অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

দিব্যেন্দু পালিত

দিব্যেন্দু পালিত (৫ মাৰ্চ ১৯৩৯ – ৩ জানুৱাৰী ২০১৯) এজন ভাৰতীয় বাঙালী সাহিত্যিক। তেওঁৰ জন্ম বিহাৰৰ ভাগলপুৰ চহৰত। সাহিত্যত বিষয়ত স্নাতকোত্তৰ। ১৯৫৫ চনৰ পৰাই তেওঁ উপন্যাস, গল্প, কবিতা, প্ৰবন্ধ ইত্যাদি ৰচনা কৰি আহিছিল। তেওঁৰ বহু গল্প বাংলা আৰু হিন্দী চলচ্চিত্ৰ, টেলিভিছন আৰু ৰেডিঅ’ত ৰূপায়িত হৈছে।

হালনাগাদ: ২৯ জুন ২০২৫ ১৩৬ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

দিব্যেন্দু পালিত (৫ মাৰ্চ ১৯৩৯ – ৩ জানুৱাৰী ২০১৯) এজন ভাৰতীয় বাঙালী সাহিত্যিক। তেওঁৰ জন্ম বিহাৰৰ ভাগলপুৰ চহৰত। সাহিত্যত বিষয়ত স্নাতকোত্তৰ। ১৯৫৫ চনৰ পৰাই তেওঁ উপন্যাস, গল্প, কবিতা, প্ৰবন্ধ ইত্যাদি ৰচনা কৰি আহিছিল। তেওঁৰ বহু গল্প বাংলা আৰু হিন্দী চলচ্চিত্ৰ, টেলিভিছন আৰু ৰেডিঅ’ত ৰূপায়িত হৈছে।

কৰ্মক্ষেত্ৰ

১৯৫৮ চনত পিতৃৰ মৃত্যুৰ পাছত তেওঁ কলকাতালৈ গুচি যায়। হিন্দুস্তান ষ্টেণ্ডাৰ্ডৰ উপ সম্পাদক হিচাপে কৰ্মজীৱন আৰম্ভ কৰে। ১৯৬৫ চনত বিপণন আৰু বিজ্ঞাপন বিষয়ক বৃত্তিত যোগদান কৰে। সেইসূত্ৰে তেওঁ দীৰ্ঘদিন ধৰি ক্লাৰিয়ান-মেককেন এডভাৰটাইজিং চাৰ্ভিচেছ, আনন্দবজাৰ আৰু দ্য ষ্টেটছমেনৰ সৈতে জড়িত আছিল।

টিভি আৰু চলচ্চিত্ৰ

চলচ্চিত্ৰ, দুৰদৰ্শন আৰু ৰেডিঅ'ত তেওঁৰ অনেক গল্প ৰূপায়িত হৈছে।

বঁটা আৰু পদক

গ্ৰন্থ তালিকা

  • অচেনা আৱে‍গ
  • অনুভৱ
  • অনুসৰণ
  • অন্তৰ্ধান
  • অমৃত হৰিণ
  • একদিন চাৰাদিন
  • ঢেউ
  • যখন বৃষ্টি
  • সঙ্গ ও প্ৰসঙ্গ
  • ৰজত জয়ন্তী
  • সংঘাত
  • সতৰ্কবাৰ্তা
  • চিনেমায় যেমন হয়
  • হঠাৎ একদিন
  • হিন্দু

সম্পৰ্কিত শ্ৰেণী

বঙালী ব্যক্তিবঙালী সাহিত্যিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দিব্যেন্দু পালিত” প্ৰবন্ধৰ সংশোধন ৫২১৩৫৩ (২৯ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।