গুণাকৰ দেৱ গোস্বামী (Gunakar Dev Goswami, ১৯৬৯-) এগৰাকী অসমীয়া নাট্যকাৰ আৰু নাট পৰিচালক। তেখেতে এইচ. কানাইলাল, এইচ. সাবিত্ৰী দেৱী, ললিত চন্দ্ৰ নাথ ওজা আদিৰ পৰা নাটকৰ শিক্ষা লাভ কৰিছে। সত্ৰীয়া নৃত্য, অঙ্কীয়া ভাওনা আৰু ওজাপালি-দেওধনী আদি বিষয়তো শিক্ষা লাভ কৰিছে। তেওঁ ১৯৯১ চনত ‘পূৰ্বৰঙ্গ’ নামৰ এটি নাট্যানুষ্ঠানৰ আৰম্ভ কৰে।১ এই নাট্যানুষ্ঠানৰ জৰিয়তে ভাওনা, ওজাপালি, নৃত্য আদিৰ শৈলীত তেখেতে বহুকেইখন নাটকৰ সম্পৰীক্ষা কৰিছে আৰু অসমৰ লগতে দেশ-বিদেশত নাটকৰ মঞ্চায়ন কৰিছে।২ ২০২২-২৩ বৰ্ষৰ বাবে তেখেতে নাটক পৰিচালনাৰ বাবে ভাৰত চৰকাৰৰ সংগীত নাটক একাডেমী বঁটা লাভ কৰিছে।৩ অসমত প্ৰায় ৩৫ বছৰৰো অধিক কাল তেওঁ নাটকৰ ক্ষেত্ৰখনত কাম কৰি আহিছে। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তত তেওঁ নাটক মঞ্চস্থ কৰাৰ লগতে তেওঁৰ পৰিচালনাত নাটক মঞ্চস্থ হৈছে আৰু নাটকৰ কৰ্মশালা অনুষ্ঠিত হৈছে।৪
জন্ম আৰু পৰিচয়
তেখেতৰ জন্ম হৈছিল ১৯৬৯ চনৰ ১ অক্টোবৰ তাৰিখে গুৱাহাটী চহৰত। পিতৃৰ নাম যতীন গোস্বামী আৰু মাতৃৰ নাম কমলা গোস্বামী। পত্নীৰ নাম সেউজপ্ৰিয়া বৰঠাকুৰ।১
শিক্ষা
- তেখেতে নুনমাটি প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি পূব গুৱাহাটী হাইস্কুলত মাধ্যমিক শিক্ষা লাভ কৰে।
- ১৯৮৫ঃ পূব গুৱাহাটী হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ।
- ১৯৮৭ঃ গুৱাহাটী কলেজত হায়াৰছেকেণ্ডৰী শিক্ষা লাভ।
- ১৯৯০ঃ বি. বৰুৱা কলেজৰ পৰা ৰাজনীতি বিজ্ঞান বিষয়ত স্নাতক ডিগ্ৰী।
প্ৰকাশিত গ্ৰন্থৰাজি
- অভিনয় চৰ্চা, পূৰ্বৰঙ্গ প্ৰকাশন, ২০১৯
- গুণাকৰ দেৱ গোস্বামীৰ পাঁচখন নিৰ্বাচিত নাটক, পূৰ্বৰঙ্গ প্ৰকাশন, ২০১৯
নাটক
তেখেতৰ দ্বাৰা ৰচিত আৰু প্ৰযোজিত কেইখনমান নাটকৰ নাম হ’ল- চিচিফাচ (১৯৯৪), জেৰেঙা (১৯৯৫), দেওধাই (১৯৯৭), বীৰাংগনা (২০০২), সতী (২০০৩), ৰত্নাকৰ (২০০৬), অভিজ্ঞানম (২০০৭), তুলা আৰু তেজা (১৯৯৮), সন্ত্ৰাস (১৯৯৮), উষা পৰিনয়, বাসৱদত্ত, হুইলচেয়াৰ (২০০২), মহানগৰ,আৰু পাপ, লজ্জা (২০১৩) Black and White, ভয়, লীলা, আশা, মইনা মেলৰ যুঁজ, মীৰা...মাজুলীৰ এজনী ছোৱালী, গোপাল গোবিন্দ যদুনন্দন আদি।
বঁটা আৰু সন্মান
- ভাৰত চৰকাৰৰ সংগীত নাটক একাডেমী বঁটা, ২০২২-২৩
- অসম নাট্য সন্মিলনৰ ‘মহেন্দ্ৰ বৰঠাকুৰ ৰাজ্যিক বঁটা’, ২০২০
- তেজপুৰৰ বান থিয়েটাৰৰ ‘হেমন্ত কুমাৰ বৰুৱা ৰাজ্যিক বঁটা, ২০২২
- শিৱসাগৰ কমাৰ্চ কলেজৰ ‘সন্তোষ কুমাৰ কৰ্মকাৰ বঁটা, ২০২৩
- মিনিষ্ট্ৰী অৱ কালচাৰ, ইণ্ডিয়াৰ ‘জে.আৰ. ফেল’শ্বিপ, ২০০১৫
তথ্যসূত্ৰ
- ↑ প্ৰভাত ভূঞা. (২০১৮). গুণাকৰ দেৱ গোস্বামী আৰু তেওঁৰ নাটক. পৃ. ১১
- ↑ কাকতৰ সাংস্কৃতিক প্ৰতিনিধি. (৮ এপ্ৰিল, ২০০৪). ৰাজ্যৰ বাহিৰত প্ৰশংসিত ‘পূৰ্বৰংগ’ৰ নাট্য প্ৰযোজনা
- ↑ ঘোষণা কৰা হ’ল ২০২২-২৩ বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা। দৈনন্দিন বাৰ্তা কাকত
- ↑ Dept. Bureao. (2018). Curtain Call! News Article. পৃ. 2
- ↑ Meenakshi Gautam. (2008). In Search of Roots
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গুণাকৰ দেৱ গোস্বামী” প্ৰবন্ধৰ সংশোধন ৬১২৭২৬ (১৭ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।