জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
কমল কুমাৰী বৰুৱা
কমল কুমাৰী বৰুৱা (১৮৯৯-১৯৭৮) অসমৰ ঠেঙালৰ খঙীয়া বৰুৱা পৰিয়ালৰ এগৰাকী বিদূষী মহিলা আছিল। নগাঁৱৰ বৰ এলেঙী সত্ৰত জন্মলাভ কৰা কমল কুমাৰী বৰুৱাৰ পিতৃ-মাতৃ আছিল মহেন্দ্ৰনাথ বৰুৱা আৰু স্বৰ্ণলতা বৰুৱা। ১৯১৭ চনত খঙীয়া বৰুৱা পৰিয়ালৰ শিৱ প্ৰসাদ বৰুৱাৰ লগত তেখেতৰ বিয়া হয়।
-
কমলা গোহাঁই
কমলা গোহাঁই হৈছে কুৰি শতিকাৰ চল্লিছৰ দশকৰ এগৰাকী অসমীয়া মহিলা চিকিৎসক।
-
কমলা প্ৰসাদ আগৰৱালা
কমলা প্ৰসাদ আগৰৱালা আছিল এজন ভাৰতীয় ৰাজনীতিবিদ। ১৯৭১ চনত তেজপুৰ লোকসভা সমষ্টিৰ পৰা লোকসভা, ভাৰতীয় সংসদ ৰ নিম্ন সদনলৈ, তেজপুৰ বিধানসভা সমষ্টিৰ সদস্য হিচাপে নিৰ্বাচিত হয়। ১৯৫৭ আৰু ১৯৬২ চনত আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ টিকটত (১৯৪০-১৯৪৭) অসম বিধান পৰিষদ ৰ সদস্য।
-
কামাখ্যা প্ৰসাদ তাছা
কামাখ্যা প্ৰসাদ তাছা (Kamakhya Prasad Tasa) (জন্ম ১ জুন ১৯৭৫) এগৰাকী ভাৰতীয় ৰাজনীতিক, যোৰহাট (লোকসভা সমষ্টি)ৰ ২০১৪-১৯ চনৰ সাংসদ আৰু ২০১৯ চনৰ পৰা বৰ্তমানলৈকে ৰাজ্যসভাৰ সাংসদ। তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ ২০১৩-১৭ চনলৈকে অসম ৰাজ্যিক উপ-সভাপতি আৰু ২০২৩ চনৰ পৰা বৰ্তমানলৈকে ৰাষ্ট্ৰীয় সম্পাদক।
-
কাৰ্ল গুষ্টাভ য়ুং
কাৰ্ল গুষ্টাভ য়ুং (Carl Gustav Jung) আছিল এজন ছুইচ মনোচিকিৎসক আৰু মনোবিশ্লেষক। তেওঁ বিশ্লেষণাত্মক মনোবিজ্ঞানৰ প্ৰতিষ্ঠা কৰিছিল। তেওঁৰ কৰ্মৰাজীয়ে মনোচিকিৎসা, নৃতত্ব, সাহিত্য, দৰ্শন আৰু ধৰ্মীয় অধ্যয়নৰ ক্ষেত্ৰখনত গভীৰ প্ৰভাৱ বিস্তাৰ কৰিছিল।
-
কিৰিপ চলিহা
কিৰিপ চলিহা (জন্ম ১ নৱেম্বৰ ১৯৫৫) ভাৰতৰ চতুৰ্দশ লোকসভাৰ এজন সাংসদ আছিল। তেওঁ গুৱাহাটী অসমৰ লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰে। চলিহা ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সদস্য। ইয়াৰ আগেয়ে চলিহা একাদশ লোকসভাতো গুৱাহাটী লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছিল।
-
কেশৱ মহন্ত (ৰাজনীতিবিদ)
কেশৱ মহন্ত (Keshab Mahanta; জন্ম: ৬ জুলাই ১৯৫৯) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু বৰ্তমান অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী। তেওঁ অসম গণ পৰিষদ নামৰ আঞ্চলিক দলৰ সৈতে জড়িত তথা বৰ্তমান ইয়াৰ কাৰ্যকৰী সভাপতি।
-
কৌশানী মুখোপাধ্যায়
কৌশানী মুখোপাধ্যায় এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু ৰাজনীতিবিদ। তেওঁ মূলতঃ বাংলা ছবিত অভিনয় কৰে। ২০১৫ চনত বনি সেনগুপ্তৰ বিপৰীতে পাৰবো না আমি ছাড়তে তোকে ছবিত অভিনয় কৰি তেওঁ চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰিছিল। ৰাজ চক্ৰৱৰ্তীৰ দ্বাৰা পৰিচালিত এই ছবিখনে ছবিগৃহত বিপুল সফলতা লাভ কৰিছিল।
-
গীতালী বৰুৱা
গীতালী বৰুৱা (জন্ম: ১ জুলাই ১৯৬১) অসমীয়া সাহিত্য জগতৰ এগৰাকী কবি, ঔপন্যাসিক, গল্পকাৰ, প্ৰবন্ধকাৰ আৰু অভিনেত্ৰী।
-
গৌৰীশংকৰ কলিতা
গৌৰীশংকৰ কলিতা অসমৰ এজন বিশিষ্ট সাংবাদিক আৰু কেইবাখনো বাতৰি কাকতৰ সম্পাদক আছিল৷ অসমীয়া আৰু ইংৰাজী উভয় সংবাদ-পত্ৰত সেৱা আগবঢ়োৱা গৌৰীশংকৰ কলিতাই ১৯৯০ চনতে ইংৰাজী ছেণ্টিনেল কাকতত ষ্টাফ ৰিপ'ৰ্টাৰ হিচাপে সাংবাদিকতাৰ জীৱন আৰম্ভ কৰে৷ ইয়াৰ পিছত ক্ৰমে ছেণ্টিনেল, দি নৰ্থ-ইষ্ট টাইমছ, জনসাধাৰণ, এন ই…
-
গ্ৰেগ লিয়নাৰ্ড চেমেনজা
গ্ৰেগ লিয়নাৰ্ড চেমেনজা (জন্ম: ১২ জুলাই ১৯৫৬) জনছ হপকিন্স স্কুল অফ মেডিচিনত শিশু চিকিৎসা, ৰেডিয়েছন অংক'লজি, জীৱবৈজ্ঞানীক ৰসায়ন, কৰ্কট ৰোগৰ অধ্যাপক। তেওঁ কোষ অভিযান্ত্ৰিক প্ৰতিষ্ঠানত ভাছকুলাৰ প্ৰগ্ৰেমৰ নিৰ্দেশক হিচাপে সেৱা আগবঢ়ায়ছিল।
-
গৰিমা হাজৰিকা
গৰিমা হাজৰিকা অসমৰ এগৰাকী শাস্ত্ৰীয় নৃত্য পটিয়সী। তেওঁ সত্ৰীয়া আৰু ওড়িছী নৃত্য বিশাৰদ। ভাৰতৰ বিভিন্ন আগশাৰীৰ মহানগৰীত নৃত্য পৰিৱেশন কৰি হাজৰিকাই সুনাম অৰ্জন কৰিছে। তেখেতে কেইবাখনো নৃত্য-নাটিকা ৰচনা কৰিছে। হাজৰিকা ৰচিত আৰু পৰিচালিত চেতনা নামৰ নৃত্য-নাটিকাখনে ৰাষ্ট্ৰীয় পৰ্যায়ত সমাদৰ লাভ কৰিছে।
-
চণ্ডীদাস
চণ্ডীদাস ( Chandidas) মধ্যযুগীয় ভাৰতৰ এজন বাংলা কবি আছিল অথবা সম্ভৱতঃ এজনতকৈও অধিক একেনামৰ ব্যক্তি আছিল। তেওঁ মধ্যযুগীয় বাংলা ভাষাত ৰাধা আৰু কৃষ্ণৰ প্ৰেমৰ বৰ্ণনাৰে ১২৫০ টাতকৈও অধিক কবিতা লিখিছিল।
-
চাইৰাছ মিষ্ট্ৰী
চাইৰাছ মিষ্ট্ৰী (Cyrus Mistry; জন্ম: ১১ মাৰ্চ ১৯৫৬) এগৰাকী ভাৰতীয় লেখক আৰু নাট্যকাৰ। তেওঁ ২০১৪ চনত ক্ৰনিকেল অৱ আ কৰ্পচ্ বিয়েৰাৰ গ্ৰন্থৰ বাবে দক্ষিণ এছীয় সাহিত্যৰ বাবে প্ৰদান কৰা ডি এছ চি পুৰস্কাৰ লাভ কৰিছিল। ২০১৫ চনত কিতাপখনে ইংৰাজী সাহিত্যত সাহিত্য অকাডেমি বঁটা লাভ কৰে।
-
চুজাংফা
চুজাংফা বা চ্যু-জাং-ফা (𑜋𑜰𑜫 𑜇𑜡 𑜏𑜢𑜤𑜰𑜫 𑜎𑜂𑜫 𑜇𑜡)১৪০৭ চনৰ পৰা ১৪২২ চনলৈ আহোম ৰাজ্যত ৰাজত্ব কৰা স্বৰ্গদেউ। তেওঁ চুডাংফাৰ তিনি পুত্ৰৰ জ্যেষ্ঠ আছিল। কম বয়সতে দেউতাকৰ মৃত্যুৰ পাছত ১৪০৭ চনত চুজাংফা ৰাজপাটত উঠে। তেওঁৰ পোন্ধৰ বছৰীয়া ৰাজত্বকালৰ একো গুৰুত্বপূৰ্ণ ঘটনা বুৰঞ্জীত লিপিবদ্ধ নাই।
-
চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া
চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া (Central Bank of India) হৈছে ভাৰতৰ মহাৰাষ্ট্ৰৰ মুম্বাইত মুখ্য কাৰ্যালয় থকা এটা ৰাজহুৱা খণ্ডৰ বেংক। ১৯১১ চনত প্ৰতিষ্ঠা হোৱা এই বেংক ভাৰতৰ অন্যতম পুৰণি বেংক। সমগ্ৰ ভাৰততে এই বেংকটোৰ ৪ হাজাৰৰো অধিক শাখা আৰু ৫ হাজাৰৰো অধিক এটিএমৰ নেটৱৰ্ক আছে।
-
চৰণ নাৰ্জাৰী
চৰণ নাৰ্জাৰী অসমৰ এগৰাকী ৰাজনৈতিক নেতা, অধ্যাপক আৰু লেখক আছিল৷ তেখেতেে ১৯৭২ আৰু ১৯৮৫ত অসম বিধানসভালৈ বিধায়ক ৰূপে নিৰ্বাচিত হৈ আহিছিল৷ ১৯৭৭ৰ লোকসভা নিৰ্বাচনত তেখেতে কোকৰাঝাৰ লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল৷ অসমক ভৈয়াম জনজাতিসকলক, বিশেষকৈ বড়োসকলক প্ৰতিনিধিত্ব কৰা প্ৰথম ৰাজনৈতিক দল ভৈয়াম জনজাতি…
-
জগদীপ ধনখড়
জগদীপ ধনখড় (Jagdeep Dhankhar; জন্ম: ১৮ মে, ১৯৫১) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু বৰ্তমান ভাৰতৰ ১৪তম উপৰাষ্ট্ৰপতি। ইয়াৰ আগতে তেওঁ পশ্চিমবংগ ৰাজ্যৰ ৰাজপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ সদস্য।
-
জয়ভদ্ৰ হাগ্জেৰ
জয়ভদ্ৰ হাগজেৰ (Joy Bhadra Hagjer; 1914–1973) এজন ভাৰতীয় ৰাজনৈতিক নেতা আছিল। হাফলঙৰ ওচৰৰ নানাদিছা নামৰ সৰু গাঁও এখনত তেওঁৰ জন্ম হৈছিল। তেওঁ অসম বিধান সভাৰ বিভিন্ন পদবীত কাৰ্যনিৰ্বাহ কৰি গৈছে। ১৮ জুলাই ১৯৭৩-ত তেওঁৰ ৫৯ বছৰত তেওঁৰ মৃত্যু হয়।
-
জিণ্টু গগৈ
জিণ্টু গগৈ (Jintu Gogoi) এজন অসম সন্তান আৰু কাৰ্গিল যুদ্ধৰ এজন শ্বহীদ।
-
জেন অষ্টিন
জেন অষ্টিন (Jane Austen) হৈছে এগৰাকী ইংৰাজ ঔপন্যাসিক। যি মুখ্যতঃ ছয়খন উপন্যাসৰ বাবে জনাজাত, যিয়ে অষ্টাদশ শতিকাৰ শেষত ব্ৰিটিছ লেণ্ডেড গ্ৰেণ্ট্ৰিৰ বাখ্যা, সমালোচনা আৰু এই বিষয়ে মন্তব্য কৰে।
-
জেৰাৰ্ড মৌৰো
জেৰাৰ্ড এলবাৰ্ট মৌৰো (Gérard Albert Mourou;; জন্ম: ২২ জুন ১৯৪৪) এজন ফ্ৰেন্স বৈজ্ঞানিক। তেওঁ বৈদ্যুতিক অভিযান্ত্ৰিকতা আৰু লেজাৰ বিশেষজ্ঞ। তেওঁ তেওঁৰ ছাত্ৰী ডনা ষ্ট্ৰিকলেণ্ডৰ সৈতে চিৰপেদ পালছ্ এম্পলিফিকেচন নামৰ প্ৰযুক্তি আৱিষ্কাৰ কৰে।
-
জে’মচ্ ৱাট
জে’মচ্ ৱাট (JAMES WATT.) হৈছে এগৰাকী বৈজ্ঞানিক।
-
তুলিকা শইকীয়া
তুলিকা শইকীয়া (Tulika Saikia) হৈছে এগৰাকী অসমীয়া সাহিত্যিক। ২০০৮ বৰ্ষত ‘চাৰিশাল গোসাঁনীৰ তেজ’ শীৰ্ষক গ্ৰন্থৰ বাবে তেখেতে ‘মুনীন বৰকটকী’ বঁটা লাভ কৰে।
-
তৰাৱতী মিলি বড়ি
তৰাৱতী বড়ি (জন্ম: ১৬ এপ্ৰিল ১৯৫০) হৈছে এগৰাকী অসমীয়া লোক-কণ্ঠশিল্পী। তেওঁ অসমৰ অন্যতম পৰম্পৰাগত সংগীত মিচিং ভাষাৰ ঐনিতম পৰিবেশন কৰে। তেওঁৰ আজীৱন সংস্কৃতি চৰ্চাৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে লোক-সংগীত শাখাত ২০২২ বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা প্ৰদান কৰিছে।
-
দিব্যেন্দু পালিত
দিব্যেন্দু পালিত (৫ মাৰ্চ ১৯৩৯ – ৩ জানুৱাৰী ২০১৯) এজন ভাৰতীয় বাঙালী সাহিত্যিক। তেওঁৰ জন্ম বিহাৰৰ ভাগলপুৰ চহৰত। সাহিত্যত বিষয়ত স্নাতকোত্তৰ। ১৯৫৫ চনৰ পৰাই তেওঁ উপন্যাস, গল্প, কবিতা, প্ৰবন্ধ ইত্যাদি ৰচনা কৰি আহিছিল। তেওঁৰ বহু গল্প বাংলা আৰু হিন্দী চলচ্চিত্ৰ, টেলিভিছন আৰু ৰেডিঅ’ত ৰূপায়িত হৈছে।
-
দীনেশ গোস্বামী
দীনেশ গোস্বামী (Dinesh Goswami) এজন ভাৰতীয় ৰাজনীতিক আছিল। ১৯৮৯ চনত তেওঁ ভি পি সিং চৰকাৰত আইন আৰু ন্যায় মন্ত্ৰী আছিল। ১৯৮৫ চনত গুৱাহাটী সমষ্টিৰ পৰা ভাৰতীয় সংসদৰ নিম্ন সদন লোকসভালৈ নিৰ্বাচিত হয়। তেওঁ অসমৰ পৰা এজন ৰাজ্যসভাৰ সদস্যও আছিল।
-
দীপ গগৈ
দীপ গগৈ (জন্ম ১৭ ডিচেম্বৰ ১৯৫১) এগৰাকী ভাৰতীয় ৰাজনীতিক আৰু বৰ্তমান লোকসভাৰ সাংসদ। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সদস্য আৰু লোকসভাত অসমৰ কলিয়াবৰ লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰে।
-
দেৱদাস বনজাৰে
দেৱদাস বনজাৰে (Devdas Banjare, ১৯৪৭ - ২০০৫): সৎনামী সকলৰ প্ৰধান নৃত্য পন্থীক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰা এগৰাকী বিশিষ্ট নৰ্তক শিল্পী। ছত্তীছগঢ়ৰ প্ৰথম মঞ্চ শিল্পী।
-
দেৱব্ৰত দাস
দেৱব্ৰত দাস (Debabrata Das) ৰামধেনু যুগৰ পৰৱৰ্তী কালৰ এগৰাকী অসমীয়া গল্পকাৰ, ঔপন্যাসিক আৰু স্তম্ভলেখক। সাদিন কাকতত ‘হিয়াৰ পখিলাবোৰ’ শীৰ্ষক স্তম্ভ লিখি তেওঁ জনপ্ৰিয়তা অৰ্জন কৰিছিল। ১৯৮১ চনত দাসৰ প্ৰথমখন গল্প-সংকলন ‘অৰ্পিতাৰ এৰাতি’ প্ৰকাশ পায়।