অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

গীতা হাতীকাকতি

গীতা হাতীকাকতি ( Gita Hatikakoti) এগৰাকী অসমীয়া গীতিকাৰ, কবি আৰু সাহিত্যিক আছিল। তেখেত আকাশবাণীৰ স্বীকৃতিপ্ৰাপ্ত গীতিকাৰ আছিল।

হালনাগাদ: ৩১ জুলাই ২০২৫ ৫৮ শব্দ · ১ মিনিট সংগৃহীত ৯০
সংশোধনৰ পৰামৰ্শ

গীতা হাতীকাকতি ( Gita Hatikakoti) এগৰাকী অসমীয়া গীতিকাৰ, কবি আৰু সাহিত্যিক আছিল। তেখেত আকাশবাণীৰ স্বীকৃতিপ্ৰাপ্ত গীতিকাৰ আছিল। তেখেতে এখনি পানচৈ উটি যায় আহা না, তৰা আখৰে কবিতা লিখি, জোন জ্বলে সপোনৰ, সোণফুল যেন ৰ'দৰ পখিলা, নিলগতে থাকা নাহিবা কাষলে আদি গীত ৰচনা কৰিছিল। তেখেতে ১৯৯০ চনত প্ৰথম প্ৰকাশ হোৱা আধাৰ আলোচনীৰো সম্পাদিকাৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০০৪ চনত অসম চৰকাৰে গীতিকাৰগৰাকীক সাহিত্যিক পেন্সন আৰু ২০১৬ চনত শিল্পী বঁটা প্ৰদান কৰে।১২

জন্ম আৰু পৰিয়াল

১৯৪৩ চনৰ ২৬ অক্টোবৰত গীতা হাতীকাকতিৰ জন্ম হৈছিল।৩৪ জন্মস্থান আছিল যোৰহাট। তেখেতৰ পিতৃ আছিল অধিবক্তা যদুনাথ বৰুৱা। মাতৃ আছিল কমলিনী দেৱী।

শিক্ষাজীৱন

যোৰহাট দেৱীচৰণ বৰুৱা প্ৰাথমিক বালিকা বিদ্যালয়, যোৰহাট চৰকাৰী ছোৱালী উচ্চ বিদ্যালয় আৰু শ্বিলঙৰ লেডীকীন গাৰ্লচ কলেজৰ পৰা তেখেতে শিক্ষাগ্ৰহণ কৰে।৪

গীত চৰ্চা

গীতা হাতীকাকতিয়ে সাত বছৰ বয়সতে প্ৰথম দুটা কবিতা লিখিছিল। কবিতাৰ শিৰোনাম আছিল বনগুটি আৰু আকাশ।৩ সপ্তম-অষ্টম শ্ৰেণীত থাকোতেই কবিতা হিচাপে লিখা 'অ'মোৰ আকাশী ঐ। নীলাকৈ আঁচলত তোৰ...' গীতটোৱে তেওঁৰ কলেজীয়া সময়ত শ্বিলঙত জনপ্ৰিয়তা লভিছিল। একেটা গীতে যোৰহাটত আন্তঃকলেজ সংগীত প্ৰতিযোগিতাত প্ৰথম স্থান পাইছিল। চৰকাৰৰ কুৰিদফীয়া আঁচনিৰ ওপৰত লিখা এখন সংগীতালেখ্যৰ জৰিয়তে গীতা হাতীকাকতি পুৰুষোত্তম দাসৰ সান্নিধ্যলৈ আহে। পুৰুষোত্তম দাস সেইসময়ৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সংগীত বিভাগৰ প্ৰযোজক আছিল। ১৯৭৬ চনত গীতা হাতীকাকতিয়ে গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ পৰা গীতিকাৰ হিচাপে স্বীকৃতি পায়। ৪

অসমৰ কলা আৰু চলচ্চিত্ৰ সমালোচক উৎপল মেনাৰ সৈতে হোৱা এটা বিশেষ সাক্ষাৎকাৰত গীতিকাৰগৰাকীয়ে কৈছিল-

"...গীত কেৱল শব্দৰ মালা হ'ব নোৱাৰে। আৰু কবিতা এটা গীত নহ'বও পাৰে। মই ভাবোঁ শব্দৰ মালাৰ লগতে সংগীতৰ ৰীডমৰ সম্পৰ্ক আছে গীতৰ। গীত লিখাৰ আগতে গীতিকাৰ এগৰাকীয়ে সংগীত জানিব লাগিব, সংগীত বুজিব লাগিব। সংগীতৰ স্বৰ বুজা লোকে এজনেহে গীত লিখিব পাৰে, যদিহে তেওঁৰ লিখাৰ ক্ষমতা থাকে। ..."

অসমীয়া কথাছবি ৰাংঢালীৰ বাবেও গীতা হাতীকাকতিয়ে গীত ৰচনা কৰিছিল।৩

প্ৰকাশিত গ্ৰন্থ

গীতা হাতীকাকতিয়ে মুঠ ঊনৈশখন গ্ৰন্থ ৰচনা কৰিছিল। তেখেতৰ ৰচনাই গীতকে ধৰি গল্প, কবিতা, প্ৰবন্ধক সামৰি লৈছিল।৩ তেওঁৰ ১৯ খন গ্ৰন্থই হৈছে তেওঁৰ স্ব-প্ৰকাশিত। ৪

গীত সংকলন

  • কেক্টাচৰ গীত
  • তিনিকুৰি গীত
  • গীত মোৰ চিত
  • নিৰ্জনতাৰ গীত
  • অ' মোৰ গীতৰ ভাষা
  • সুৰৰ আকাশ বিচাৰি
  • এজাক গানৰ চৰাই
  • গীতা হাতীকাকতিৰ সমবেত
  • সূৰুজমুখীৰ পাহিত জ্বলে

কবিতা সংকলন

  • এবুকু সোণালী প্ৰত্যয়
  • বিৱৰ্তিত সময়ৰ স'তে
  • এছাটি স্নিগ্ধ বতাহ

গল্প সংকলন

  • এখন আকাশৰ তলত
  • পালছিগা নাও

প্ৰবন্ধ সংকলন

  • মোৰ গীত, তোমাৰ সুৰ, তেওঁৰ কণ্ঠ
  • লোক-সংস্কৃতি আৰু সৌন্দৰ্যবোধ

অন্যান্য

  • আমাৰ সোণসেৰীয়া গীতৰ গীতিকাৰসকল (প্ৰাক্- শংকৰী যুগৰ পৰা ৰোমাণ্টিক যুগৰ প্ৰয়াত গীতিকাৰৰ বুৰঞ্জী)
  • স্মৃতিৰ পাপৰিত সোঁৱৰণী সোণালী (ব্যক্তিগত অভিজ্ঞতাৰ সংকলন)
  • পূৱেৰুণৰ ৰং (সংগীতালেখ্য সংকলন)

বঁটা আৰু সন্মান

২০১৬ চনত অসম চৰকাৰে গীতিকাৰগৰাকীক শিল্পী বঁটাৰে সন্মানীত কৰিছিল। ৪২০০৪ চনত তেখেতে সাহিত্যিক পেঞ্চন লাভ কৰে।১

'মিতালী সংঘ'কে প্ৰমুখ্য কৰি ভালেমান সাহিত্য-সংস্কৃতি সম্পৰ্কীয় অনুষ্ঠান-প্ৰতিষ্ঠানৰ হৈতে তেওঁ সক্ৰিয়ভাৱে জড়িত আছিল।৪

মৃত্যু

২০২০ চনৰ ২৪ নৱেম্বৰ তাৰিখে গুৱাহাটীৰ জু-ৰোডস্থিত কন্যাৰ বাসভৱনত প্ৰায় ৬:৪৬ বজাত গীতা হাতীকাকতিৰ দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৭৭ বছৰ।৩৫

তথ্যসূত্ৰ

  1. ↑ (২৪ নৱেম্বৰ, ২০২০). “স্মৃতিৰ পাপৰিত সোঁৱৰণী সোণালী” খেদি গ’লগৈ গীতা হাতীকাকতি.,. অসমীয়া প্ৰতিদিন
  2. ↑ (২৪ নৱেম্বৰ, ২০২০). বিশিষ্ট গীতিকাৰ, সাহিত্যিক গীতা হাতীকাকতিৰ বিয়োগত মুখ্যমন্ত্ৰী সোণোৱালৰ শোক প্ৰকাশ. জনসংযোগ, অসম
  3. ↑ (25 Nov, 2020). Renowned Assamese lyricist, singer Gita Hatikakoti dies at 77. EastMozo
  4. ↑ (৭ ডিচেম্বৰ, ২০২০). গীতা হাতীকাকতি. নিয়মীয়া বাৰ্তা. পৃ. ৭
  5. ↑ (November 24, 2020). প্ৰসিদ্ধ গীতিকাৰ গীতা হাতীকাকতিৰ মৃত্যু. এন ই নাও নিউজ

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমীয়া ভাষাৰ গীতিকাৰঅসমীয়া সাহিত্যিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গীতা হাতীকাকতি” প্ৰবন্ধৰ সংশোধন ৫২৮৯৭১ (৩১ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।