কাবেৰী কছাৰী (ইংৰাজী ভাষা: Kaberi Kachari) নিষিদ্ধ ঘোষিত সংগঠন সংযুক্ত মুক্তি বাহিনী, অসমৰ মহিলা শাখাৰ মুৰব্বী আছিল। তেওঁ সংগঠনটোৰ প্ৰাক্তন অধ্যক্ষ অৰবিন্দ ৰাজখোৱা (লেখক)ৰ পত্নী।১২ তেওঁ কলেজীয়া দিনৰে পৰাই কাব্যিক উৎকৰ্ষতাৰ বাবে পৰিচিত আছিল।৩৪
ব্যক্তিগত জীৱন
আশীৰ দশকৰ শেষৰ ফালে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী হৈ থকাৰ সময়তে তেওঁ অৰবিন্দ ৰাজখোৱাৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। তেওঁলোকে দাম্পত্য জীৱনৰ প্ৰথম দিনবোৰ অসম আৰু ভূটানৰ হাবিত অতিবাহিত কৰিবলগীয়া হৈছিল।৪ তেওঁলোকৰ দুটা সন্তান আছে: খামচেং ৰাজকুমাৰী (কন্যা) আৰু গদাধৰ (পুত্ৰ)।১৪
গ্ৰেপ্তাৰ
২০০৯ চনৰ ৪ ডিচেম্বৰৰ পুৱা মেঘালয়ৰ ভাৰত-বাংলাদেশ সীমান্তৰ ওচৰত তেওঁ স্বামী ৰাজখোৱা, উপ-মুখ্য সেনাপতি ৰাজু বৰুৱা আৰু ৰাজখোৱাৰ দেহৰক্ষী ৰাজা বৰাৰ সৈতে বিএছএফৰ ওচৰত আত্মসমৰ্পণ কৰা বুলি কোৱা হৈছিল।২ তেওঁৰ বিৰুদ্ধে কোনো গোচৰ চলি থকা নাছিল বাবে তেওঁক আদালতত হাজিৰ কৰা হোৱা নাছিল।২ তেওঁক আৰু আন মহিলাসকলক তেওঁলোকৰ নাবালক সন্তানৰ সৈতে গুৱাহাটীৰ চতুৰ্থ অসম আৰক্ষী বাহিনীৰ অতিথিশালাত ৰখা হৈছিল।১
পৰিয়ালৰ জিম্মা
অৰবিন্দ ৰাজখোৱাৰ জ্যেষ্ঠ ভাতৃ অজয় ৰাজকোঁৱৰে জানিবলৈ দিয়ে যে তেওঁ নিজৰ ভাতৃৰ পৰিয়ালক নিজৰ জিম্মাত ল’ব বিচাৰে যাতে তেওঁলোকৰ ৯৭ বছৰীয়া মাতৃয়ে তেওঁলোকক লগ পাব পাৰে। সাংবাদিকৰ আগত তেওঁ কয়, "আমি কাবেৰী আৰু তেওঁৰ দুয়োটা সন্তানক (১৩ বছৰীয়া কন্যা আৰু পাঁচ বছৰীয়া পুত্ৰ) জিম্মাত লৈ শিৱসাগৰৰ লাকুৱাত আমাৰ মাতৃৰ ওচৰলৈ নিবলৈ সাজু। যদি কাবেৰীয়ে সংগঠনৰ কামৰ বাবে ইয়াতে থাকিব বিচাৰে, তেন্তে আমাৰ ক’বলগীয়া একো নাই।"৫
লগতে চাওক
- আলফাৰ শীৰ্ষ নেতৃত্বৰ তালিকা
- সংযুক্ত মুক্তি ফৌজ
- সংযুক্ত মুক্তি বাহিনী, অসম
তথ্যসূত্ৰ
- ↑ (7 Dec 2009). ULFA kids don't know they are Assamese Hindu. Hindustan Times
- ↑ Karmakar, Rahul. (5 December 2009). ULFA boss Rajkhowa, aides produced in Guwahati court. Hindustan Times
- ↑ (3 December 2009). The moderate face of ULFA. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Hussain, Syed Zarir. (3 December 2009). Rajkhowa: One of India's most wanted. Express buzz
- ↑ PTI. (6 Dec 2009). Arabinda Rajkhowa's brother wants to take custody of wife and children. DNA India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাবেৰী কছাৰী” প্ৰবন্ধৰ সংশোধন ৫৯৮২৫২ (৩১ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।