জৌনসাৰী (দেৱনাগাৰী লিপিত: जौनसारी, ) এটি পশ্চিমীয়া পাহাড়ী ভাষা যাক উত্তৰাখণ্ড ৰাজ্যৰ গঢ়ৱাল অঞ্চলৰ দেহৰাদুন জিলাৰ চক্ৰতা আৰু কালসীত জৌনসাৰী লোকে ব্যৱহাৰ কৰে।
জৌনসাৰীৰ উপ-ভাষাসমূহে চুবুৰীয়া বংগনী, জৌনপুৰী, নাগপুৰীয়া আৰু সিৰমৌৰীৰ সৈতে প্ৰায় ৬০% শব্দাৱলী একেই ৰাখে।১
লিপি
ঐতিহাসিকভাৱে জৌনসাৰী ভাষাৰ বাবে জৌনসাৰী লিপি ব্যৱহাৰ কৰা হৈছিল। বৰ্তমানে কিছু কিছু কামৰ বাবে দেৱনাগৰী লিপি ব্যৱহাৰ কৰা হয়।২

স্থিতি
জৌনসাৰী ভাষাৰ কোনো আনুষ্ঠানিক স্বীকৃতি নাই। ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থাৰ মতে ই "নিশ্চিতভাৱে লুপ্তপ্ৰায়" শাখাত পৰে। ইয়াৰ অৰ্থ হ'ল যে জৌনসাৰী ভাষা শিশুসকলে প্ৰায় নিশিকা হৈ পৰিছে৩ এথ'ন'লগৰ অনুমান ইয়াৰ বিপৰীতে।
২০১৬ চনত উত্তৰাখণ্ডৰ ৰাজ্যিক শিক্ষা ব'ৰ্ডে গঢ়ৱালী, কুমাঊঁনী, জৌনসাৰী আৰু ৰং ভাষাসমূহক পইলট ভিত্তিত প্ৰথমৰ পৰা দশম শ্ৰেণীলৈকে শিকোৱাৰ ব্যৱস্থা কৰিছে, "নিজৰ উত্তৰাখণ্ডক জানক" নামৰ প্ৰকল্পৰ অধীনত।৪
তথ্যসূত্ৰ
- ↑ Matthews, John. (2008). Jaunsari: a sociolinguistic survey. পৃ. 12–13
- ↑ ScriptSource - Jaunsari written with Devanagari script. scriptsource.org
- ↑ (15 April 2011). endangered language. TheGuardian.com
- ↑ Schoolkids to learn Garhwali, Kumaoni languages - Times of India. The Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জৌনসাৰী ভাষা” প্ৰবন্ধৰ সংশোধন ৫৯৯৮৮৯ (৪ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।