অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

গৰিমা হাজৰিকা

গৰিমা হাজৰিকা অসমৰ এগৰাকী শাস্ত্ৰীয় নৃত্য পটিয়সী। তেওঁ সত্ৰীয়া আৰু ওড়িছী নৃত্য বিশাৰদ। ভাৰতৰ বিভিন্ন আগশাৰীৰ মহানগৰীত নৃত্য পৰিৱেশন কৰি হাজৰিকাই সুনাম অৰ্জন কৰিছে। তেখেতে কেইবাখনো নৃত্য-নাটিকা ৰচনা কৰিছে। হাজৰিকা ৰচিত আৰু পৰিচালিত চেতনা নামৰ নৃত্য-নাটিকাখনে ৰাষ্ট্ৰীয় পৰ্যায়ত সমাদৰ লাভ কৰিছে।

হালনাগাদ: ২ নৱেম্বৰ ২০২৪ ১৩৯ শব্দ · ১ মিনিট সংগৃহীত ৮৮
সংশোধনৰ পৰামৰ্শ

গৰিমা হাজৰিকা অসমৰ এগৰাকী শাস্ত্ৰীয় নৃত্য পটিয়সী। তেওঁ সত্ৰীয়া আৰু ওড়িছী নৃত্য বিশাৰদ। ভাৰতৰ বিভিন্ন আগশাৰীৰ মহানগৰীত নৃত্য পৰিৱেশন কৰি হাজৰিকাই সুনাম অৰ্জন কৰিছে। তেখেতে কেইবাখনো নৃত্য-নাটিকা ৰচনা কৰিছে। হাজৰিকা ৰচিত আৰু পৰিচালিত চেতনা নামৰ নৃত্য-নাটিকাখনে ৰাষ্ট্ৰীয় পৰ্যায়ত সমাদৰ লাভ কৰিছে। গুৱাহাটী মহানগৰীত মিতালী কলাকেন্দ্ৰ স্থাপন কৰি তেওঁ সত্ৰীয়া আৰু ওড়িছী নৃত্যৰ প্ৰচাৰ আৰু প্ৰসাৰত ব্যস্ত হৈ আছে।১ তেওঁ সেন্দূৰ আদি কেইবাখনো অসমীয়া চলচ্চিত্ৰত কলা নিদেৰ্শনা আৰু কৰিঅ'গ্ৰাফীৰ কাম কৰিছে।

সংক্ষিপ্ত জীৱনী

১৯৩৯ চনত গুৱাহাটী মহানগৰৰ উজানবজাৰ অঞ্চলত গৰিমা হাজৰিকাৰ জন্ম হয়।১ সৰুৰেপৰাই শাস্ত্ৰীয় নৃত্যৰ প্ৰতি গৰিমাৰ আকৰ্ষণ আছিল। তেওঁ সত্ৰীয়া নৃত্য আৰু ওড়িছী শিকিছিল আৰু দুয়োটা নৃত্যশৈলীতে পাৰ্গত হৈ পৰিছিল। অসমক প্ৰতিনিধিত্ব কৰি তেওঁ ভাৰতৰ বিভিন্ন ৰাজ্যত সত্ৰীয়া আৰু ওড়িছী নৃত্য পৰিৱেশন কৰি দৰ্শকৰ ভূয়সী প্ৰশংসা লাভ কৰিছে। ইয়াৰ ভিতৰত ১৯৫৭চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতিনিধি ৰূপে গৰিমা হাজৰিকাই দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় যুৱ মহোৎসৱত পৰিৱেশন কৰা সত্ৰীয়া নৃত্যই বিশেষ সুনাম অৰ্জন কৰিছিল।১ গৰিমা হাজৰিকাই কেইবাখনো নৃত্য-নাটিকা ৰচনা আৰু পৰিচালনাও কৰিছে। হাজৰিকা ৰচিত আৰু পৰিচালিত চেতনা নামৰ নৃত্য-নাটিকাখনে ৰাষ্ট্ৰীয় পৰ্যায়ত নাম কৰিছিল। কলা নিৰ্দেশক আৰু ক'ৰিঅ'গ্ৰাফাৰ ৰূপেও তেওঁ কাম কৰিছে। ভ্ৰাম্যমাণ থিয়েটাৰৰ নৃত্য-নাটিকাৰ ক্ষেত্ৰতো গৰিমা হাজৰিকাই বহুবোৰ পৰিৱৰ্তন আনি চৰ্চিত হৈছে। তেওঁ কেইবাখনো অসমীয়া চলচ্চিত্ৰৰো কলা-নিৰ্দেশনা আৰু কৰিঅ'গ্ৰাফীৰ কাম কৰিছে। ইয়াৰ ভিতৰত সেন্দূৰ চলচ্চিত্ৰ উল্লেখযোগ্য।

অৱদান

কলা-নিৰ্দেশনা আৰু নতুন প্ৰজন্মক শুদ্ধ ৰূপত সত্ৰীয়া আৰু ওড়িছী নৃত্যৰ প্ৰশিক্ষণ দিয়াৰ প্ৰয়াসেৰে গৰিমা হাজৰিকাই নিজা উদ্যোগত গুৱাহটীত মিতালী কলাকেন্দ্ৰ স্থাপন কৰিছিল। সুদীৰ্ঘ পঁচিশ বছৰ জুৰি এই কেন্দ্ৰৰ জৰিয়তে তেওঁ নতুন চামক সত্ৰীয়া আৰু ওড়িছী নৃত্যৰ প্ৰশিক্ষণ দি আছে। ২০ মে', ২০১৬ চনত মাছখোৱা সাংস্কৃতিক প্ৰকল্পত মিতালী কেন্দ্ৰৰ ৰূপালী জয়ন্তী অনুষ্ঠান অনুষ্ঠিত হয় আৰু এই অনুষ্ঠানত বিশেষ ভাবে সক্ষম শিশুসকলৰ বাবে এটি বিশেষ নৃত্যৰ কৰ্মশালা অনুষ্ঠিত হৈছিল।২ এই জয়ন্তীৰ অংশ হিচাপে তেওঁলোকে সত্ৰীয়া আৰু ওড়িছী নৃত্যৰ কৰ্মশালা আৰু কৰিঅ'গ্ৰাফী আৰু কষ্টিউম ডিজাইনিঙৰ কৰ্মশালা২ আয়োজন কৰি নতুন সকলৰ বাবে এটি শিকনৰ বাট খুলি দিছিল। ছাত্ৰ-ছাত্ৰীক সমাজৰ প্ৰতি দায়িত্ববোধ শিকাবলৈও মিতালী কলাকেন্দ্ৰ বদ্ধপৰিকৰ।

বঁটা আৰু সম্মান

  1. নৃত্যৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে অসম সাহিত্য সভা আৰু অসম নাট্য সন্মিলনে গৰিমা হাজৰিকাক বিশেষ বঁটা প্ৰদান কৰিছে।১
  2. ২০০৬: সংগীত নাটক একাডেমী বঁটা (নৃত্যকলা শিতানত)।

তথ্যসূত্ৰ

  1. ↑ শোনিত বিজয় দাস, মুনীন বায়ন. (২০০৬). কথা বৰেণ্য ১০০. কথা প্ৰকাশন. পৃ. ২৯১-২৯৩. ISBN ৮১-৮৯১৪৮-১৪-১
  2. ↑ 5th May, 2016. A few steps to win hearts of special kids - City-based dance academy plans workshop for physically-challenged children. The Telegraph

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমীয়া নৃত্যশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গৰিমা হাজৰিকা” প্ৰবন্ধৰ সংশোধন ৪৪২৪২৯ (২ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।