কমল কুমাৰী বৰুৱা (১৮৯৯-১৯৭৮) অসমৰ ঠেঙালৰ খঙীয়া বৰুৱা পৰিয়ালৰ এগৰাকী বিদূষী মহিলা আছিল।১ নগাঁৱৰ বৰ এলেঙী সত্ৰত জন্মলাভ কৰা কমল কুমাৰী বৰুৱাৰ পিতৃ-মাতৃ আছিল মহেন্দ্ৰনাথ বৰুৱা আৰু স্বৰ্ণলতা বৰুৱা।২ ১৯১৭ চনত খঙীয়া বৰুৱা পৰিয়ালৰ শিৱ প্ৰসাদ বৰুৱাৰ লগত তেখেতৰ বিয়া হয়। এই পৰিয়ালটোৱে অসমীয়া সংস্কৃতি-পৰম্পৰা ৰক্ষা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। ১৯৩৮ চনত পতিৰ মৃত্যুৰ পিছত তেখেতে চাহ বাগিছাকে ধৰি ঠেঙাল পৰিয়ালৰ বৃহৎ সা-সম্পত্তি চম্ভালি ল'বলগীয়া হয়। ব্যৱসায় কৰাত সুবিধা হ'বলৈ তেখেতে ইংৰাজী ভাষা, চাহ উৎপাদন আদিৰ শিক্ষা গ্ৰহণ কৰে আৰু সকলো কাম চলাই যায়।১
কে কে ফাউণ্ডেছন
মূল প্ৰবন্ধ: কমল কুমাৰী ফাউণ্ডেছন
১৯৯০ চনত তেখেতৰ স্মৃতিৰক্ষাৰ্থে কমল কুমাৰী ফাউণ্ডেছন আৰম্ভ কৰা হয়।৩ ১৯৯১ চনৰ পৰা এই ফাউণ্ডেছনে কলা, সংস্কৃতি, সাহিত্য, বিজ্ঞান আৰু প্ৰযুক্তি বিষয়ত ব্যক্তিবিশেষ বা গোটক কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰি আহিছে। সাংবাদিকতাৰ বাবে ১৯৯৯ চনৰ পৰা শিৱপ্ৰসাদ বৰুৱা ৰাষ্ট্ৰীয় বঁটাও এই ফাউণ্ডেছনে প্ৰদান কৰে।
লগতে চাওক
- হেমেন্দ্ৰ প্ৰসাদ বৰুৱা
- শিৱ প্ৰসাদ বৰুৱা
- কমল কুমাৰী ফাউণ্ডেছন
- কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা
তথ্যসূত্ৰ
- ↑ Kamal Kumari Barooah. The Kamal Kumari foundation
- ↑ ৰুবী বি দাস. (৩১ মাৰ্চ, ২০১৩). খঙীয়া বৰুৱা পৰিয়াল. দৈনিক জনমভূমিৰ দেওবৰীয়া আলোচনী বসুন্ধৰা'''
- ↑ (April 20, 2009). Kamal Kumari awards announced. The Assam Tribune
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কমল কুমাৰী বৰুৱা” প্ৰবন্ধৰ সংশোধন ৫৬১৮১১ (৭ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।