জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
স্বৰ্গজ্যোতি বৰুৱা
স্বৰ্গজ্যোতি বৰুৱা (Swargajyoti Barooah), বিয়াৰ আগত স্বৰ্গজ্যোতি দত্ত, এগৰাকী অসমীয়া অভিনেত্ৰী। ১৯৩৫ চনত মুক্তিপ্ৰাপ্ত প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতীত তেওঁ শিশুশিল্পী হিচাপে অভিনয় কৰিছিল।
-
হবিৰ্ভূ
হবিৰ্ভূ বা মনিনী (हविर्भू) আছিল কৰ্দম ঋষি আৰু দেৱহুতীৰ চতুৰ্থী কন্যা আৰু ঋষি পুলস্ত্যৰ পত্নী। তেওঁ ঋষি বিশ্ৰবা আৰু ঋষি অগস্ত্যৰ মাতৃ আছিল।
-
হেনৰী ফৰ্ড
হেনৰী ফৰ্ড ( ৩০ জুলাই, ১৮৬৩ - ৭ এপ্ৰিল ১৯৪৭) আমেৰিকা যুক্তৰাষ্ট্ৰৰ এগৰাকী উদ্যোগপতি আৰু আগশাৰীৰ ব্যৱসায়ী আছিল। যুক্তৰাষ্ট্ৰৰ মধ্যবিত্ত শ্ৰেণীৰ লোকেও ক্ৰয় কৰিব পৰাকৈ মটৰগাড়ী সমূহক নিৰ্মাণ আৰু মেৰামতি কৰা ফৰ্ডে, ফৰ্ড মটৰ কোম্পানীৰ প্ৰতিষ্ঠা কৰিছিল।
-
হৰনাজ সান্ধু
হৰনাজ কৌৰ সান্ধু (Harnaaz Sandhu) (জন্ম ৩ মাৰ্চ ২০০০) হৈছে এগৰাকী ভাৰতীয় মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী যাক মিছ ইউনিভাৰ্ছ ২০২১ ৰ মুকুট পিন্ধোৱা হৈছিল।
-
হৰবিন্দৰ সিং
হৰবিন্দৰ সিং (Harvinder Singh) এজন ভাৰতীয় পেৰা ধনুৰ্বিদ। তেওঁ ২০২০ গ্ৰীষ্মকালীন পেৰালিম্পিকত পুৰুষৰ ব্যক্তিগত ৰিকাৰ্ভ অপেন আৰ্চাৰী প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক অৰ্জন কৰে। এয়া আছিল ভাৰতৰ বাবে আৰ্চাৰীত প্ৰথম অলিম্পিক বা পেৰালিম্পিক পদক।
-
ৰবীন বৰুৱা
ৰবীন বৰুৱা (Rabin Baruah, ১৫ জুন ১৯৫০ – ২১ জুন ২০২২) অসমৰ এগৰাকী কাৰ্টুনিষ্ট আৰু চিত্ৰশিল্পী। তেওঁ প্ৰায় ৩৩ বছৰ জুৰি মৌচাক আৰু প্ৰান্তিক আলোচনীৰ পাতত ব্যাখ্যা চিত্ৰ অংকন কৰিছিল।
-
ৰাজ্য পাল
ৰাজ্য পাল (ৰাজ্য পাল ৯২৫–৯৬২) পাল বংশৰ অষ্টম সম্ৰাট আছিল। তেওঁ পিতৃ নাৰায়ণ পালৰ উত্তৰাধিকাৰী হয়। তেওঁ ৩২ বছৰ ৰাজত্ব কৰিছিল। ভাৰত কলা ভৱন শিলালিপি তেওঁৰ ২য় ৰাজত্বকালৰ বুলি কোৱা হৈছে, তেওঁৰ পিছত তেওঁৰ পুত্ৰ তৃতীয় গো পাল ৰাজপাটত বহে।
-
ৰাম ৰাঘোবা ৰাণে
মেজৰ ৰাম ৰাঘোবা ৰাণে, পি.ভি.চি (Rama Raghoba Rane; ২৬ জুন ১৯১৮ – ১১ জুলাই ১৯৯৪) ভাৰতীয় সেনাৰ এজন বিষয়া আছিল। তেওঁ কৰম সিঙৰ সৈতে জীৱিত অৱস্থাত পৰম বীৰ চক্ৰ সন্মান লাভ কৰা প্ৰথম ব্যক্তি আছিল।
-
ৰিতেশ দেশমুখ
ৰিতেশ বিলাসৰাও দেশমুখ (Riteish Vilasrao Deshmukh) হৈছে এগৰাকী ভাৰতীয় অভিনেতা, প্ৰয়োজক, যি হিন্দী আৰু মাৰাঠী চলচ্চিত্ৰৰ লগত জড়িত। তেওঁ মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ৰাজনীতিবিদ বিলাসৰাও দেশমুখৰ পুত্ৰ।
-
ৰোহিনী কুমাৰ চৌধুৰী
ৰোহিনী কুমাৰ চৌধুৰী (Rohini Kumar Chaudhuri; ২ এপ্ৰিল ১৮৯৯ – ১৬ ডিচেম্বৰ ১৯৫৫) এজন ভাৰতীয় ৰাজনীতিবিদ। তেওঁ এজন সংসদৰ সদস্য আছিল আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হিচাপে লোকসভাত গুৱাহাটীক প্ৰতিনিধিত্ব কৰিছিল। তেওঁ ভাৰতৰ সংবিধান সভাৰো সদস্য আছিল।
-
ৱাজেদ আলী চৌধুৰী
ৱাজেদ আলী চৌধুৰী (জন্ম ১ জুলাই ১৯৫৯) এগৰাকী ভাৰতীয় ৰাজনৈতিক নেতা আৰু ব্যৱসায়। তেখেত ২০১৬ চনৰপৰা দক্ষিণ শালমাৰা সমষ্টিক প্ৰতিনিধিত্ব কৰি অসম বিধানসভাৰ সদস্য হিচাপে, আৰু ১৯৯৬ চনৰপৰা ২০০৬ চনলৈ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হিচাপে আৰু ২০০২ চনৰপৰা ২০০৬ চনলৈ প্ৰথম তৰুণ গগৈ মন্ত্ৰ্যালয়ত অসম চৰকাৰৰ…
-
ৱাল্ট হুইটমেন
ৱাল্ট হুইটমেন (Walt Whiteman) এজন কবি, প্ৰবন্ধকাৰ আৰু সাংবাদিক আছিল। হুইটমেন আমেৰিকান কেননৰ আটাইতকৈ প্ৰভাবশালী কবিসকলৰ ভিতৰত অন্যতম।
-
অখিলেশ যাদৱ
অখিলেশ যাদৱ ভাৰতীয় ৰাজনীতিবিদ তথা সমাজবাদী পাৰ্টিৰ সভাপতি যিয়ে ২০১২ চনৰ পৰা ২০১৭ চনলৈ উত্তৰ প্ৰদেশৰ ২১ সংখ্যক মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০১২ চনৰ ১৫ মাৰ্চত ৩৮ বছৰ বয়সত কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত তেওঁ এই পদত অধিষ্ঠিত হোৱা আটাইতকৈ কম বয়সীয়া ব্যক্তি হিচাপে পৰিগণিত হয়।
-
অচিন্ত্য শিউলি
অচিন্ত্য শিউলি (Achinta Sheuli; জন্ম: ২৪ নৱেম্বৰ ২০০১) এগৰাকী ভাৰতীয় ভাৰোত্তোলনকাৰী। তেওঁ এই প্ৰতিযোগিতাৰ ৭৩ কেজিৰ শাখাত অংশগ্ৰহণ কৰে। ২০২১ চনৰ জুনিয়ৰ বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপত তেওঁ ৰূপৰ পদক লাভ কৰিছিল। আৰু তেওঁ দুবাৰকৈ কমনৱেলথ চেম্পিয়নশ্বিপৰ স্বৰ্ণ পদক বিজয়ী।
-
অজয় কুমাৰ দত্ত
অজয় কুমাৰ দত্ত (Ajoy Kumar Dutta) ভাৰতৰ এগৰাকী সমাজকৰ্মী। তেওঁ অসমৰ বিভিন্ন বেচৰকাৰী সংগঠনৰ সৈতে জড়িত হৈ সমাজসেৱা আগবঢ়াই আহিছে।
-
অনুপমা পৰমেশ্বৰন
অনুপমা পৰমেশ্বৰন (Anupama Parameswaran, জন্ম: ১৮ ফেব্ৰুৱাৰী, ১৯৯৬) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী যিয়ে তেলেগু, মালয়ালম আৰু তামিল ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰি আহিছে।
-
অনুপমা বসুমতাৰী
অনুপমা বসুমতাৰী (Anupama Basumatary) হৈছে অসমৰ এগৰাকী লেখক, সাহিত্যিক আৰু কবি।
-
অন্তৰা দেৱ সেন
অন্তৰা দেৱ সেন (জন্ম ১৯৬৩) এগৰাকী ব্ৰিটিছ-ভাৰতীয় সাংবাদিক।
-
অভিনৱ গুপ্ত
অভিনৱ গুপ্ত প্ৰাচীন কামৰূপৰ এগৰাকী দাৰ্শনিক। এওঁ খ্ৰীষ্টীয় ৮ম-৯ম শতিকাৰ লোক। এখেত প্ৰথমে শাক্ত ধৰ্মাৱলম্বী আছিল আৰু শাক্ত দৰ্শনৰ এখন ভাষ্য ৰচনা কৰিছিল। কথিত প্ৰবাদ অনুসৰি আদি শংকৰাচাৰ্য কামৰূপলৈ আহোঁতে অভিনৱ গুপ্তই শংকৰাচাৰ্যৰ লগত শাক্ত ধৰ্মৰ গুণ সম্বন্ধে তৰ্কযুদ্ধত প্ৰবৃত্ত হৈছিল।
-
অমিতা শৰ্মা
অমিতা শৰ্মা ( Amita Sharma) এগৰাকী ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ আৰু ভাৰতৰ মহিলা ক্ৰিকেট দলৰ বাছনি পেনেলৰ বৰ্তমানৰ অধ্যক্ষ। মূলতঃ সোঁহতীয়া মধ্যম বেগী বলাৰ হিচাপে খেলিছিল। ২০০২ চনৰপৰা ২০১৪ চনলৈকে ভাৰতৰ হৈ ৫খন টেষ্ট মেচ, ১১৬খন ৱান ডে ইণ্টাৰনেশ্যনেল আৰু ৪১খন টি-২০ ইণ্টাৰনেশ্যনেলত অংশগ্ৰহণ কৰিছিল।
-
অমিয় কুমাৰ ভূঞা
অমিয় কুমাৰ ভূঞা এজন ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ সদস্য হিচাপে ২০২১ চনৰ অসম বিধান সভা নিৰ্বাচনত বিহপুৰীয়া (বিধান সভা সমষ্টি)ৰ পৰা অসম বিধান সভালৈ নিৰ্বাচিত হয়।
-
অমৃতা দেৱী
অমৃতা দেৱী বিষ্ণোই নামেৰে পৰিচিত অমৃতা দেৱী বিষ্ণোই সম্প্ৰদায়ৰ এগৰাকী পৰিৱেশবিদ আছিল যিয়ে ১৭৩০ চনত খেজৰি গছ ৰক্ষাৰ বাবে নিজৰ প্ৰাণ আহুতি দিছিল। খেজাৰলি হত্যাকাণ্ডত তেওঁৰ সাহস প্ৰকৃতি সংৰক্ষণৰ চূড়ান্ত প্ৰতীক হৈ পৰিছিল আৰু চিপকো আন্দোলনৰ দৰে আধুনিক আন্দোলনসমূহক অনুপ্ৰাণিত কৰিছিল।
-
অমোল গুপ্তে
অমোল গুপ্তে (জন্ম ১৯৬২)এগৰাকী ভাৰতীয় চিত্ৰনাট্যকাৰ, অভিনেতা, গায়ক আৰু পৰিচালক।২০০৭ চনত মুক্তিলাভ কৰা তাৰে জমিন পৰ (Like Stars on Earth) ছবিখনৰ বাবে অমোল গুপ্তে সৃষ্টিশীল পৰিচালক আৰু চিত্ৰনাট্যকাৰ হিচাপে খ্যাতি লাভ কৰে।
-
অম্ৰুতা সুভাষ
অম্ৰুতা (Amruta Subhash ) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ মাৰাঠী আৰু হিন্দী চলচ্চিত্ৰ, টেলিভিছন, আৰু থিয়েটাৰত কাম কৰে। তেওঁ নতুন দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক।[4] অম্ৰুতাই কেইবাটাও বঁটা লাভ কৰিছে, তাৰ ভিতৰত আছে- এটা শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা,[5] দুটা…
-
অমৰকান্ত
অমৰকান্ত (Amarkant; জন্ম: ১৯২৫ – ১৭ ফেব্ৰুৱাৰী, ২০১৪) হিন্দী ভাষাৰ এজন ভাৰতীয় সাহিত্যিক। তেওঁৰ উপন্যাস ইন্হি হথিয়াৰৌ চেৰ বাবে তেওঁ ২০০৭ চনত সাহিত্য অকাডেমি বঁটা আৰু ২০০৯ চনত ব্যাস পুৰস্কাৰ লাভ কৰে। ২০০৯ চনত তেওঁক জ্ঞানপীঠ বঁটা প্ৰদান কৰা হয়।
-
অলিভাৰ থমাছ কট্টাৰ
অলিভাৰ থমাছ কট্টাৰ (১৮১১-১৮৮১) আছিল অসমলৈ অহা আমেৰিকান মিচনেৰী দলৰ অন্যতম সদস্য। ১৮৩১ চনত আমেৰিকাৰ পৰা ব্ৰহ্মদেশ (ম্যানমাৰ) হৈ অসমলৈ আহে। ১৮৩৬ চনৰ ২৩ মাৰ্চত শদিয়া পায়হি। ১৮৪৩ চনত শিৱসাগৰলৈ আহি তাত স্থাপন কৰা ‘মিচন প্ৰেছ’ৰ অধ্যক্ষ হয়।
-
অশোক শইকীয়া
অশোক শইকীয়া (Ashok Saikia) ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ প্ৰধান মন্ত্ৰীৰ কাৰ্যালয়ৰ (Prime Minister’s Office, PMO) যুটীয়া সম্পাদক আছিল। ১৯৮০ দশকত তেওঁ দৰং জিলাৰ অতিৰিক্ত উপায়ুক্ত, কাৰ্বি আংলং জিলাৰ উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
অসুৰী
অসুৰী প্ৰাচীন ভাৰত উপমহাদেশৰ হিন্দু ধৰ্মৰ পৰম্পৰাত অসুৰী এজন বৈদিক ঋষি আছিল আৰু তেওঁ আছিল বৈদিক ঋষি কপিলৰ শিষ্য আছিল। পিছলৈ তেওঁ কপিল মুনিয়ে প্ৰতিষ্ঠা কৰা সাংখ্যা দৰ্শনৰ শিক্ষক হয়। প্ৰাচীন ভাৰতীয় দৰ্শনৰ ছয়টি ধাৰাৰ ভিতৰত অন্যতম হৈছে সাংখ্য দৰ্শন।
-
অৰিন্দম শৰ্মা
অৰিন্দম শৰ্মা এজন ভাৰতীয় চলচ্চিত্ৰ পৰিচালক আৰু এজন লেখক যিয়ে প্ৰধানকৈ অসমীয়া চলচ্চিত্ৰ জগতত কাম কৰে আৰু (অসমীয়া) ছুপাৰহিৰো ছবি আদ্ভিত্যৰ জৰিয়তে পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰে।
-
আইকণ মিলি
আইকণ মিলি (ইংৰাজী: Aikon Mili) অসমৰ তথা মিচিং জনগোষ্ঠীৰ এগৰাকী মহিলা বক্সাৰ। তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বক্সিং প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰিছে।