
কেসৰী (केसरी) হৈছে এখন মাৰাঠী বাতৰিকাকত যিখনক ১৮৮১ চনৰ ৪ জানুৱাৰী তাৰিখে ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী বিশিষ্ট নেতা লোকমান্য বাল গঙ্গাধৰ তিলকে প্ৰতিষ্ঠা কৰিছিল। বাতৰিকাকতখন ভাৰতৰ স্বাধীনতা আন্দোলনৰ মুখপাত্ৰ হিচাপে ব্যৱহাৰ হৈছিল৷ কেসৰী বাতৰিকাকতখনক বৰ্তমানে মাৰাঠা-ট্ৰাষ্ট আৰু তিলকৰ বংশধৰসকলে প্ৰকাশ কৰি আহিছে।১২৩
বাল গঙ্গাধৰ তিলকে দুখন সংবাদপত্ৰ চলাইছিল, তাৰ ভিতৰত মাৰাঠীত 'কেসৰী' আৰু ইংৰাজীত 'মাহৰাত্ত' (কেসৰী-মাৰাঠা ট্ৰাষ্ট দ্বাৰা পৰিচালিত);৪ যি পুণেৰ নাৰায়ণ পথ কেসৰী ৱাদাৰ পৰা প্ৰকাশিত হৈছিল। বাতৰিকাকতসমূহ মূলত চিপলুঙ্কাৰ, আগৰকৰ আৰু তিলকৰ সহযোগী প্ৰচেষ্টাত আৰম্ভ হৈছিল৷
তথ্যসূত্ৰ
- ↑ About the Vice Chancellor - Deepak J.Tilak. tmv.edu.in. Tilak Maharashtra Vidyapeeth
- ↑ Retracing the legend of Gangadhar Tilak at Kesariwada. hfghbbitagesites.wordpress.com. Blog - Indian Heritage Sites
- ↑ Inamdar, Siddhesh. (4 January 2010). Tendency to dumb down journalism disturbing: N. Ram. দ্য হিন্দু
- ↑ Mone (Tilak), Mrs. Geetali Hrishikesh. The Role of Free Circulation in Optimum Newspaper Development - Ph.D. thesis submission. shodhganga.inflibnet.ac.in. Preface - Shodhganga
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কেসৰী (বাতৰিকাকত)” প্ৰবন্ধৰ সংশোধন ৩৮০৫৪৭ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।