অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

গৌৰীশংকৰ কলিতা

গৌৰীশংকৰ কলিতা অসমৰ এজন বিশিষ্ট সাংবাদিক আৰু কেইবাখনো বাতৰি কাকতৰ সম্পাদক আছিল৷ অসমীয়া আৰু ইংৰাজী উভয় সংবাদ-পত্ৰত সেৱা আগবঢ়োৱা গৌৰীশংকৰ কলিতাই ১৯৯০ চনতে ইংৰাজী ছেণ্টিনেল কাকতত ষ্টাফ ৰিপ'ৰ্টাৰ হিচাপে সাংবাদিকতাৰ জীৱন আৰম্ভ কৰে৷ ইয়াৰ পিছত ক্ৰমে ছেণ্টিনেল, দি নৰ্থ-ইষ্ট টাইমছ, জনসাধাৰণ, এন ই…

হালনাগাদ: ২২ জুন ২০২৪ ১২৫ শব্দ · ১ মিনিট সংগৃহীত ৪৫
সংশোধনৰ পৰামৰ্শ

গৌৰীশংকৰ কলিতা অসমৰ এজন বিশিষ্ট সাংবাদিক আৰু কেইবাখনো বাতৰি কাকতৰ সম্পাদক আছিল৷ অসমীয়া আৰু ইংৰাজী উভয় সংবাদ-পত্ৰত সেৱা আগবঢ়োৱা গৌৰীশংকৰ কলিতাই ১৯৯০ চনতে ইংৰাজী ছেণ্টিনেল কাকতত ষ্টাফ ৰিপ'ৰ্টাৰ হিচাপে সাংবাদিকতাৰ জীৱন আৰম্ভ কৰে৷ ইয়াৰ পিছত ক্ৰমে ছেণ্টিনেল, দি নৰ্থ-ইষ্ট টাইমছ, জনসাধাৰণ, ফ'কাছ এন.ই.লৈকে ছপা আৰু বৈদ্যুতিক উভয় মাধ্যমত সাংবাদিকতাৰ গুৰু দায়িত্ব পালন কৰে৷ মৃত্যুৰ সময়লৈকে তেওঁ ছেণ্টিনেল কাকতৰ মেঘালয় আৰু অৰুণাচল প্ৰদেশ সংস্কৰণৰ সম্পাদক হিচাপে সেৱা আগবঢ়াই আছিল৷ ইয়াৰ আগতে তেওঁ নৰ্থ-ইষ্ট টাইমছ কাকতৰ কাৰ্যবাহী সম্পাদক, কনছালটিংৱ এডিটৰ আৰু জনসাধাৰণ কাকতৰ সম্পাদক ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল৷

গৌৰীশংকৰ কলিতাৰ কৰ্মৰাজি

১৯৭৫ চনত কটন বিশ্ববিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত স্নাতক পৰীক্ষাত উত্তীৰ্ণ হয়৷ সাংবাদিকতাৰ জগতত প্ৰৱেশ কৰাৰ আগতে তেওঁ অসম ৰাজ্যিক পণ্যাগাৰ বিভাগত কিছু কাল চাকৰি কৰিছিল৷

মৃত্যু

২০১০ চনৰ ৮ জুন তাৰিখে গুৱাহাটীৰ শান্তিপুৰৰ নিজা বাসভৱনত হৃদৰোগত আক্ৰান্তহৈ তেখেতৰ মৃত্যু হয়৷১

তথ্যসূত্ৰ

  1. ↑ আমাৰ অসম ৯ জুন ২০১০।

সম্পৰ্কিত শ্ৰেণী

অসমৰ সাংবাদিকঅসমৰ সংবাদ মাধ্যমৰ সৈতে জড়িত ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গৌৰীশংকৰ কলিতা” প্ৰবন্ধৰ সংশোধন ৪২৩৭৯৪ (২২ জুন ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।