কৱীন্দ্ৰ পাত্ৰ' (? - ১৬২৮) অসমৰ পশ্চিম অঞ্চলৰ লোক। পিতৃদত্ত নাম আছিল বাণীনাথ। কোচ ৰজা বিশ্বসংহৰ দ্বাৰ পণ্ডিত আৰু মন্ত্ৰী আছিল। পিতামহ নৰহৰি আৰু বিশ্বসিংহৰ গুৰু সাৰ্বভৌম ভট্টাচাৰ্যৰ ওচৰত শিক্ষা লোৱাৰ পাছত কৱীন্দ্ৰ নাম পায়। এখেতে কোচ ৰজা নৰনাৰায়ণ আৰু ভাতৃ চিলাৰায়ৰ লগত কাশীত সংস্কৃত অধ্যয়ন কৰিছিল, লগতে যুদ্ধ বিদ্যাও শিকিছিল। নৰনাৰায়ণৰ ৰাজসভাৰ প্ৰধানমন্ত্ৰী আছিল। চিলাৰায়ৰ বহুতো যু্দ্ধত সহযোগী আছিল। নৰনাৰায়ণৰ মৃত্যুৰ পাছত লক্ষ্মীনাৰয়ণ ৰাজসভাৰপৰা মন্ত্ৰী ভঙা যায়। তেতিয়া চিলাৰায়ৰ পুত্ৰ ৰঘূদেৱে তেখেতক কোচ হাজোলৈ মাতি নি ৰাজ্যৰ প্ৰধানমন্ত্ৰী পাতে। ৰঘুদেৱৰ পুত্ৰ পৰীক্ষিতনাৰায়ণক মোগলে ধৰি নিয়াৰ পাছত তেখেতৰ বাতৰি ল'বলৈ আগ্ৰালৈ গৈছিল। কিন্তু ইতিমধ্যে পৰীক্ষিত মৃত্যু হৈছিল। মোগল বাদচাহে তেখেতক বিস্তৰ ভূমি-সম্পত্তি দান দিয়াৰ উপৰিও এজন নবাবৰ অধীনত কাননগো বা প্ৰাদেশিক শাসনকৰ্তা পাতে।১
তথ্যসূত্ৰ
- ↑ বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী, পৃ: ৪৭-৪৮
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কৱীন্দ্ৰ পাত্ৰ” প্ৰবন্ধৰ সংশোধন ১১৩৭৪৫ (১ ফেব্ৰুৱাৰী ২০১৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।