জিলেণ্ডিক ভাষা জিলেণ্ডৰ ওলন্দাজ অঞ্চলত আৰু দক্ষিণ হ'লেণ্ডত কথিত এক আঞ্চলিক ভাষা। যদিও ইয়াক প্ৰায় ওলন্দাজ ভাষাৰ উপভাষা হিচাপে অভিহিত কৰা হয়, উচ্চাৰণ, ব্যাকৰণ আৰু শব্দ-সম্ভাৰৰ ভালেমান অমিলে পাকৈত নোহোৱা ওলন্দাজ কথনকাৰীৰ বাবে জিলেণ্ডিক বুজা কষ্টকৰ কৰি তুলে। ভাষাগতভাৱে ই পশ্চিম ফ্লেমিছৰ এক উপভাষা।১
মূল
জিলেণ্ডিক হ'লেণ্ডিক আৰু পশ্চিমীয়া ফ্লেমিছৰ মাজৰ এক পাৰম্পৰিক স্থানীয় ভাষা। মধ্য যুগত আৰু আগৰ আধুনিক যুগত জিলেণ্ডক হলেণ্ড আৰু ফ্লেণ্ডাৰ, উভয়ৰে কাউণ্টে দাবী কৰিছিল। দুয়ো দিশৰে প্ৰভাৱ পৰিছিল। উত্তৰে গতি কৰিলে লাহেকৈ হলেণ্ডিকৰ প্ৰভাৱ বাঢ়ি অহা দেখা পোৱা যায়। তথাপিও জিলেণ্ডিক নিজা সীমাবদ্ধ।
বিশেষত্ব
মান্য ওলন্দাজ আৰু জিলেণ্ডিকৰ মাজত অনেক পাৰ্থক্য দেখা যায়, যেনে, জিলেণ্ডিকৰ ২ নহয়, ৩ লিংগ (জৈৱিক) আছে আদি।
| জিলেণ্ডিক | ওলন্দাজ | ইংৰাজী |
|---|---|---|
| d'n boer | de boer | the farmer |
| de boerinne | de boerin | the farmer's wife |
| uus | huis | house |
| kieke(n) | kijken | to look |
| tweê | twee | two |
| oôd | hoofd | head |
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জিলেণ্ডিক” প্ৰবন্ধৰ সংশোধন ১৮৮৩৮৩ (১৭ জানুৱাৰী ২০১৯)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।