অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কৃষ্ণ কুমাৰী কোহলী

কৃষ্ণ কুমাৰী কোহলী ১৯৭৯ চনৰ ১ ফেব্ৰুৱাৰীত জন্মগ্ৰহণ কৰা এজন পাকিস্তানী ৰাজনীতিবিদ যিয়ে ২০১৮ চনৰ মাৰ্চ মাহৰপৰা পাকিস্তানৰ ছিনেটৰ সদস্য হিচাপে কাম কৰি আহিছে। এই পদত অধিষ্ঠিত তেওঁ দ্বিতীয়গৰাকী হিন্দু মহিলা।

হালনাগাদ: ২২ ফেব্ৰুৱাৰী ২০২৬ ১৩৪ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

কৃষ্ণ কুমাৰী কোহলী ১৯৭৯ চনৰ ১ ফেব্ৰুৱাৰীত জন্মগ্ৰহণ কৰা এজন পাকিস্তানী ৰাজনীতিবিদ যিয়ে ২০১৮ চনৰ মাৰ্চ মাহৰপৰা পাকিস্তানৰ ছিনেটৰ সদস্য হিচাপে কাম কৰি আহিছে। এই পদত অধিষ্ঠিত তেওঁ দ্বিতীয়গৰাকী হিন্দু মহিলা। নাৰীৰ অধিকাৰৰ বাবে আৰু বণ্ডেড লেবাৰৰ বিৰুদ্ধে চলোৱা অভিযানৰ বাবে তেওঁ পৰিচিত; আৰু ২০১৮ চনত বিবিচিৰ ১০০ গৰাকী প্ৰভাৱশালী মহিলাৰ ভিতৰত অন্যতম হিচাপে নিৰ্বাচিত হয়।১

প্ৰাথমিক জীৱন আৰু শিক্ষা

১৯৭৯ চনৰ ১ ফেব্ৰুৱাৰীত২ নাগৰপাৰকাৰৰ এখন গাঁৱৰপৰা২ অহা এটা দুখীয়া কোলি পৰিয়ালত কোহলীৰ জন্ম হয়।৩ যেতিয়া তেওঁ সৰু আছিল আৰু তৃতীয় শ্ৰেণীৰ ছাত্ৰী আছিল, উমেৰকট জিলাৰ এজন মালিকৰ মালিকানাধীন বুলি কোৱা ব্যক্তিগত কাৰাগাৰত বণ্ডেড শ্ৰমিক হিচাপে তিনি বছৰ ধৰি বন্দী কৰি ৰখা হৈছিল।৪৫ মালিকৰ মাটিত আৰক্ষীয়ে অভিযান চলাইহে মুকলি কৰি দিয়া হয়। প্ৰথমতে উমেৰকোট জিলাৰপৰা আৰু তাৰ পিছত মিৰপুৰখাছ জিলাৰপৰা প্ৰাথমিক শিক্ষা লাভ কৰে।২

১৯৯৪ চনত নৱম শ্ৰেণীত পঢ়ি থকাৰ সময়তে ১৬ বছৰ বয়সত তেওঁৰ বিবাহ হয়।২ বিয়াৰ পাছত তেওঁ শিক্ষা অব্যাহত ৰাখে আৰু ২০১৩ চনত সিন্ধ বিশ্ববিদ্যালয়ৰপৰা সমাজবিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।২

২০০৭ চনত ইছলামবাগৰ তৃতীয় মেহেৰগড় মানৱ অধিকাৰ যুৱ নেতৃত্ব প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰে য'ত তেওঁ পাকিস্তান চৰকাৰ, আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন, কৌশলগত পৰিকল্পনাৰ বিষয়ে অধ্যয়ন কৰে আৰু সামাজিক পৰিৱৰ্তন সৃষ্টিৰ বাবে ব্যৱহাৰ কৰিব পৰা সঁজুলিসমূহৰ বিষয়ে জানিব পাৰে।২

ৰাজনৈতিক কেৰিয়াৰ

থৰ অঞ্চলৰ প্ৰান্তীয় সম্প্ৰদায়ৰ অধিকাৰৰ বাবে প্ৰচাৰ চলাবলৈ কোহলীয়ে পাকিস্তান পিপলছ পাৰ্টি (পিপিপি)ত সামাজিক কৰ্মী হিচাপে যোগদান কৰে। তেওঁ মহিলাৰ অধিকাৰৰ বাবে, বন্ধন শ্ৰমিকৰ বিৰুদ্ধে আৰু কৰ্মক্ষেত্ৰত যৌন নিৰ্যাতনৰ বিৰুদ্ধেও প্ৰচাৰ চলায়।৪ ২০১৮ চনত তেওঁ পাকিস্তানৰ ছিনেট নিৰ্বাচনত সিন্ধৰ মহিলাসকলৰ বাবে সংৰক্ষিত আসনত পিপিপিৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হয়।৬৭ ২০১৮ চনৰ ১২ মাৰ্চত তেওঁ ছিনেটৰ হিচাপে শপত গ্ৰহণ কৰে।৮ ৰত্ন ভগৱানদাস চাওলাৰ পিছত তেওঁ ছিনেটলৈ নিৰ্বাচিত হোৱা দ্বিতীয়গৰাকী হিন্দু মহিলা আছিল।৪

২০১৮ চনত বিবিচিয়ে তেওঁক বিবিচিৰ ১০০ গৰাকী প্ৰভাৱশালী মহিলাৰ ভিতৰত অন্যতম বুলি ঘোষণা কৰে।১

২০২০ চনৰ কাৰাক মন্দিৰ আক্ৰমণৰ পিছত সংখ্যালঘু পূজাস্থলীত একেধৰণৰ আক্ৰমণৰপৰা হাত সাৰিবলৈ পাকিস্তানৰ ছিনেটত নতুন বিধেয়ক "ধৰ্মীয় সংখ্যালঘুৰ অধিকাৰ সুৰক্ষা বিল" উত্থাপন কৰা হয়। কিন্তু ইয়াক নাকচ কৰে জমিয়ত উলেমা-ই-ইছলাম (এফ) (জুই-এফ)ৰ চিনেটৰ আব্দুল গাফুৰ হাইদেৰিৰ নেতৃত্বত গঠিত ছিনেটৰ স্থায়ী সমিতিয়ে। কৃষ্ণ কুমাৰী কোহলীয়ে বৈঠকৰ সময়ত প্ৰতিবাদৰ ৰূপত ছিনেটৰপৰা ওলাই আহিছিল।৯

তথ্যসূত্ৰ

  1. ↑ Images Staff. (19 November 2018). Pakistani senator Krishna Kumari named in BBC's 100 Women 2018 list. Images
  2. ↑ (4 March 2018). In historic first, a Thari Hindu woman has been elected to the Senate. DAWN.COM
  3. ↑ Current Affairs January 2019 eBook Hindi: by Jagran Josh. Jagran Prakashan Ltd
  4. ↑ Dawood Rehman. (3 March 2018). Krishna Kumari becomes first Hindu Dalit woman senator of Pakistan. Daily Pakistan Global
  5. ↑ Samoon, Hanif. (4 February 2018). PPP nominates Thari woman to contest Senate polls on general seat. Dawn
  6. ↑ (3 March 2018). LIVE: PML-N-backed independent candidates lead in Punjab, PPP in Sindh - The Express Tribune. The Express Tribune
  7. ↑ Khan, Iftikhar A. (4 March 2018). PML-N gains Senate control amid surprise PPP showing. DAWN.COM
  8. ↑ (12 March 2018). Senate elect opposition-backed Sanjrani chairman and Mandviwala his deputy. The News
  9. ↑ (2 February 2021). Senate panel 'turns down' bill on minorities rights. The Tribune

সম্পৰ্কিত শ্ৰেণী

পাকিস্তানৰ মহিলা অধিকাৰ কৰ্মী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কৃষ্ণ কুমাৰী কোহলী” প্ৰবন্ধৰ সংশোধন ৫৮০৭১০ (২২ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।