জয়ভদ্ৰ হাগজেৰ (Joy Bhadra Hagjer; 1914–1973) এজন ভাৰতীয় ৰাজনৈতিক নেতা আছিল। হাফলঙৰ ওচৰৰ নানাদিছা নামৰ সৰু গাঁও এখনত তেওঁৰ জন্ম হৈছিল।১ তেওঁ অসম বিধানসভাৰ বিভিন্ন পদবীত কাৰ্যনিৰ্বাহ কৰি গৈছে। ১৮ জুলাই ১৯৭৩-ত তেওঁৰ ৫৯ বছৰত তেওঁৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁ অসম চৰকাৰৰ পশুপালন, কাৰাগাৰ আৰু সংখ্যালঘু দপ্তৰৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। তেওঁক বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি হিচাপে সন্মানিত কৰা হৈছিল।২
ব্ৰিটিছ ৰাজৰ চিলেটৰ (বৰ্তমান বাংলাদেশত) মুৰাৰী চান্দ কলেজৰ তেওঁ এজন প্ৰাক্তন ছাত্ৰ। এই কলেজখনৰ পৰা তেওঁ কলা শাখাত স্নাতক ডিগ্ৰী লৈছিল।
তথ্যসূত্ৰ
- ↑ (23 July 1973). Proceedings, Meghalaya Legislative Assembly
- ↑ বড়ো সাহিত্য সভা
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জয়ভদ্ৰ হাগ্জেৰ” প্ৰবন্ধৰ সংশোধন ৪২৯৪২২ (২২ আগষ্ট ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।