অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

মালৱী ভাষা

মালৱী (माळवी भाषा) এটি পশ্চিমীয়া ভাৰতীয়-আৰ্য ভাষা যি ৰাজস্থানী ভাষাগোষ্ঠীৰ অন্তৰ্গত। এই ভাষা মুখ্যতঃ ভাৰতৰ মালৱা অঞ্চলত ব্যৱহাৰ কৰা হয়। ই নিমাড়ীৰ সৈতে সামঞ্জস্য ৰাখে, যি মধ্য প্ৰদেশৰ নিমাড় অঞ্চলত ব্যৱহাৰ কৰা হয়।

হালনাগাদ: ২৫ অক্টোবৰ ২০২৩ ১৩৪ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

মালৱী (माळवी भाषा) এটি পশ্চিমীয়া ভাৰতীয়-আৰ্য ভাষা যি ৰাজস্থানী ভাষাগোষ্ঠীৰ অন্তৰ্গত। এই ভাষা মুখ্যতঃ ভাৰতৰ মালৱা অঞ্চলত ব্যৱহাৰ কৰা হয়। ই নিমাড়ীৰ সৈতে সামঞ্জস্য ৰাখে, যি মধ্য প্ৰদেশৰ নিমাড় অঞ্চলত ব্যৱহাৰ কৰা হয়।

উপভাষা

মালৱীৰ উপভাষা হ'ল: উজ্জৈনী (যি উজ্জৈন, ধৰ, ইন্দৌৰ, দেৱস, শজপুৰ আৰু চেহোৰ জিলাত কোৱা হয়), ৰজৱাড়ী (যি ৰতলাম, মন্দসৌৰ আৰু নীমুচ জিলাত কোৱা হয়), উপঠৱাড়ী (যি ৰাজগঢ় জিলাত কোৱা হয়) আৰু সোন্ধৱাড়ী (যি ঝলাৱৰ জিলাত কোৱা হয়)।১ উজ্জৈনী উপভাষা সন্মানৰ উপভাষা, আৰু মালৱীক কোনো কোনোৱে উজ্জৈনী নামেৰেও অভিহিত কৰে। বেতুল আৰু ছিন্দৱালা জিলাত মালৱী আৰু ভোয়াৰীৰ মিশ্ৰ ভাষা কোৱা হয়।২

পৰিসংখ্যা

৫৪ লাখ লোকে মালৱী ভাষা কয়।৩ তাৰেই ৭৫% মালৱী ভাষী লোকে সহজে হিন্দী ভাষাত কথা ক'ব পাৰে, যি মধ্য প্ৰদেশৰ আনুষ্ঠানিক ভাষা। মালৱী ভাষী লোকৰ মাজত হিন্দী বা অন্য দ্বিতীয় ভাষাৰ সাক্ষৰতাৰ হাত প্ৰায় ৪০%। মালৱীত অনেক অপ্ৰকাশিত সাহিত্য কৰ্ম আছে।

তথ্যসূত্ৰ

  1. ↑ pg no 293,296
  2. ↑ pg no 293,296
  3. ↑ "Statement 1: Abstract of speakers' strength of languages and mother tongues - 2011". www.censusindia.gov.in. Office of the Registrar General & Census Commissioner, India

সম্পৰ্কিত শ্ৰেণী

ISO language articles citing sources other than Ethnologueভাৰতৰ ভাষাভাষা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মালৱী ভাষা” প্ৰবন্ধৰ সংশোধন ৩৮৮৮৫৫ (২৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।