গাগিনী ডেকা মহন্ত (?-১৭৭০)-ৰ জন্ম হৈছিল মায়ামৰা সত্ৰত। তেওঁৰ দেউতাক আছিল সন্তভুজ। সন্তভুজ অষ্টভুজ নামেৰেও জনাজাত আছিল। চাওফা চুৰেম্ফা দেৰগাঁৱৰ পৰা ৰংপুৰলৈ যাওঁতে বাটতে ৰজাক সোধপোচ কৰাত দোষ কৰা বুলি ধৰি কীৰ্তিচন্দ্ৰ বৰবৰুৱাই এওঁক অপমান কৰিছিল আৰু শাৰীৰিকভাৱে নিৰ্যাতন চলাইছিল। ইয়াৰ প্ৰতিৰোধ লোৱাৰ উদ্দেশ্যে নামঘৰ সাজিম বুলি মলৌ পথাৰত সকলো শিষ্যক গোট খুৱাই বাঘ মৰাণ, নাহৰখোৰা আদিৰ লগ হৈ ৰজাঘৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল। সেই অপৰাধতে ৰাজেশ্বৰ সিংহৰ মৃত্যুৰ পিছত স্বৰ্গদেউ লক্ষ্মীসিংহৰ সৈন্যৰ হাতত পিতা-পুত্ৰ দুয়োৰে মৃত্যু হৈছিল১।
তথ্যসূত্ৰ
- ↑ বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী. পৃ: ৭০
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গাগিনী ডেকা মহন্ত” প্ৰবন্ধৰ সংশোধন ২৫৪০৩১ (১১ ডিচেম্বৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।