অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

চাইৰাছ মিষ্ট্ৰী

চাইৰাছ মিষ্ট্ৰী (Cyrus Mistry; জন্ম: ১১ মাৰ্চ ১৯৫৬) এগৰাকী ভাৰতীয় লেখক আৰু নাট্যকাৰ। তেওঁ ২০১৪ চনত ক্ৰনিকেল অৱ আ কৰ্পচ্‌ বিয়েৰাৰ গ্ৰন্থৰ বাবে দক্ষিণ এছীয় সাহিত্যৰ বাবে প্ৰদান কৰা ডি এছ চি পুৰস্কাৰ লাভ কৰিছিল। ২০১৫ চনত কিতাপখনে ইংৰাজী সাহিত্যত সাহিত্য অকাডেমি বঁটা লাভ কৰে।

হালনাগাদ: ৬ জুন ২০২৫ ১০৯ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

চাইৰাছ মিষ্ট্ৰী (Cyrus Mistry; জন্ম: ১১ মাৰ্চ ১৯৫৬১) এগৰাকী ভাৰতীয় লেখক আৰু নাট্যকাৰ। তেওঁ ২০১৪ চনত ক্ৰনিকেল অৱ আ কৰ্পচ্‌ বিয়েৰাৰ গ্ৰন্থৰ বাবে দক্ষিণ এছীয় সাহিত্যৰ বাবে প্ৰদান কৰা ডি এছ চি পুৰস্কাৰ লাভ কৰিছিল।২৩ ২০১৫ চনত কিতাপখনে ইংৰাজী সাহিত্যত সাহিত্য অকাডেমি বঁটা লাভ কৰে। তেওঁ লেখক ৰোহিণ্টন মিষ্ট্ৰীৰ ভাতৃ।৪

মিষ্ট্ৰী মুম্বাই নিবাসী।২ কম বয়সতে তেওঁ নাট্যকাৰ হিচাপে লিখিবলৈ আৰম্ভ কৰিছিল,৫ আৰু সাংবাদিক তথা চুটিগল্প লেখক হিচাপে নাম কৰিছিল। ১৯৭৯ চনত তেওঁৰ প্ৰথমটো চুটি গল্প প্ৰকাশ পাইছিল।২ মিষ্ট্ৰীৰ চুটিগল্পৰ আধাৰত নিৰ্মিত পাৰ্চি নামৰ এখন ছবিয়ে ১৯৯১ চনৰ শ্ৰেষ্ঠ গুজৰাটী ছবিৰ ৰাষ্ট্ৰীয় বঁটা৬ৰ লগতে মানহাইম চলচ্চিত্ৰ মহোৎসৱত সমালোচকৰ বঁটাও লাভ কৰিছিল।৭ এই চলচ্চিত্ৰখনৰ চিত্ৰনাট্য আৰু সংলাপও তেওঁ লিখিছিল।৭

তেওঁৰ নাটক ডুংগাজী হাউছক “ইংৰাজীত সমসাময়িক ভাৰতীয় নাটকৰ এক গুৰুত্বপূৰ্ণ ৰচনা হিচাপে গণ্য কৰা হয়।”২ তেওঁৰ প্ৰথম উপন্যাসখন আছিল দ্য ৰেডিয়েন্স অৱ এছেছ। কিতাপখন ২০০৫ চনত ক্ৰছৱৰ্ড বঁটাৰ বাবে মনোনীত হৈছিল। তেওঁৰ দ্বিতীয়খন উপন্যাস ২০১৩ চনত প্ৰকাশিত ক্ৰনিকেল অৱ আ কৰ্পচ্‌ বিয়েৰাৰ। এই উপন্যাসখনত পাৰ্চি সম্প্ৰদায়ৰ ভিতৰৰ খান্দিয়াসকলৰ কাহিনী কোৱা হৈছে, যি মৃতকৰ মৃতদেহ টাৱাৰ অৱ চাইলেন্সলৈ লৈ যায় আৰু তাত এইবোৰ শগুণে ভক্ষণ কৰে।২৮

বঁটা আৰু স্বীকৃতি

সৃষ্টিশীল কাম

তথ্যসূত্ৰ

  1. ↑ (1996). Who's who in India. Guide Publications. পৃ. 276
  2. ↑ Aditi Malhotra. (18 January 2014). Indian Wins South Asian Prize for Literature. The Wall Street Journal
  3. ↑ PTI. (18 January 2014). Cyrus Mistry wins DSC Prize for 2014. দ্য হিন্দু
  4. ↑ Amrita Madhukalya. (17 January 2014). Parsis walk from outside to take my story forward: Cyrus Mistry. DNA India
  5. ↑ (12 November 2013). Active marketing important in publishing: Author Cyrus Mistry. Press Trust of India
  6. ↑ 37th National Film Awards. Directorate of Film Festivals
  7. ↑ Shashi Baliga. (5 August 2012). A legacy of silence. The Hindu
  8. ↑ Tara Sahgal. (17 August 2012). Chronicle of a Corpse Bearer (review). Time Out Mumbai
  9. ↑ Sahithya Academy Award 2015. sahitya-akademi.gov.in. Sahitya-Akademi

সম্পৰ্কিত শ্ৰেণী

সাহিত্যিকঔপন্যাসিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চাইৰাছ মিষ্ট্ৰী” প্ৰবন্ধৰ সংশোধন ৫১৫৫৭৪ (৬ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।