তু স্বামীয়ে পিছত দ্বিতীয় বিবাহৰ প্ৰস্তুতি চলায়। সেইদেখি কমলালয়াই পুত্ৰসহিতে পিতৃগৃহলৈ গুচি আহে।১
কৰ্মজীৱন
কমলালয়া কাকতিয়ে শিৱসাগৰত সক্ৰিয়ভাৱে বিভিন্ন সামাজিক কাম-কাজত আত্মনিয়োগ কৰে। কমলালয়াই বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠা কৰাত মুখ্য ভূমিকা গ্ৰহণ কৰে। তাৰ ভিতৰত শিৱসাগৰত গঠিত শিল্পী-ভাৰত, মহিলা সন্মিলনী আদি প্ৰধান। তেওঁৰ নবৌয়েক কনকলতা চলিহাৰ সৈতে লগলাগি ১৯২৮ চনত যুটীয়াভাৱে প্ৰকাশ কৰে 'ঘৰ জেউতি' নামৰ এখন আলোচনী। এইখনেই অসমৰ প্ৰথমখন মহিলা আলোচনী। ১৯৩৫ চনত 'ঘৰ জেউতি'ৰ প্ৰকাশ বন্ধ হৈ যায়।১
সাহিত্যৰাজি
মৃত্যু
১৯৪৬ চনৰ ২৪ জুনত কমলালয়া কাকতিৰ মৃত্যু হয়।১২
তথ্যসূত্ৰ
- ↑ শান্তনু কৌশিক বৰুৱা. (আগষ্ট,২০২১). সংক্ষিপ্ত অসম বিশ্বকোষ. প্ৰীতিমা কৌশিক বৰুৱা, সঞ্জীৱন প্ৰকাশন. পৃ. ৩২৪. ISBN 978-81-950015-4-5
- ↑ বৰ্ণালী হাজৰিকা. (December 14, 2012). প্ৰথম অসমীয়া মহিলা. সাহিত্য ডট অৰ্গ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কমলালয়া কাকতি” প্ৰবন্ধৰ সংশোধন ৬৩৬২৫৫ (১৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।