অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ক্ষুদিৰাম বসু

ক্ষুদিৰাম বসু (বাংলা: ক্ষুদিব়াম বসু, ইংৰাজী: Khudiram Bose; ৩ ডিচেম্বৰ ১৮৮৯ – ১১ আগষ্ট ১৯০৮) ভাৰতত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে যুঁজ দিয়া এজন ভাৰতীয়-বাঙালী বিপ্লৱী। প্ৰফুল্ল চাকিৰ সৈতে ক্ষুদিৰামে গাড়ীত থকা বুলি ভাবি ব্ৰিটিছ ন্যায়াধীশ আৰু দণ্ডাধীশ কিংছফৰ্ডক হত্যা কৰিবলৈ বোমা নিক্ষেপ কৰিছিল।

হালনাগাদ: ২৯ আগষ্ট ২০২৫ ১৩০ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

ক্ষুদিৰাম বসু (বাংলা: ক্ষুদিব়াম বসু, ইংৰাজী: Khudiram Bose; ৩ ডিচেম্বৰ ১৮৮৯ – ১১ আগষ্ট ১৯০৮) ভাৰতত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে যুঁজ দিয়া এজন ভাৰতীয়-বাঙালী বিপ্লৱী।

প্ৰফুল্ল চাকিৰ সৈতে ক্ষুদিৰামে গাড়ীত থকা বুলি ভাবি ব্ৰিটিছ ন্যায়াধীশ আৰু দণ্ডাধীশ কিংছফৰ্ডক হত্যা কৰিবলৈ বোমা নিক্ষেপ কৰিছিল। দণ্ডাধীশ কিংছফৰ্ড আন এখন গাড়ীত আছিল, যাৰ ফলত দুগৰাকী ব্ৰিটিছ মহিলা মিচেছ কেনেডী আৰু তেওঁৰ কন্যাৰ মৃত্যু হৈছিল। গ্ৰেপ্তাৰ হোৱাৰ পূৰ্বে প্ৰফুল্ল চাকীয়ে আত্মহত্যা কৰে। ক্ষুদিৰামক গ্ৰেপ্তাৰ কৰা হয়। দুগৰাকী মহিলাৰ গুপ্তহত্যাৰ গোচৰত তেওঁৰ বিচাৰ হৈছিল আৰু শেষত মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছিল। ১

ফাঁচীৰ সময়ত ক্ষুদিৰামৰ বয়স আছিল ১৮ বছৰ ৭ মাহ ১১ দিন, যাৰ ফলত তেওঁ ভাৰতৰ আটাইতকৈ কম বয়সীয়া বিপ্লৱী। বাল গংগাধৰ তিলকে তেওঁৰ কেশৰী কাকতত দুজন যুৱকক সমৰ্থন কৰি তাৎক্ষণিক স্বৰাজৰ বাবে মাত মাতিছিল। ইয়াৰ ফলত ব্ৰিটিছ ঔপনিৱেশিক চৰকাৰে ততাতৈয়াকৈ তিলকক দেশদ্ৰোহৰ অপৰাধত গ্ৰেপ্তাৰ কৰে।

তথ্যসূত্ৰ

  1. ↑ Calcutta High Court Khudiram Bose vs Emperor on 13 July, 1908. Indian Kanoon

সম্পৰ্কিত শ্ৰেণী

বিপ্লৱী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ক্ষুদিৰাম বসু” প্ৰবন্ধৰ সংশোধন ৫৩৫৮৫৪ (২৯ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।