অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কেশৱ মহন্ত (ৰাজনীতিবিদ)

কেশৱ মহন্ত (Keshab Mahanta; জন্ম: ৬ জুলাই ১৯৫৯) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু বৰ্তমান অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী। তেওঁ অসম গণ পৰিষদ নামৰ আঞ্চলিক দলৰ সৈতে জড়িত তথা বৰ্তমান ইয়াৰ কাৰ্যকৰী সভাপতি।

হালনাগাদ: ৩০ জানুৱাৰী ২০২৬ ১২১ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

কেশৱ মহন্ত (Keshab Mahanta; জন্ম: ৬ জুলাই ১৯৫৯) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু বৰ্তমান অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী। তেওঁ অসম গণ পৰিষদ নামৰ আঞ্চলিক দলৰ সৈতে জড়িত তথা বৰ্তমান ইয়াৰ কাৰ্যকৰী সভাপতি। ১৯৯৬ চনৰ পৰা ১৯৯৮ চনলৈ, অসমৰ কলিয়াবৰ সমষ্টিৰ পৰা ভাৰতৰ সংসদৰ নিম্ন সদন, লোকসভালৈ অসম গণ পৰিষদৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল। ২০০৬ চনৰ পৰা কলিয়াবৰ সমষ্টিৰ পৰা অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল।১২৩৪ তেওঁ ২০১৬ চনৰ পৰা ২০২১ চনলৈ, সোণোৱাল মন্ত্ৰালয়ত, অসম চৰকাৰৰ জল সম্পদ, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ প্ৰাক্তন মন্ত্ৰী আছিল। ২০২১ চনৰ পৰা বৰ্তমানলৈকে তেওঁ শৰ্মা মন্ত্ৰালয়ত অসম চৰকাৰৰ স্বাস্থ্য, পৰিয়াল কল্যাণ, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। তেওঁ ২০১৪ চনৰ পৰা অসম গণ পৰিষদৰ কাৰ্যকৰী সভাপতিৰ দায়িত্বত আছে।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (12 August 2015). State plans task force to track illegal migrants. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  2. ↑ MEMBER OF ASSAM LEGISLATIVE ASSEMBLY ESHAB MAHANTA. Assam Government
  3. ↑ (22 October 2012). AGP organisational meet held at Kaliabor. Assam Tribune
  4. ↑ General Elections, 1996 - Constituency Wise Detailed Results. ভাৰতৰ নিৰ্বাচন আয়োগ

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমৰ ৰাজনীতিকঅসম চৰকাৰৰ মন্ত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কেশৱ মহন্ত (ৰাজনীতিবিদ)” প্ৰবন্ধৰ সংশোধন ৫৭২৫৮৬ (৩০ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।