চুজাংফা বা চ্যু-জাং-ফা (𑜋𑜰𑜫 𑜇𑜡 𑜏𑜢𑜤𑜰𑜫 𑜎𑜂𑜫 𑜇𑜡)১৪০৭ চনৰ পৰা ১৪২২ চনলৈ আহোম ৰাজ্যত ৰাজত্ব কৰা স্বৰ্গদেউ। তেওঁ চুডাংফাৰ তিনি পুত্ৰৰ জ্যেষ্ঠ আছিল।১ কম বয়সতে দেউতাকৰ মৃত্যুৰ পাছত ১৪০৭ চনত চুজাংফা ৰাজপাটত উঠে। তেওঁৰ পোন্ধৰ বছৰীয়া ৰাজত্বকালৰ একো গুৰুত্বপূৰ্ণ ঘটনা বুৰঞ্জীত লিপিবদ্ধ নাই।২ ১৪২২ চনত তেওঁৰ মৃত্যুৰ পাছত পুতেক চুফক্ফা স্বৰ্গদেউ হয়।
তথ্যসূত্ৰ
- Barua, Gunaviram. (2008). Assam Buranji or A History of Assam. Assam publication Board
- Gait, E A. (1926). A History of Assam. Thackar, Spink and Co
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চুজাংফা” প্ৰবন্ধৰ সংশোধন ৬৩২২৫২ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।