দীপ গগৈ (জন্ম ১৭ ডিচেম্বৰ ১৯৫১) এগৰাকী ভাৰতীয় ৰাজনীতিক আৰু বৰ্তমান লোকসভাৰ সাংসদ। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সদস্য আৰু লোকসভাত অসমৰ কলিয়াবৰ মহকুমা লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰে।
পৃষ্ঠভূমি
গগৈয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল। তেওঁৰ পত্নী মিতালি গগৈ। ১২
ৰাজনৈতিক কেৰিয়াৰ
গগৈয়ে ২০০১ চনত অসম বিধানসভালৈ তিতাবৰ মহকুমা সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল১ যদিও কেইমাহমান পিছতে সেই আসন ভাতৃ তৰুণ গগৈৰ বাবে খালী কৰি দিয়ে। ১৩ তাৰ পিছত তেওঁ তৰুণ গগৈয়ে প্ৰতিনিধিত্ব কৰি থকা কলিয়াবৰ মহকুমা লোকসভা সমষ্টিৰ পৰা উপ-নিৰ্বাচনত নিৰ্বাচনত অৱতীৰ্ণ হৈ সাংসদ হিচাপে নিৰ্বাচিত হয়। ১ ২০০৪ আৰু ২০০৯ চনত দীপ গগৈ পুনৰ লোকসভালৈ সাংসদ হিচাপে নিৰ্বাচিত হয়। ১১
তথ্যসূত্ৰ
- ↑ Shri Dip Gogoi. Government of India
- ↑ Dip Gogoi. Netapedia
- ↑ (15 May 2001). Dip Gogoi to relinquish his Titabar seat for brother Tarun. The Sentinel
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দীপ গগৈ” প্ৰবন্ধৰ সংশোধন ৩৮৯৬৩২ (৩০ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।