অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কৃতিকা কামৰা

কৃতিকা কামৰাৰ জন্ম হয় ১৯৮৮ চনৰ ২৫ অক্টোবৰত। কৃতিকাই মধ্যপ্ৰদেশৰ এক হিন্দু ধৰ্মাৱলম্বী পৰিয়ালত জন্ম গ্ৰহন কৰিছিল যদিও কৃতিকাই স্কুলীয়া শিক্ষা দিল্লী পাব্লিক স্কুলৰ পৰাই লৈছিল। অতি কম সময়ৰ ভিতৰতেই ভাৰতীয় টেলিভিছনৰ ধাৰবাহিক জগতত নিজৰ প্ৰতিভাৰ প্ৰসাৰ ঘতাবলৈ সক্ষম হৈছিল কৃতিকাই।

হালনাগাদ: ২৭ জানুৱাৰী ২০১৯ ১৪৭ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

কৃতিকা কামৰাৰ জন্ম হয় ১৯৮৮ চনৰ ২৫ অক্টোবৰত।১ কৃতিকাই মধ্য প্ৰদেশৰ এক হিন্দু ধৰ্মাৱলম্বী পৰিয়ালত জন্ম গ্ৰহন কৰিছিল যদিও কৃতিকাই স্কুলীয়া শিক্ষা দিল্লী পাব্লিক স্কুলৰ পৰাই লৈছিল। অতি কম সময়ৰ ভিতৰতেই ভাৰতীয় দূৰদৰ্শনৰ ধাৰবাহিক জগতত নিজৰ প্ৰতিভাৰ প্ৰসাৰ ঘতাবলৈ সক্ষম হৈছিল কৃতিকাই। কৃতিকাৰ দেউতাক পেছাত এজন চিকিৎসক আছিল। কৃতিকাই NIEF ত ডিগ্ৰী কৰি থাকোতেই NDTV Imagineত “কিতনি মোহূবত হেঁ” ধাৰাবাহিক আৰম্ভ কৰিছিল আৰু এই ধাৰাবাহিক খনৰ বাবেই তেওঁ কলেজ এৰিব লগীয়া হৈছিল আৰু ডিগ্ৰী আধাতে সামৰণি মাৰে। কিন্তু বৰ্তমান কৃতিকাই মুম্বাইৰ পৰা কলা বিষয় ডিগ্ৰী কৰি আছে। কৃতিকাই তেওঁৰ অভিনয়েৰে সমগ্ৰ ভাৰতীয়ৰ মন আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। তেওঁ বহুকেইখন ধাৰাবাহিকত অভিনয় কৰিছে আৰু বৰ্তমান তেওঁ 'চ'নী টিভিৰ (SONY TV) “কুছ তো লোগ কহেংগে” নামৰ ধাৰাবাহিক খনত ডক্টৰ নিধি বৰ্মা হিচাপে অভিনয় কৰি আছে।

কৃতিকা আভিনীত ধাৰাবাহিক সমুহ

  • কিতনি মোহব্বত হেঁ- (আৰুহি)২
  • কিতনি মোহব্বত হেঁ-২- (আৰুহি)
  • প্যাৰ কা বন্ধন- (প্ৰতিক্ষা)
  • যাৰা নাছকে দিখা- (কৃতিকা কামৰা )
  • কুছ তো লোগ কহেংগে- (ডক্টৰ নিধি বৰ্মা)২

তথ্যসূত্ৰ

  1. ↑ Welcome to Kritika Kamra's Profile
  2. ↑ TV Shows of Kritika Kamra

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কৃতিকা কামৰা” প্ৰবন্ধৰ সংশোধন ১৮৯০৯৫ (২৭ জানুৱাৰী ২০১৯)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।