গ্ৰেগ লিয়নাৰ্ড চেমেনজা (জন্ম: ১২ জুলাই ১৯৫৬) জনছ হপকিন্স স্কুল অফ মেডিচিনত শিশু চিকিৎসা, ৰেডিয়েছন অংক'লজি, জীৱবৈজ্ঞানীক ৰসায়ন, কৰ্কট ৰোগৰ অধ্যাপক। তেওঁ কোষ অভিযান্ত্ৰিক প্ৰতিষ্ঠানত ভাছকুলাৰ প্ৰগ্ৰেমৰ নিৰ্দেশক হিচাপে সেৱা আগবঢ়ায়ছিল।১ তেওঁ ২০১৬ চনত চিকিৎসা বিজ্ঞানৰ মৌলিক গৱেষণাৰ এলবাৰ্ট লাশকেৰ বঁটা লাভ কৰিছিল।২ তেওঁ এইছআইএফ-১ আৱিষ্কাৰ কৰাৰ বাবে বিশেষভাবে জনাজাত। ই কৰ্কট ৰোগৰ কোষ সমূহক অক্সিজেনৰ অভাৱত অনুকূল কৰি লয়। তেওঁ পিটাৰজন ৰেটক্লিফ আৰু উইলিয়াম কেলিন জুনিয়ৰৰ সৈতে "অক্সিজেনৰ উপলব্ধতাৰ ওপৰত কোষ সমূহে কেনেকৈ সংবেদন লাভ কৰে আৰু নিজকে সেই পৰিৱেশৰ উপযোগী কৰি লয় আৱিষ্কাৰ"ৰ বাবে ২০১৯ চনৰ চিকিৎসা বিজ্ঞানৰ ন'বেল বঁটা লাভ কৰে।৩৪
তথ্যসূত্ৰ
- ↑ Gregg L. Semenza, M.D., Ph.D.
- ↑ Foundation, Lasker. Oxygen sensing – an essential process for survival - The Lasker Foundation. The Lasker Foundation
- ↑ The Nobel Prize in Physiology or Medicine 2019. NobelPrize.org
- ↑ Kolata, Gina; Specia, Megan. (7 October 2019). Nobel Prize in Medicine Awarded for Research on How Cells Manage Oxygen - The prize was awarded to William G. Kaelin Jr., Peter J. Ratcliffe and Gregg L. Semenza for discoveries about how cells sense and adapt to oxygen availability.. The New York Times
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গ্ৰেগ লিয়নাৰ্ড চেমেনজা” প্ৰবন্ধৰ সংশোধন ৩১৮৪১২ (২ এপ্ৰিল ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।