জিণ্টু গগৈ (Jintu Gogoi) এজন অসম সন্তান আৰু কাৰ্গিল যুদ্ধৰ এজন শ্বহীদ।১
জন্ম আৰু পৰিচয়
১৯৭০ চনৰ ২১ নৱেম্বৰত জিণ্টু গগৈৰ জন্ম হৈছিল।১অসমৰ গোলাঘাট জিলাৰ এখন সৰু নগৰ খুমটাইত জিণ্টুৰ জন্ম হৈছিল। ২তেখেতৰ পিতৃৰ নাম ঠগিৰাম আৰু মাতৃৰ নাম দুলুপ্ৰভা। পিতৃ ঠগিৰাম ভাৰতীয় বায়ুসেনা বিভাগৰ এজন দক্ষ আৰু অভিজ্ঞ বিষয়া আছিল। ২ জিণ্টু গগৈৰ লুনা নামৰ এজনী ভনীয়েক আছিল।
সৈনিকজীৱন
জিণ্টু গগৈ ১৭ নং গাড়ৱাল ৰাইফলছৰ কেপ্টেইন আছিল। সেই সময়ত বাটালিক ছেক্টৰৰ জুবাৰ কমপ্লেক্সৰ কালাপাথৰ ৰিঝ লাইন শত্ৰুৰ হাতৰ পৰা মুক্ত কৰিবলৈ দায়িত্ব পাইছিল। ১৯৯৯ চনৰ ২৯ আৰু ৩০ জুনত সেই দায়িত্ব পালন কৰোঁতে তেওঁ শ্বহীদ হয়।১
স্বীকৃতি
মৰণোত্তৰভাৱে কেপ্টেইন জিণ্টু গগৈক ১৯৯৯ চনৰ স্বাধীনতা দিৱসত৩বীৰ চক্ৰ১ আৰু ২০০৮ চনৰ ১৯ জুলাইত৪ বীৰ চিলাৰায় বঁটাৰে সন্মানিত কৰা হয়।
মৃত্যু
১৯৯৯ চনৰ ৩০ জুনত জিণ্টু গগৈৰ ২৯ বছৰ পূৰনহওঁতেই মৃত্যু হয়।১
তথ্যসূত্ৰ
- ↑ অভিজিত কলিতা. (২০১৯). এখন আকাশ দুখন পৃথিৱী. সঞ্জীৱন প্ৰকাশন,প্ৰীতিমা কৌশিক বৰুৱা. পৃ. ৪৬,৪৭,৪৮,৪৯
- ↑ https://www.honourpoint.in/profile/captain-jintu-gogoi-vrc-3/
- ↑ https://gallantryawards.gov.in/Awardee/jintu-gogoi
- ↑ শান্তনু কৌশিক বৰুৱা, প্ৰীতিমা কৌশিক বৰুৱা. (২০১৭). নতুন জানানে ২০১৮. জ্যোতি প্ৰকাশন. পৃ. ৫০০. ISBN 81-86827-11-0
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জিণ্টু গগৈ” প্ৰবন্ধৰ সংশোধন ৫৪৫২০৬ (২৫ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।