মিউজ ইণ্ডিয়া (ইংৰাজী: Muse India) হ’ল হাইদৰাবাদৰপৰা ইংৰাজী ভাষাত প্ৰকাশিত সাহিত্য বিষয়ক এখন ই-আলোচনী৷১২ ২੦੦৫ চনৰপৰা আলোচনীখন অনলাইনত দুমহীয়াকৈ প্ৰকাশ পাই আহিছে৷ আলোচনীখনৰ কোনো ছপা সংস্কৰণ নাই৷২ ২੦১৭ চনত বিশ্ববিদ্যালয় অনুদান আয়োগ চমুকৈ ইউজিচিয়ে আলোচনীখনক এখন সাহিত্য বিষয়ক ই-জাৰ্নেল হিচাপে স্বীকৃতি প্ৰদান কৰে৷২
বৈশিষ্ট্য
মিউজ ইণ্ডিয়া হ’ল সকলোৰে বাবে মুক্ত এখন সাহিত্য বিষয়ক ই-আলোচনী৷ আলোচনীখনৰ মূল লক্ষ্য হ’ল ইংৰাজী ভাষাত ভাৰতীয় লেখকসকলৰ বাবে এখন মঞ্চ গঢ়ি তোলা৷ আলোচনীখনত সৃষ্টিশীল আৰু সমালোচনাত্মক দুয়ো ধৰণৰ লেখা প্ৰকাশ পায়৷ আৰম্ভণিৰেপৰা আলোচনীখনে ভাৰতীয় লেখকৰ ইংৰাজী ভাষাত লিখা আৰু অন্য ভাৰতীয় ভাষাৰপৰা ইংৰাজীলৈ অনূদিত কবিতা, চুটি গল্প, প্ৰবন্ধ, সাক্ষাৎকাৰ, গ্ৰন্থ সমালোচনা আদি প্ৰকাশ কৰি আহিছে৷১২
সম্পাদক
আলোচনীখনৰ প্ৰতিষ্ঠাপক আৰু পৰিচালন সম্পাদক হ’ল জি সূৰ্য প্ৰকাশ ৰাও৷ উপদেষ্টা হ’ল সচিদানন্দ মহান্তি৷ মুখ্য সম্পাদক হ’ল ইউ আত্ৰেয়ী শৰ্মা৷ উপ মুখ্য সম্পাদক হ’ল স্বপ্না ডোগ্ৰা৷১
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মিউজ ইণ্ডিয়া” প্ৰবন্ধৰ সংশোধন ৫২০০০১ (২২ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।