জেৰাৰ্ড এলবাৰ্ট মৌৰো (Gérard Albert Mourou;; জন্ম: ২২ জুন ১৯৪৪) এজন ফ্ৰেন্স বৈজ্ঞানিক। তেওঁ বৈদ্যুতিক অভিযান্ত্ৰিকতা আৰু লেজাৰ বিশেষজ্ঞ। তেওঁ তেওঁৰ ছাত্ৰী ডনা ষ্ট্ৰিকলেণ্ডৰ সৈতে চিৰপেদ পালছ্ এম্পলিফিকেচন নামৰ প্ৰযুক্তি আৱিষ্কাৰ কৰে।১ এই আৱিষ্কাৰৰ বাবে তেওঁলোকে আৰ্থাৰ অস্কিনৰ সৈতে যুটীয়ভাৱে ২০১৮ চনৰ পদাৰ্থ বিজ্ঞানৰ ন'বেল বঁটা লাভ কৰে।
১৯৯৪ চনত মৌৰো আৰু তেওঁৰ দলে মিছিগান বিশ্ববিদ্যালয়ত চেল্ফ ফকাছিং প্ৰতিসৰণ (কেৰ ইফেক্ট) আৰু আয়নিকৰণৰ সহায়ত চেল্ফ এতেনোৱাটিং ডিফ্ৰাকচন ৰ মাজত সমানতা আৱিষ্কাৰ কৰে।
বঁটা আৰু সন্মান
- ১৯৯৫ – অপ্টিকেল ছচাইটি অফ আমেৰিকাৰ উদ বঁটা২
- ১৯৯৭ - এছপিআইই হাৰল্ড ই. ইডগাৰ্তন বঁটা৩
- ২০০৪ – আইইইই এলইঅএছ কোৱাণ্টাম ইলেকট্ৰনিকছ এৱাৰ্ড৪৫
- ২০০৫ – লেজাৰ বিজ্ঞান আৰু কোৱাণ্টাম অপটিক্স ৱিলিছ ই. লেম্ব এৱাৰ্ড৬
- ২০০৯ – অপ্টিকেল ছচাইটিৰ চাৰ্লছ হাৰ্ড টাউন এৱাৰ্ড৭
- ২০১৮ – ডনা ষ্ট্ৰিকলেণ্ড আৰু আৰ্থাৰ অস্কিনৰ সৈতে যুটীয়াভাৱে পদাৰ্থ বিজ্ঞানৰ ন'বেল বঁটা৮
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Gérard Mourou Profile engin.umich.edu Retrieved 2 October 2018
- ↑ আৰ্কাইভ কপি
- ↑ SPIE Harold E. Edgerton Award in High-Speed Optics. spie.org. International Society for Optics and Photonics
- ↑ Wayback Machine. web.archive.org
- ↑ আৰ্কাইভ কপি
- ↑ Gérard Mourou -- the 2005 Willis E. Lamb Award for Laser Science and Quantum Optics. www.lambaward.org
- ↑ আৰ্কাইভ কপি
- ↑ Arthur Ashkin, Gérard Mourou and Donna Strickland win the Nobel Prize for Physics. Physics World
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জেৰাৰ্ড মৌৰো” প্ৰবন্ধৰ সংশোধন ৪০৮২৯৭ (২৭ ফেব্ৰুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।