গুঞ্জন চাক্সেনা (জন্ম ১৯৭৫) এগৰাকী ভাৰতীয় বায়ুসেনা বাহিনীৰ অফিচাৰ আৰু হেলিকপ্টাৰ পাইলট। ১৯৯৬ চনত বায়ুসেনা বাহিনীত যোগদান কৰা চাক্সেনা ১৯৯৯ চনৰ কাৰ্গিল যুদ্ধৰ প্ৰবীণ সৈনিক।১২৩ সমুখ সমৰত উৰাজাহাজ চলোৱা প্ৰথম মহিলাসকলৰ ভিতৰত তেওঁ অন্যতম। কাৰ্গিল যুদ্ধৰ সময়ত তেওঁৰ মূল ভূমিকা আছিল কাৰ্গিলৰ পৰা আহতসকলক উলিয়াই অনা, সামগ্ৰী পৰিবহণ কৰা, আৰু চোৰাংচোৱাগিৰিত সহায় কৰা।১ তাৰ পাছত কাৰ্গিলৰ পৰা আহত আৰু মৃত ৯০০ৰো অধিক সৈন্যক উলিয়াই অনাৰ অভিযানত অংশ লৈছিল। ২০০৪ চনত আঠ বছৰ পাইলট হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ পিছত হেলিকপ্টাৰ পাইলট হিচাপে তেওঁৰ কেৰিয়াৰৰ অন্ত পৰে; তেওঁৰ সময়ত মহিলাসকলৰ বাবে স্থায়ী নিযুক্তি উপলভ্য নাছিল। ৩৪
কিৰণ নিৰ্বাণৰ সৈতে তেওঁ লিখা আত্মজীৱনী দ্য কাৰ্গিল ৱাৰৰ সৈতে চিনেমাখনো পেংগুইন প্ৰকাশনে মুকলি কৰিছিল।
প্ৰাৰম্ভিক জীৱন
সেনাবাহিনীৰ পৰিয়ালত জন্মগ্ৰহণ কৰা ৫ ছাক্সেনাৰ পিতৃ লেফটেনেণ্ট কৰ্ণেল অনুপ কুমাৰ ছাক্সেনা আৰু ভাতৃ লেফটেনেণ্ট কৰ্ণেল অংশুমান দুয়োজনেই ভাৰতীয় সেনাবাহিনীত কৰ্মৰত আছিল।৩ চাক্সেনাই নতুন দিল্লীৰ দিল্লী বিশ্ববিদ্যালয়ৰ হন্সৰাজ কলেজৰ পৰা পদাৰ্থ বিজ্ঞানত বিজ্ঞান স্নাতক ডিগ্ৰী লাভ কৰে।
ভাৰতীয় বায়ুসেনা
১৯৯৬ চনত ভাৰতীয় বায়ুসেনাত পাইলট হিচাপে যোগদান কৰা ছয়গৰাকী মহিলাৰ ভিতৰত চাক্সেনা অন্যতম। ভাৰতীয় বায়ুসেনাৰ মহিলা প্ৰশিক্ষাৰ্থীৰ সেয়া চতুৰ্থ বৰ্ষ আছিল। ৩ ছাক্সেনাৰ প্ৰথম পোষ্টিং আছিল উধামপুৰত, ১৩২ ফৰৱাৰ্ড এৰিয়া কণ্ট্ৰলৰ অংশ হিচাপে ফ্লাইট লেফটেনেণ্ট হিচাপে।২৪
তথ্যসূত্ৰ
- ↑ Bhadani, Priyanka. (26 July 2020). Gunjan Saxena never thought in her wildest dreams she would inspire a film. The Week
- ↑ Menon, Smitha. (16 June 2020). The story of Gunjan Saxena, one of India's first women in combat. Condé Nast Traveller India
- ↑ Javaid, Arfa. (10 June 2020). Gunjan Saxena Biography: Early Life, Education, Career, Awards and Unknown Facts. Jagranjosh.com
- ↑ Rawat, Rachna Bisht. (17 July 2019). Meet Flying Officer Gunjan Saxena, India's only woman warrior in the Kargil war. Scroll.in
- ↑ Talwar, Shikha. (9 June 2020). This is the real story of Saxena, the Kargil girl who has inspired Janhvi Kapoor's next film. GQ India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গুঞ্জন চাক্সেনা” প্ৰবন্ধৰ সংশোধন ৬৩৫৯০৩ (১৭ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।