কামাখ্যা প্ৰসাদ তাছা (Kamakhya Prasad Tasa) (জন্ম ১ জুন ১৯৭৫) এগৰাকী ভাৰতীয় ৰাজনীতিক, যোৰহাট লোকসভা সমষ্টিৰ ২০১৪-১৯ চনৰ সাংসদ আৰু ২০১৯ চনৰ পৰা বৰ্তমানলৈকে ৰাজ্যসভাৰ সাংসদ। তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ ২০১৩-১৭ চনলৈকে অসম ৰাজ্যিক উপ-সভাপতি আৰু ২০২৩ চনৰ পৰা বৰ্তমানলৈকে ৰাষ্ট্ৰীয় সম্পাদক।
পৃষ্ঠভূমি
তাছাৰ জন্ম হয় ১৯৭৫ চনৰ ১ জুনত যোৰহাটত। তেওঁৰ পিতৃ স্বৰ্গীয় দেওৰাম তাছা আৰু মাতৃ চম্পা তাছা। তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞান বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।
ৰাজনৈতিক জীৱন
তাছাই ২০১৪ চনৰ ২৬ মাৰ্চত সাংসদ হিচাপে কাৰ্য্যভাৰ গ্ৰহণ কৰে।১ ১ ছেপ্তেম্বৰ ২০১৪ চনত তেওঁ পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছৰ ষ্টেণ্ডিং কমিটিৰ সদস্য ৰূপে নিৰ্বাচিত হয়।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কামাখ্যা প্ৰসাদ তাছা” প্ৰবন্ধৰ সংশোধন ৩৮৯৬৫৮ (৩১ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।