চৰণ নাৰ্জাৰী অসমৰ এগৰাকী ৰাজনৈতিক নেতা, অধ্যাপক আৰু লেখক আছিল৷ তেখেতেে ১৯৭২ আৰু ১৯৮৫ত অসম বিধানসভালৈ বিধায়ক ৰূপে নিৰ্বাচিত হৈ আহিছিল৷ ১৯৭৭ৰ লোকসভা নিৰ্বাচনত তেখেতে কোকৰাঝাৰ লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল৷ অসমক ভৈয়াম জনজাতিসকলক, বিশেষকৈ বড়োসকলক প্ৰতিনিধিত্ব কৰা প্ৰথম ৰাজনৈতিক দল ভৈয়াম জনজাতি পৰিষদৰ তেখেত আছিল অন্যতম প্ৰতিষ্ঠাপত নেতা৷ ১৯৬৭ত দলৰ প্ৰতিষ্ঠাকালৰেপৰা ১৯৯৩লৈ তেখেত অসম ভৈয়াম জনজাতি পৰিষদৰ সাধাৰণ সম্পাদকৰ দায়িত্বত আছিল৷ ২০১৯ৰ ২৩ জুলাইত পুৱা ৪-৩০ বজাত ৮৭ বছৰ বয়সত তেখেতৰ গুৱাহাটীত মৃত্যু হয়৷১২
কৰ্মজীৱন
নাৰ্জাৰীৰ জন্ম ২৮ মে' ১৯৩৩ চনত গোৱালপাৰা জিলাৰ হাতীমাথা গাঁওত হৈছিল৷ দাৰিদ্ৰ আৰু প্ৰতিকূল পৰিস্থিতিৰ বিৰুদ্ধে যুঁজিবলগীয়া হোৱা নাৰ্জাৰীয়ে কটন মহাবিদ্যালয়ৰ পৰা স্নাতক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লয়৷ তেখেতে এলএলবি ডিগ্ৰীও লয়৷ তাৰপিছত কোকৰাঝাৰ মহাবিদ্যালয়ত ৰাজনীতি বিজ্ঞানৰ শিক্ষকৰূপে কৰ্মজীৱনৰ আৰম্ভণি কৰে৷ শিক্ষক হিচাপে তেখেতে প্ৰভূত জনপ্ৰিয়তা আৰু ছাত্ৰসকলৰ পৰা শ্ৰদ্ধা আদায় কৰিবলৈ সক্ষম হৈছিল৷ তেখেতে বড়ো মাধ্যমৰ পাঠ্যপুথিৰ বাবে গদ্য আৰু কবিতাও ৰচনা কৰিছিল৷১
লাহেলাহে তেখেত সক্ৰিয় ৰাজনীতিত জড়িত হৈ পৰে৷ অসমৰ ভৈয়াম জনজাতিসকলৰ সৰ্বাঙ্গীন উন্নয়নৰ লক্ষ্যৰে কেইগৰাকীমান সমভাৱাপন্ন লোকেৰে সৈতেে ১৯৬৭ চনত অসম ভৈয়াম জনজাতি পৰিষদ নামৰ এটা ৰাজনৈতিক দল গঠন কৰে৷ প্ৰতিষ্ঠা কালৰে পৰা ১৯৯৩ চনলৈ তেখেত দলৰ সাধাৰণ সম্পাদকৰ দায়িত্বত থাকে৷ 'ডিভাইড আচাম ফিফটি ফিফটি' শ্লোগান দি অসম ভৈয়াম জনজাতি পৰিষদে বড়োসকলৰ বাবে এখন সুকীয়া ৰাজ্য 'উদয়াচল'২ গঠনৰ দাবী উত্থাপন কৰে৷ এই দলটোৰ টিকট লৈয়ে তেখেত ১৯৭২ চনত আৰু ১৯৮৫ চনত কোকৰাঝাৰ বিধানসভা সমষ্টিৰ পৰা অসম বিধানসভালৈ নিৰ্বাচিত হৈ আহে৷ ১৯৭৭ৰ লোকসভা নিৰ্বাচনত তেখেতে কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা বিজয়ী হয়৷৩
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চৰণ নাৰ্জাৰী” প্ৰবন্ধৰ সংশোধন ৪৪৯৮৬৮ (৩০ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।