অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জগদীপ ধনখড়

জগদীপ ধনখড় (Jagdeep Dhankhar; জন্ম: ১৮ মে, ১৯৫১) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু বৰ্তমান ভাৰতৰ ১৪তম উপৰাষ্ট্ৰপতি। ইয়াৰ আগতে তেওঁ পশ্চিমবংগ ৰাজ্যৰ ৰাজপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ সদস্য।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ১২৫ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

জগদীপ ধনখড় (Jagdeep Dhankhar; জন্ম: ১৮ মে, ১৯৫১) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু বৰ্তমান ভাৰতৰ ১৪তম উপৰাষ্ট্ৰপতি। ইয়াৰ আগতে তেওঁ পশ্চিমবংগ ৰাজ্যৰ ৰাজপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ সদস্য। তেওঁ চন্দ্ৰ শেখৰ মন্ত্ৰীসভাত সংসদীয় পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০২২ চনত তেওঁক ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটে ভাৰতৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰে আৰু সংযুক্ত গণতান্ত্ৰিক মৰ্চাৰ সমৰ্থিত প্ৰাৰ্থী মাৰ্গাৰেট আলভাক পৰাস্ত কৰি তেওঁ ভাৰতৰ ১৪তম উপৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয়।১

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯৫১ চনৰ ১৮ মে’ তাৰিখে ৰাজস্থান ৰাজ্যৰ ঝুনঝুনু জিলাৰ এখন সৰু গাঁও কিঠানাত জগদীপ ধনখড়ে জন্মগ্ৰহণ কৰিছিল। তেওঁ প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা ক্ৰমে কিঠানা চৰকাৰী বিদ্যালয় আৰু ঘৰধনা চৰকাৰী বিদ্যালয়ৰ পৰা সম্পূৰ্ণ কৰিছিল।২ তাৰপিছত তেওঁ চিত্তোৰগড় সৈনিক স্কুলৰ পৰা স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰাৰ পিছত জয়পুৰৰ ৰাজস্থান বিশ্ববিদ্যালয়ৰ পৰা বিজ্ঞান আৰু আইনৰ স্নাতক ডিগ্ৰী লাভ কৰে।৩

তথ্যসূত্ৰ

  1. ↑ (2022-07-16). Jagdeep Dhankhar, West Bengal Governor, is NDA’s Vice President candidate. The Indian Express
  2. ↑ (16 July 2022). Jagdeep Dhankhar: NDA's VP candidate is a Jat leader, coffee lover and Mamata-critic. The Tribune
  3. ↑ Jagdeep Dhankhar

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জগদীপ ধনখড়” প্ৰবন্ধৰ সংশোধন ৬৩৭১৩৩ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।