কৌশানী মুখোপাধ্যায় এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু ৰাজনীতিবিদ। তেওঁ মূলতঃ বাংলা ছবিত অভিনয় কৰে।১ ২০১৫ চনত বনি সেনগুপ্তৰ বিপৰীতে পাৰব না আমি ছাড়তে তোকে ছবিত অভিনয় কৰি তেওঁ চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰিছিল। ৰাজ চক্ৰৱৰ্তীৰ দ্বাৰা পৰিচালিত এই ছবিখনে ছবিগৃহত বিপুল সফলতা লাভ কৰিছিল।২
কৰ্মজীৱন
২০১৫ চনত মুখোপাধ্যায়ে মিছ বিউটি অৱ কলকাতা সন্মান লাভ কৰে।৩
মুখোপাধ্যায়ে ২০১৫ চনত ৰাজ চক্ৰৱৰ্তীৰ চিনেমা পাৰব না আমি ছাড়তে তোকে জৰিয়তে চলচ্চিত্ৰ জীৱনৰ আৰম্ভণি কৰিছিল।৪ চিনেমাখনৰ অপৰ্ণা শীৰ্ষক নায়িকাৰ চৰিত্ৰত অভিনয় কৰিছে মুখোপাধ্যায়ে।৫ ২০১৬ চনত তেওঁ ৰাজা চন্দৰ পৰিচালনাত নিৰ্মিত ৰোমান্টিক কমেডী ছবি কেলোৰ কীৰ্তিত অভিনয় কৰিছিল।৬৭৮ কেলোৰ কীৰ্তিত তেওঁ এগৰাকী সাংবাদিকৰ প্ৰেমত পৰা অনুষ্কা নামৰ এগৰাকী ধনী যুৱতীৰ চৰিত্ৰত অভিনয় কৰিছে।৯ ২০১৭ চনত তেওঁ ৰবি কিনাগীৰ দ্বাৰা পৰিচালিত জিও পাগলা নামৰ ছবিখনত অভিনয় কৰিছিল।১০ ২০১৯ চনত এফএফএচিই ফেশ্বন কেলেণ্ডাৰৰ কভাৰ হিচাপে তেওঁক চুক্তিবদ্ধ কৰা হয়।
চলচ্চিত্ৰপঞ্জী
| এতিয়াও মুক্তি নোপোৱা চলচ্চিত্ৰসমূহক বুজায় |
| বছৰ | চলচ্চিত্ৰ | ভূমিকা | পৰিচালক | টোকা | সন্দৰ্ভ |
|---|---|---|---|---|---|
| ২০১৫ | পাৰব না আমি ছাড়তে তোকে | অপৰ্ণা ৰায় / অপু | ৰাজ চক্ৰৱৰ্তী | ||
| ২০১৬ | কেলোৰ কীৰ্তি | অনুষ্কা | ৰাজ চন্দ | ||
| ২০১৭ | তোমাকে চাই | দিয়া | ৰাজীৱ কুমাৰ বিশ্বাস | ||
| জিও পাগলা | মনালিছা | ৰবি কিনাগী | |||
| ২০১৮ | হইচই আনলিমিটেড | অনিন্দিতা | অনিকেত চট্টোপাধ্যায় | ||
| গাৰ্লফ্ৰেণ্ড | সুচিত্ৰা | ৰাজ চন্দ | |||
| ২০১৯ | জামাই বদল | বৰ্ষা | ৰবি কিনাগী | ||
| বাচ্চা শশুৰ | জোনাকী | বিশ্বৰূপ বিশ্বাস | |||
| জানবাজ | প্ৰিয়া সৰকাৰ / লেডী পুলিচ অফিচাৰ | অনুপ সেনগুপ্ত | ১১ | ||
| ২০২০ | বিয়ে.কম | শ্ৰেয়া | অভিজিৎ গুহ, সুদেষ্ণা ৰায় | জি৫ত মুক্তি দিয়া হৈছে | ১২ |
| ২০২১ | তুমি আসবে বলে | আঁখী | সুজিৎ মণ্ডল | ||
| ফিৰে দেখা | জি৫ত মুক্তি দিয়া হৈছে | ||||
| ২০২২ | অন্তৰ্জাল | প্ৰাৰ্জুন মজুমদাৰ | |||
| হীৰকগড়েৰ হীৰে | সায়ন্তন ঘোষাল | জি৫ত মুক্তি দিয়া হৈছে | |||
| শুভ বিজয়া | ৰোহন সেন | ||||
| প্ৰজাপতি | জয়শ্ৰী সেন | অভিজিৎ সেন | |||
| ২০২৩ | ডাল বাতি চূৰমা চচ্চৰী | বৰ্ষা | হৰনাথ চক্ৰৱৰ্তী | লগতে প্ৰযোজকো | |
| হাংগামা.কম | ড° কৃষ্ণেন্দু চট্টোপাধ্যায় | ||||
| সব কৰো প্ৰেম কৰোনা | দেৱৰাজ সিনহা | ||||
| অংশুমান এমবিএ | অভিজিৎ গুহ, সুদেষ্ণা ৰায় | ||||
| আবাৰ প্ৰলয় | মোহিনী মা/মণি | ৰাজ চক্ৰৱৰ্তী | জি৫ৰ ৱেব ছিৰিজ | ১৩ |
তথ্যসূত্ৰ
- ↑ Koushani Mukherjee: Movies, Photos, Videos, News, Biography & Birthday · eTimes. The Times of India
- ↑ Rom-com Parbona Ami Charte Toke releases today! - Times of India. The Times of India
- ↑ (19 February 2015). The glitter girls. The Telegraph
- ↑ (23 September 2015). Love Stories Ideal Launchpad for Newcomers: Raj Chakraborty. Hundustan Times
- ↑ (11 December 2015). PARBO NA AMI CHARTE TOKEY World TV Premiere on STAR JALSHA · Koushani Mukherjee, Swastika Dutta, Bonny Sengupta. WBRi Washington Bangla Radio USA
- ↑ Buzarbaruah, Upam. (14 July 2016). Kelor Kirti Movie Review. The Times of India
- ↑ Shocking: Did Ankush and Koushani secretly get married? - Times of India. The Times of India
- ↑ Mimi, Nusrat, Sayantika and Koushani have a laugh riot!""Mimi, Nusrat, Sayantika and Koushani have a laugh riot!", 12 January 2017
- ↑ Ganguly, Ruman. (12 January 2017). Kelor Kirti is an hilarious tale of seven youngsters – Times of India. The Times of India
- ↑ Bonny and Koushani pair up for Ravi Kinnagi's film "Jio Pagla" - Times of India. The Times of India
- ↑ First look: Tolly starlet Koushani Mukherjee on her latest release, Jaanbaaz. www.indulgexpress.com
- ↑ বনি-কৌশানীয়ে বিবাহৰ বাবে মেট্ৰিমনিয়েল চাইটত পঞ্জীয়ন কৰিলে. News18 Bangla
- ↑ (2023-08-06). মই তেওঁলোকৰ অনুৰাগী হৈ থাকিব বিচাৰো: কৌশানী. MTnews24
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কৌশানী মুখোপাধ্যায়” প্ৰবন্ধৰ সংশোধন ৬০২১৪৮ (২৩ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।