জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
বাসুদেৱ দাসগুপ্ত
বাসুদেৱ দাসগুপ্ত বাংলা ভাষাত হাংৰি আন্দোলনৰ ছুটি গল্পকাৰ আৰু উপন্যাসিক। ১৯৩৮ চনৰ ৩১ ডিচেম্বৰত তেঁওৰ জন্ম হয়। মৃত্যু: ২০০৫ চনৰ ৩১ আগস্ট।
-
বিজেন্দৰ সিং
বিজেন্দৰ সিং বেনিৱাল (Vijender Singh Beniwal; জন্ম: ২৯ অক্টোবৰ ১৯৮৫) এজন ভাৰতীয় পেছাদাৰী বক্সাৰ আৰু ৰাজনীতিবিদ। এজন অপেছাদাৰী হিচাপে, তেওঁ ২০০৮ বেইজিং অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। তেওঁ অলিম্পিক পদক জয় কৰা প্ৰথম ভাৰতীয় বক্সাৰ আছিল।
-
বিষ্ণুপ্ৰিয়া দেৱী
বিষ্ণুপ্ৰিয়া দেৱী হৈছে প্ৰাক্-জোনাকী যুগৰ এগৰাকী বিশিষ্ট কবি। তেওঁ গুণাভিৰাম বৰুৱাৰ দ্বিতীয়া ভাৰ্য্যা আছিল। ১৮৮৪ চনত শিশু আৰু চেমনীয়াসকলৰ বাবে নীতিকথা নামৰ এখন অমূল্য গ্ৰন্থ ৰচনা কৰিছিল। এই গ্ৰন্থখনত অনেক সাৰগৰ্ভ নীতিবচন আছে। তেওঁ অসমত নাৰীক শিক্ষিত কৰি তুলিবলৈ তেওঁ বিশেষ যত্ন কৰিছিল।
-
ভাৰ্জিল
পূব্লিউছ ৱেৰ্গিলিউছ মাৰ (Publius Vergilius Maro,; ১৫ অক্টোবৰ ৭০ খ্ৰী.পূ. – ২১ চেপ্টেম্বৰ ১৯ খ্ৰী.পূ.) বা ৱেৰ্গিল আগষ্টান যুগৰ এজন প্ৰাচীন ৰোমান কবি আছিল। তেওঁ লেটিন সাহিত্যৰ তিনিটা বিখ্যাত কবিতা ৰচনা কৰিছিল। এইকেইটা হৈছে: একলগ (বা বুকলিক্স), জৰ্জিক্স আৰু মহাকাব্য এনিড।
-
ভৃগুমুনি কাগয়ুং
ভৃগুমুনি কাগয়ুং (১৯৩৪-২০১১) এগৰাকী অসমীয়া সাহিত্যিক। তেখেতৰ জন্ম হয় ১৯৩৪ চনত শিৱসাগৰ জিলাৰ দিখৌমুখৰ আলিমুৰ মিচিং গাঁৱত।
-
মহৰ্ষি ভৰত
মহৰ্ষি ভৰত (Mohorkhi bharat) সংগীত জগতৰ এক স্মৰণীয় নাম।
-
মায়া (বুদ্ধদেৱৰ মাতৃ)
ৰাণী মায়াদেৱী (Queen Māyā of Sakya; Māyādevī) বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক সন্ত গৌতম বুদ্ধৰ জন্মদাত্ৰী মাতৃ। তেওঁ প্ৰথম বৌদ্ধ ভিক্ষুণী প্ৰজাপতি গৌতমীৰ বায়েক আৰু ৰজা শুদ্ধোধনৰ পত্নী। গৌতম বুদ্ধ বা সিদ্ধাৰ্থৰ প্ৰসৱৰ সময়ত তেওঁৰ মৃত্যু হৈছিল।
-
ললিত কুমাৰ দলে
ললিত কুমাৰ দলে (২৫ মে' ১৯২৭- ১৬ মাৰ্চ ১৯৮৬) এগৰাকী ভাৰতীয় ৰাজনীতিক আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ দলৰ অসমৰ নেতা আছিল। অসমৰ মিছিঙ সম্প্ৰদায়ৰ পৰা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱা তেওঁৱেই প্ৰথম ব্যক্তি আছিল। তেওঁ ১৯৭২ আৰু ১৯৮০ চনত প্ৰদেশ কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত হৈছিল।
-
হিতেশ ডেকা
হিতেশ ডেকা (Hitesh Deka) (১৮ ফেব্ৰুৱাৰী, ১৯২৪ - ৩০ আগষ্ট, ২০০০) অসমৰ এগৰাকী প্ৰসিদ্ধ সাহিত্যিক৷ অসমীয়া ভাষা-সাহিত্যৰ উপন্যাস, নাটক, প্ৰৱন্ধ আদি সকলা দিশতে তেখেতে বৰঙণি আগবঢ়াই গৈছে৷
-
হৰি বৰকাকতি
হৰি বৰকাকতি (Hari Borkataki) আধুনিক অসমীয়া কবিসকলৰ ভিতৰত হৰি বৰকাকতি এগৰাকী আগশাৰী কবি। তেওঁ পঞ্চম আৰু ষাঠি দশকৰ এগৰাকী উল্লেখনীয় কবি আছিল।
-
ৰঘুনাথ শিৰোমণি
ৰঘুনাথ শিৰোমণি (অনুমাণিক ১৪৭৭–১৫৪৭) এজন ভাৰতীয় দাৰ্শনিক আৰু যুক্তিবিদ আছিল। তেওঁ মিথিলা বিদ্যাপীঠ নামে জনাজাত প্ৰাচীন মিথিলা বিশ্ববিদ্যালয়ৰ মুৰব্বী আছিল। পশ্চিমবংগ ৰাজ্যৰ বৰ্তমানৰ নাদিয়া জিলাৰ নবদ্বীপত এক ব্ৰাহ্মণ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল।
-
ৰঞ্জিত বৰপূজাৰী
ৰঞ্জিত বৰপূজাৰী হ'ল অসমীয়া ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ। ১৯৪২ চনত শিৱসাগৰত জন্ম গ্ৰহণ কৰা ৰঞ্জিত বৰপূজাৰী ভাষা আন্দোলন সময়ত কটন কলেজৰ ছাত্ৰ আছিল আৰু বৰ্তমানৰ ‘ৰঞ্জিত বৰপূজাৰীৰ ছাত্ৰবাস’ৰ আৱাসী আছিল।
-
ৰতন সিং
ৰতন সিং বা দ্বিতীয় ৰতন সিং তেওঁ ৰাণা ছাংগাৰ পুত্ৰ আছিল।(মৃত্যু ১৫৩১) ১৫২৮ চনৰ পৰা ১৫৩১ চনলৈকে মেৱাৰৰ মহাৰাণা আছিল। ১৫৩১ চনত যুদ্ধৰ সময়ত তেওঁৰ মৃত্যু হয়। তেওঁৰ পিছত তেওঁৰ ভাতৃ বিক্ৰমাদিত্য সিং ৰাজপাটত বহে।
-
ৰত্নধ্বজপাল
ৰত্নধ্বজপাল চুতীয়া ৰজাসকলৰ মাজত এজন উল্লেখযোগ্য ৰজা আছিল। তেওঁ ৰজা হোৱাৰ সময় প্ৰায় ১২৪৪ খ্ৰীষ্টাব্দ। চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক বীৰপালৰ ৰাণীয়ে ৰূপৱতীয়ে হেনো কুবেৰৰ পূজা কৰি এটি পুত্ৰ সন্তান লাভ কৰে। তেওঁৰ নাম গৌৰনাৰায়ণ আছিল।
-
ৰবীন দে
ৰবীন দে (Robin Dey; ১৮ মাৰ্চ ১৯২২ – ২২ জুলাই ১৯৮০) অসমৰ এগৰাকী প্ৰসিদ্ধ থ্ৰিলাৰ ঔপন্যাসিক আৰু অভিনেতা। তেওঁ অসমীয়া সাহিত্যৰ পঢ়ুৱৈৰ বাবে ৰংমন ছদ্মনামেৰেহে বেছিকৈ পৰিচিত। ৰংমন ছদ্মনামত তেওঁ ৰচনা কৰা দস্যু ভাস্কৰ শৃংখলা অত্যন্ত জনপ্ৰিয় হৈছিল। তেওঁ পৱন চিৰিজো ৰংমন নামেৰে ৰচনা কৰিছিল।
-
ৰামেশ্বৰ তেলী
ৰামেশ্বৰ তেলী (Rameswar Teli) এজন ভাৰতীয় ৰাজনৈতিক নেতা। তেওঁ ডিব্ৰুগড় জিলাৰ দুলীয়াজানত বাস কৰে। তেওঁ বৰ্তমান ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ। ২০১৪ চনত অনুষ্ঠিত সাধাৰণ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ টিকটত তেওঁ সাংসদ নিৰ্বাচিত হয়।
-
ৰুদ্ৰ কন্দলী
ৰুদ্ৰ কন্দলী (Rudra Kandali) প্ৰাক-শংকৰী যুগৰ এগৰাকী উল্লেখযোগ্য কবি। সাহিত্য চৰ্চাৰ ক্ষেত্ৰত তেখেতে ৰজা শ্ৰীমন্ত তাম্ৰধ্বজৰ পৃষ্ঠপোষকতা লাভ কৰিছিল।
-
ৰুমা গুহ ঠাকুৰতা
ৰুমা গুহ ঠাকুৰতা (জন্ম: ৰুমা ঘোষ; Ruma Guha Thakurta; ২১ নৱেম্বৰ ১৯৩৪ – ৩ জুন ২০১৯) মূলতঃ বাংলা ভাষাৰ ছবিৰ সৈতে জড়িত এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু গায়িকা। ১৯৫৮ চনত কলকাতা য়ুথ কয়াৰ প্ৰতিষ্ঠা কৰে।
-
অপূৰ্ব বেজবৰুৱা
অপূৰ্ব বেজবৰুৱা (Apurba Bezbaruah, জন্ম:১৫ অক্টোবৰ ১৯৫১, মৃত্যু: ৯ ফেব্ৰুৱাৰী ২০২২) অসমৰ এগৰাকী কণ্ঠশিল্পী, কবি, গীতিকাৰ, সুৰকাৰ আৰু সংগীত পৰিচালক আছিল। তেওঁক অসমৰ সংগীতৰ ক্ষেত্ৰখনৰ বিহুসুৰীয়া গীতৰ ধাৰাটোৰ বাটকটীয়া বুলি কোৱা হয়।
-
অষ্টভুজ মহন্ত
অষ্টভুজ মহন্ত (? - ১৭৭০) মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ আছিল। এখেতৰ দিনতে অসম বুৰঞ্জীৰ প্ৰথম মোৱামৰীয়া বিদ্ৰোহ হৈছিল। অষ্টভূজ মহন্তৰ পিতৃ আছিল চতুৰ্ভূজদেৱ। চতুৰ্ভূজ দেৱৰ মৃত্যুৰ পাছত ১৭৮৪ চনত এখেত মায়ামৰা সত্ৰৰ অধিকাৰ হৈছিল। প্ৰথমে স্বৰ্গদেৱ ৰাজেশ্বৰ সিংহৰ লগত সদ্ভাৱ ৰাখি চলিছিল।
-
অসমীয়া অভিনেতা অভিনেত্ৰীসকলৰ তালিকা
অসমীয়া চলচ্চিত্ৰৰ অভিনেতা অভিনেত্ৰীসকলৰ তালিকা:-
-
অৰবিন্দ ত্ৰিবেদী
অৰবিন্দ ত্ৰিবেদী (Arvind Trivedi; ৮ নৱেম্বৰ ১৯৩৮ – ৬ অক্টোবৰ ২০২১) এগৰাকী ভাৰতীয় অভিনেতা। তেওঁ ৪০ বছৰৰো অধিক কাল ধৰি গুজৰাটী চলচ্চিত্ৰত কাম কৰিছিল। ৰামানন্দ সাগৰৰ জনপ্ৰিয় টেলিভিচন ধাৰাবাহিক ৰামায়ণত ৰাৱণৰ চৰিত্ৰত অভিনয় কৰি তেওঁ অধিক জনপ্ৰিয়তা অৰ্জন কৰিছিল৷ তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ সদস্য হিচাপে…
-
আকিৰা য়শ্বিন'
আকিৰা য়শ্বিন এগৰাকী জাপানী ৰসায়নবিদ। তেওঁ বৰ্তমান আছাহি কাছেই সংগঠনৰ সদস্য আৰু মেইজ' বিশ্ববিদ্যালয়ৰ অধ্যাপক। তেওঁ লিথিয়াম আয়ন বেটেৰীৰ উদ্ভাৱক। এই বেটেৰী বৰ্তমান ম'বাইল ফোন, নোটবুক, লেপটপ, গাড়ী ইত্যাদি সকলোতে ব্যৱহাৰ কৰা হয়। তেওঁ জন বেনিষ্টাৰ গুডএনাফ আৰু এম.
-
আছাদুদ্দিন ওৱাইছি
আছাদুদ্দিন ওৱাইছি এজন ভাৰতীয় ৰাজনীতিবিদ। তেওঁ সৰ্বভাৰতীয় মজলিছ-ই-ইত্তেহাদুল মুছলিমীন দলৰ সভাপতি। হায়দৰাবাদৰ পৰা লোকসভাৰ সদস্য হিচাপে ৫ বাৰকৈ নিৰ্বাচিত হৈছে।
-
আজলীতৰা নেওগ
আজলীতৰা নেওগ (১৯১৩–১৯৪৯) এগৰাকী অসমীয়া শিশু সাহিত্যিক আৰু কবি।
-
আনন্দ কুমাৰস্বামী
আনন্দ কুমাৰস্বামী (ANANDA COOMARASWAMY) হৈছে এগৰাকী দাৰ্শনিক।
-
আৰ্থাৰ অস্কিন
আৰ্থাৰ অস্কিন (Arthur Ashkin; জন্ম: ২ ছেপ্টেম্বৰ ১৯২২) এজন আমেৰিকান পদাৰ্থ বিজ্ঞানী। তেওঁ বেল পৰীক্ষাগাৰ আৰু লুচেণ্ট টেকন'লজিছত কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৬০ ৰ দশকত তেওঁ সূক্ষ্মকণা সমূহৰ ওপৰত লেজাৰেৰে পৰীক্ষা কৰাৰ ফলত ১৯৮৬ চনত অপ্টিকেল টুৱিজাৰ্ছ আৱিষ্কাৰ কৰে।
-
ইলা মিত্ৰ
ইলা মিত্ৰ (Ila Mitra; ১৮ অক্টোবৰ ১৯২৫ – ১৩ অক্টোবৰ ২০০২) এগৰাকী ভাৰতীয় উপমহাদেশৰ বিশেষকৈ পূব বংগ (বৰ্তমান বাংলাদেশ) -ৰ সাম্যবাদী আৰু কৃষক সংগ্ৰামী নেতা আছিল৷
-
উদয় উমেশ ললিত
উদয় উমেশ ললিত (Uday Umesh Lalit; জন্ম: ৯ নৱেম্বৰ ১৯৫৭) ভাৰতৰ ৪৯তম মুখ্য ন্যায়াধীশ। মুখ্য ন্যায়াধীশ এন. ভি. ৰমনায়ে অৱসৰ গ্ৰহণ কৰাৰ পিছত তেওঁ ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে। ইয়াৰ পূৰ্বে তেওঁ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কৰ্মৰত আছিল।
-
উমাশংকৰ যোশী
উমাশংকৰ যোশী (Umashankar Jethalal Joshi; জন্ম:২১ জুলাই’ ১৯১১ - মৃত্যু: ১৯ ডিচেম্বৰ ১৯৮৮) এগৰাকী ভাৰতীয় কবি, পণ্ডিত আৰু লেখক। গুজৰাটী সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক জনা যায়। তেওঁ গুজৰাটী ভাষাতে অধিকাংশ কাম কৰিছে।