গজেন নৰহ (ইংৰাজী ভাষা: Gajen Narah) মিচিং আৰু অৰুণাচলৰ আদি জনগোষ্ঠীৰ ভাষাৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী। গজেন নৰহে সংগীতৰ মাধ্যেমেৰে অসম আৰু অৰুণাচলৰ সাংস্কৃতিক এনাজৰী শক্তিশালী কৰি গৈছে। ১
জন্ম
১৯৫৫ চনত শদিয়াৰ গড়চলা গাঁৱত তেখেতৰ জন্ম হয়। এইগৰাকী মহান শিল্পীয়ে মাত্ৰ ১৩ বছৰ বয়সৰ পৰাই ঐঃনিতম গাই বহুলভাৱে চৰ্চিত হৈছিল।২
জনপ্ৰিয় গান
তেখেতে মিচিং আৰু আদি ভাষাত বহুতো জনপ্ৰিয় গানত কণ্ঠদান কৰিছে। তেওঁৰ কিছুমান জনপ্ৰিয় গান হ'ল―
১/ Asin Agomdém Yégla Méyobong
২/Ayang Apíem Gedola
৩/ Nokké Ngilnam dém
৪/ Ngokké Kaling Runam
৫/ Donyi Goklingé
৬/ Kangkito
৭/ Birmé Nokké Yenam
৮/ Ngonyiké Karik
৯/ Ménam Konénga
১০/ Yummang A:rabo
একালত পাহাৰ-ভৈয়াম খলকনি তোলা গজেন নৰহৰ " আ'চিন আগমদে'ম" শীৰ্ষক গীতটো আজিও অসম- অৰুণাচল প্ৰদেশৰ শ্ৰুতাৰ মাজত সমানেই জনপ্ৰিয় হৈ আছে।৩
মৃত্যু
দীৰ্ঘদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ থকাৰ পাছত ২০২৫ চনৰ জুলাই মাহত এইগৰাকী মহান শিল্পীৰ পৰলোকপ্ৰাপ্তি ঘটে।
তথ্যসূত্ৰ
- ↑ www.asomiyapratidin.in/assam/gajen-narah-unwell অসমীয়া প্ৰতিদিন। আহৰণ কৰা হৈছে। সংগ্ৰহৰ তাৰিখ ২৯ মে', ২০২৬
- ↑ www.asomiyapratidin.in/assam/gajen-narah-unwell। অসমীয়া প্ৰতিদিন
- ↑ www.asomiyapratidin.in/assam/gajen-narah-unwell অসমীয়া প্ৰতিদিন। আহৰণ কৰা হৈছে।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গজেন নৰহ” প্ৰবন্ধৰ সংশোধন ৬১০৮১৯ (১ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।