অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

ছাংলট ফেন্‌লা

ছাংলট ফেন্‌লা হৈছে লেখক-সাংবাদিক পৰাগ কুমাৰ দাসৰ এখন বহুপঠিত উপন্যাস। উপন্যাসখনৰ যোগেদি লেখকে অসমৰ এটা নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠনৰ উত্থান আৰু অৱক্ষয়ৰ বিভিন্ন দিশ সম্পৰ্কে বৰ্ণনা কৰিছে।

হালনাগাদ: ২৪ অক্টোবৰ ২০২১ ১৪১ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

ছাংলট ফেন্‌লা হৈছে লেখক-সাংবাদিক পৰাগ কুমাৰ দাসৰ এখন বহুপঠিত উপন্যাস। উপন্যাসখনৰ যোগেদি লেখকে অসমৰ এটা নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠনৰ উত্থান আৰু অৱক্ষয়ৰ বিভিন্ন দিশ সম্পৰ্কে বৰ্ণনা কৰিছে।

লেখকৰ পৰিচয়

মূল প্ৰবন্ধ: পৰাগ কুমাৰ দাস

পৰাগ কুমাৰ দাস (জন্ম: ২৪ ফেব্ৰুৱাৰী, ১৯৬১ - মৃত্যু: ১৭ মে, ১৯৯৬) আছিল অসমৰ সংবাদপত্ৰ অসমীয়া প্ৰতিদিনৰ ভূতপূৰ্ব সম্পাদক, সাংবাদিক, মানৱ অধিকাৰ কৰ্মী আৰু অসমত মানৱ অধিকাৰ সংগ্ৰামৰ এজন আগৰণুৱা। পৰাগ কুমাৰ দাসে দিল্লীৰ ছেইণ্ট ষ্টিফেন্‌চ মহাবিদ্যালয় আৰু দিল্লী অৰ্থনীতি বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিল। তেওঁ "মানৱ অধিকাৰ সংগ্ৰাম সমিতি" (MASS)ৰো প্ৰতিষ্ঠাপক নেতা আছিল। তাৰ আগতে তেওঁ "গুৱাহাটী ষ্টক এক্সচেঞ্জ"ত প্ৰবন্ধক হিচাপে কাম কৰিছিল।

১৯৯৬ চনত ছালফাই তেওঁক হত্যা কৰে।

প্ৰকাশ

এই উপন্যাসখন প্ৰথমে উদাংশ্ৰী প্ৰকাশনৰ পৰা ১৯৯৩ চনৰ জানুৱাৰী মাহত প্ৰকাশ হৈ ওলায়। এই প্ৰকাশনৰ পৰা উপন্যাসখনৰ চতুৰ্থ সংস্কৰণ ১৯৯৭ চনৰ জুলাইত প্ৰকাশ পায়। ‌‌‌১ ইয়াৰ পাছত ২০১৩ চনৰ ডিচেম্বৰত আলিবাট প্ৰকাশনৰ হৈ প্ৰাঞ্জল কুমাৰ মহন্তই কিতাপখন প্ৰকাশ কৰি উলিয়ায়।

তথ্যসূত্ৰ

  1. ↑ দাস, পৰাগ কুমাৰ. ছাংলট ফেনলা. প্ৰাঞ্জল কুমাৰ মহন্ত. ISBN 978-9381-069-8-37

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থঅসমীয়া উপন্যাস

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছাংলট ফেন্‌লা” প্ৰবন্ধৰ সংশোধন ৩০৪৭৬৮ (২৪ অক্টোবৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।