অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

মানুহ হোৱাৰ গৌৰৱ

মানুহ হোৱাৰ গৌৰৱ (Manuh Huaar Gourab) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন দুঃসাহসিক অভিযানমূলক গ্ৰন্থ। ইয়াত মানুহে পোনপ্ৰথমবাৰৰ বাবে দক্ষিণ মেৰু বিজয় কৰাৰ কাহিনী বৰ্ণনা কৰিছে। গ্ৰন্থখন ১৯৯৪ চনৰ জানুৱাৰী মাহত ষ্টুডেণ্টচ ষ্ট'ৰচ প্ৰকাশনৰ পৰা প্ৰকাশ হয়।

হালনাগাদ: ৭ ডিচেম্বৰ ২০২৩ ১০৬ শব্দ · ১ মিনিট সংগৃহীত ৯০
সংশোধনৰ পৰামৰ্শ

মানুহ হোৱাৰ গৌৰৱ (Manuh Huaar Gourab) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন দুঃসাহসিক অভিযানমূলক গ্ৰন্থ। ইয়াত মানুহে পোনপ্ৰথমবাৰৰ বাবে দক্ষিণ মেৰু বিজয় কৰাৰ কাহিনী বৰ্ণনা কৰিছে। গ্ৰন্থখন ১৯৯৪ চনৰ জানুৱাৰী মাহত ষ্টুডেণ্টচ ষ্ট'ৰচ প্ৰকাশনৰ পৰা প্ৰকাশ হয়।১

বিৱৰণ

কিতাপখনত ১১ টা প্ৰবন্ধত লিখা হৈছে। প্ৰবন্ধকেইটা হ'ল, 'অভিযান','দক্ষিণ মেৰু মহাদেশ','অকলশৰীয়া এণ্টাৰ্কটিকা', 'বাটকটীয়াসকল', 'ৰবাৰ্ট ফেলকন স্কট', 'দক্ষিণ মেৰু অভিযানৰ পৰিকল্পনা','স্কটৰ প্ৰথম এণ্টাৰ্কটিকা অভিযান','দক্ষিণ মেৰু অভিযান', 'প্ৰতিযিগিতা আৰম্ভ হ'ল', 'বগা বৰফৰ মাজত ক'লা পতাকাখন' আৰু 'ব্যৰ্থ হৈয়ো বিজয়ী'। ১

লেখকৰ চমু পৰিচয়

মূল প্ৰবন্ধ: হোমেন বৰগোহাঞি

অসমৰ এগৰাকী প্ৰখ্যাত সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ। ১৯৭৮ চনত পিতা-পুত্ৰ (গ্ৰন্থ) গ্ৰন্থখনৰ বাবে অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটাৰে সন্মানিত হয়।২ ১৯৩২ চনত হোমেন বৰগোহাঞিৰ অসমৰ লখিমপুৰ জিলাৰ ঢকুৱাখনাত জন্ম হয়।৩

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ হোমেন বৰগোহাঞি. (আগষ্ট,২০১৫). মানুহ হোৱাৰ গৌৰৱ. শ্ৰী অজয় কুমাৰ দত্ত
  2. ↑ Sahitya Akademi Official website
  3. ↑ Desk, Digital. (12 May 2021). Breaking: Eminent litterateur, journalist Homen Borgohain no more » News Live TV » Assam. News Live TV

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থপ্ৰবন্ধ গ্ৰন্থহোমেন বৰগোহাঞিৰ সাহিত্যৰাজি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মানুহ হোৱাৰ গৌৰৱ” প্ৰবন্ধৰ সংশোধন ৩৯৫৫২৪ (৭ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।