কালপুৰুষ (Kalpurush) হৈছে অসমৰ ঔপন্যাসিক, সাহিত্যিক দেবেন্দ্ৰ নাথ আচাৰ্যৰ দ্বাৰা লিখিত এখন উপন্যাস। এই উপন্যাসখন ১৯৭৬ চনত প্ৰথমবাৰৰ বাবে প্ৰকাশিত হয়। উপন্যাসখনত টাই-আহোম জনগোষ্ঠী ৰাজত্বৰ এছোৱা গুৰুত্বপূৰ্ণ সময়ৰ বৰ্ণনাৰ লগতে সাহিত্যিক কল্পনাৰো সমাহাৰ ঘটিছে।১
গ্ৰন্থকাৰৰ চমু পৰিচয়
মূল প্ৰবন্ধ: দেবেন্দ্ৰ নাথ আচাৰ্য
দেবেন্দ্ৰ নাথ আচাৰ্যৰ জন্ম হৈছিল যোৰহাটৰ ওচৰৰ গৰখীয়া দ'লত। পিতৃৰ নাম আছিল নগেন্দ্ৰনাথ আচাৰ্য, আৰু মাতৃৰ নাম জয়ন্তীপ্ৰিয়া দেৱী। তেখেত এগৰাকী অসমীয়া ঔপন্যাসিক, গল্পকাৰ, কবি আৰু শিশু সাহিত্যিক। তেখেত ঘাইকৈ অসমৰ বুৰঞ্জী ভিত্তিক উপন্যাসৰ ৰচয়িতা। তেখেতৰ দ্বাৰা ৰচিত উপন্যাস জঙ্গম-এ মৰণোত্তৰভাৱে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।
গ্ৰন্থৰ চমু পৰিচয়
১৬৩৯ চনৰ পৰা ১৬৭৩ চনলৈকে আহোম ৰাজত্ব কালৰ কিছুমান গুৰুত্বপূৰ্ণ ঘটনাৱলী কালপুৰুষৰ মূল আধাৰ। গ্ৰন্থখনত আহোম স্বৰ্গদেউৰ সমান্তৰালকৈ ৰাইজ তথা প্ৰজাৰ মনোভাৱ, ৰাইজৰ স্বদেশপ্ৰীতি, আৰু তেওঁলোকৰ কাৰ্যকলাপকো গুৰুত্বসহকাৰে লিপিবদ্ধ কৰা হৈছে। উপন্যাসখন প্ৰথম পুৰুষত লিখা হৈছে। ঔপন্যাসিকে খৰঙীৰ নদাই সঁজাতী নামৰ কাল্পনিক চৰিত্ৰটো সৃষ্টি কৰি উপন্যাসৰ কাহিনী আগবঢ়াই নিছে। কল্পনাৰ লগত বুৰঞ্জীৰ মিশ্ৰণ ঘটোৱা এই উপন্যাসখনক অসমীয়া সাহিত্যৰ এখন উল্লেখযোগ্য বুৰঞ্জীমূলক উপন্যাস বুলি কোৱা হয়।১
তথ্যসূত্ৰ
- ↑ বৰুৱা, শান্তনু কৌশিক. (২০২০). অসম ইয়াৰ বুক ২০২১. জ্যোতি প্ৰকাশন. পৃ. ৬০০. ISBN ৯৭৮-৯৩-৮১৪৮৫-৮২-৮
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কালপুৰুষ” প্ৰবন্ধৰ সংশোধন ২৫০৩৬২ (২৪ অক্টোবৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।