অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

গীতালী বৰুৱা

গীতালী বৰুৱা (জন্ম: ১ জুলাই ১৯৬১) অসমীয়া সাহিত্য জগতৰ এগৰাকী কবি, ঔপন্যাসিক, গল্পকাৰ, প্ৰবন্ধকাৰ আৰু অভিনেত্ৰী।

হালনাগাদ: ৯ এপ্ৰিল ২০২৫ ১৩৩ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

গীতালী বৰুৱা (জন্ম: ১ জুলাই ১৯৬১) অসমীয়া সাহিত্য জগতৰ এগৰাকী কবি, ঔপন্যাসিক, গল্পকাৰ, প্ৰবন্ধকাৰ আৰু অভিনেত্ৰী।

শিক্ষা

বৰুৱাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰে।

কৰ্মজীৱন

গীতালী বৰুৱাই তেওঁৰ প্ৰথম কাব্য সংকলন 'একুৰি অনুভূতি' (২০০২) -ৰে সাহিত্য জগতৰ পাতনি মেলে। পৰৱৰ্তী সময়ত তেওঁৰ কেইবাখনো কাব্য সংকলন, গল্প সংকলন, উপন্যাস আৰু প্ৰবন্ধ সংকলন প্ৰকাশিত হয়। তেওঁ তৃতীয় শ্ৰেণীত পঢ়ি থাকোঁতেই 'অভিমান' নাটকযোগে প্ৰথমবাৰৰ বাবে অভিনয় জগতত প্ৰৱেশ কৰিছিল। পিছলৈ তেওঁ কেইবাখনো নাটক আৰু বোলছবিত অভিনয় কৰে।

ব্যক্তিগত জীৱন

গীতালী বৰুৱাই ১৯৮৭ চনত প্ৰতিষ্ঠিত চিকিৎসক অখিল কুমাৰ বৰুৱাৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। তেওঁলোকৰ একমাত্ৰ সন্তানৰ নাম মাধুৰ্য বৰুৱা (বুকু)।

বঁটা আৰু সন্মান

  • কবি কল্পদ্ৰুম বঁটা, ২০০৬
  • মাইকেল মধুসূদন বঁটা, ২০০৯ (সাহিত্যৰ ক্ষেত্ৰত)
  • অসম সাহিত্য সভাৰ বিষ্ণুপ্ৰসাদ ৰাভা বঁটা, ২০১২ (গল্প সংকলন:সমাবৃত)
  • এনাজৰী বঁটা, ২০১৪ (উপন্যাস:অযুগ্ম সংখ্যা)
  • অসম ক্ৰীড়া আৰু সাংস্কৃতিক মহোৎসৱৰ জীৱনজোৰা সাধনা বঁটা, ২০১৬
  • ব্যতিক্ৰম জীৱনজোৰা সাধনা বঁটা, ২০১৯

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমীয়া ঔপন্যাসিকঅসমীয়া গল্পকাৰঅসমীয়া কবিঅসমীয়া প্ৰবন্ধকাৰঅসমীয়া অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গীতালী বৰুৱা” প্ৰবন্ধৰ সংশোধন ৫০২৯২১ (৯ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।