কমলা গোহাঁই হৈছে কুৰি শতিকাৰ চল্লিছৰ দশকৰ এগৰাকী অসমীয়া মহিলা চিকিৎসক।১
জন্ম পৰিচয়
কমলা গোহাঁই হৈছে অধ্যাপক হীৰেন গোহাঁইৰ জ্যেষ্ঠা ভগ্নী।১পাছলৈ কমলা সেনগুপ্ত হৈ কলিকতা নিবাসী হয়।
শিক্ষাজীৱন
কলিকতা চিকিৎসা মহাবিদ্যালয়ৰ পৰা কুৰি শতিকাৰ চল্লিছৰ দশকৰ এম.বি.বি.এছ. ডিগ্ৰী লাভ কৰা অসমীয়া ছোৱালী হ'ল কমলা গোহাঁই।১
কৰ্মজীৱন
কমলা গোহাঁইয়ে ইণ্ডিয়ান মেডিকেল ৱমেনছ্ এছ'চিয়েচনৰ কোষাধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছে। অসমীয়া অনুবাদ সাহিত্যলৈকো বৰঙণি যোগাইছে।১তেওঁৰ অন্যতম উল্লেখযোগ্য অনুবাদ কৰ্ম হ'ল বিখ্যাত চিলিৰ কবি পাবলো নেৰুদাৰ (Pablo Neruda) আত্মজীৱনী 'মেম’ৰিয়েল্ছ অৱ ইজ্লা নেগ্রা' (Memoirs of Isla Negra)-ৰ অসমীয়া অনুবাদ 'ৰমনীয় অতীত'।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কমলা গোহাঁই” প্ৰবন্ধৰ সংশোধন ৬১৬৩৯৩ (৯ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।