অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

উদয়াদিত্য ভৰালী

উদয়াদিত্য ভৰালী অসমৰ এগৰাকী বিশিষ্ট চিন্তাবিদ, লেখক, ইতিহাসবিদ তথা অধ্যাপক। পিতৃৰ কৰ্মসূত্ৰে তেওঁ মঙলদৈ, ওদালগুৰি, মাজবাট, গহপুৰ, শিৱসাগৰ, গুৱাহাটী, বৰমা, নলবাৰী আৰু বৰপেটাত বুনিয়াদী আৰু হাইস্কুলীয়া শিক্ষাগ্ৰহণ কৰিছিল।

হালনাগাদ: ১২ জুলাই ২০২৫ ১১০ শব্দ · ১ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

উদয়াদিত্য ভৰালী অসমৰ এগৰাকী বিশিষ্ট চিন্তাবিদ, লেখক, ইতিহাসবিদ তথা অধ্যাপক।১ পিতৃৰ কৰ্মসূত্ৰে তেওঁ মঙলদৈ, ওদালগুৰি, মাজবাট, গহপুৰ, শিৱসাগৰ, গুৱাহাটী, বৰমা, নলবাৰী আৰু বৰপেটাত বুনিয়াদী আৰু হাইস্কুলীয়া শিক্ষাগ্ৰহণ কৰিছিল।২ স্কুলীয়া শিক্ষাৰ পাছতে তেওঁ কটন কলেজত কলেজীয়া শিক্ষা কৰে আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইতিহাস বিষয়ত স্বৰ্ণপদকসহ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।৩

কৰ্মজীৱন

১৯৬৮ চনৰ ১৪ নৱেম্বৰৰ পৰা ২০০৩ চনৰ ৩১ আগষ্টলৈ তেওঁ কটন কলেজৰ অধ্যাপক হিচাপে সেৱা আগবঢ়োৱাৰ লগতে‍ ২০০২-২০০৩ চনলৈ ইতিহাস বিভাগৰ মুৰব্বী হিচাপে কৰ্মৰত আছিল; আনহাতে ২০০৩ চনত তেওঁ কটন কলেজৰ অধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহণ কৰে আৰু ২০০৬ চনত কৰ্মজীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে।১

সাহিত্যকৰ্ম

সময়ৰ জলঙাৰে (সাদিন), পৃষ্ঠভূমিৰ চিনাকি (অসমীয়া প্ৰতিদিন), বিবিধ টোকা (অসমবাণী), প্ৰাসংগিক পাণ্ডুলিপি- (অসমীয়া প্ৰতিদিন) আদি শিৰোনামৰ তেওঁৰ স্তম্ভলেখাসমূহৰ২ লগতে The Political History of Assam, Vol-I গ্ৰন্থৰ সহযোগী সম্পাদক, অসম চৰকাৰে প্ৰকাশ কৰা ড° হেৰম্বকান্ত বৰপূজাৰীৰ জীৱনী গ্ৰন্থ Dr. Heramba Kanta Barpujari-ৰ লগতে কটন কলেজ শতবৰ্ষ উদযাপন সমিতিয়ে প্ৰকাশ কৰা Hundred Years: History of Cotton College, 1901-2001 শীৰ্ষক গ্ৰন্থৰো তেওঁ মুখ্য সম্পাদক আছিল।১২৩ পৰাগ কুমাৰ দাস সম্পাদিত “বুধবাৰ ” আৰু “আগান”ত তেওঁ নিয়মীয়াকৈ প্ৰবন্ধ লিখি জাতীয় জীৱনলৈ অৱদান আগবঢ়াইছিল।৪ ‘বেইমানৰ ঠিকনাৰ সন্ধান’ শীৰ্ষক গল্প সংকলনখনৰ বাবে ১৯৯৬ চনত তেওঁ অসম সাহিত্য সভাৰ ‘বিষ্ণু্প্ৰসাদ ৰাভা বঁটা’ লাভ কৰিছিল।১ অধ্যাপক উদয়াদিত্য ভৰালীক ২০২৫ বৰ্ষৰ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা প্ৰদান কৰা হৈছিল।৪ 'জাতি সমস্যাৰ প্ৰশ্ন আৰু অন্যান্য' শীৰ্ষক প্ৰবন্ধ সংকলনৰ লগতে‍ একুৰি গল্পৰ 'ধলফাট' শীৰ্ষক গল্প সংকলনখন তেওঁৰ উল্লেখযোগ্য সাহিত্য-কৰ্ম।৫

তথ্যসূত্ৰ

  1. ↑ বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান
  2. ↑ state/prof-udayaditya-bharali-passes-away-assam-news-ass25070600903 ইতিহাসবিদ আৰু প্ৰগতিশীল চিন্তাবিদ অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান
  3. ↑ বিশিষ্ট চিন্তাবিদ, ইতিহাসবিদ উদয়াদিত্য ভৰালী আৰু নাই, মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ…
  4. ↑ অধ্যাপক উদয়াদিত্য ভৰালীলৈ এইবৰ্ষৰ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা: ১৮ মে’ত প্ৰদান কৰা হ’ব এই সন্মান
  5. ↑ বিশিষ্ট চিন্তাবিদ উদয়াদিত্য ভৰালীৰ ৩ খনকৈ গ্ৰন্থ উন্মোচন

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গল্পকাৰঅসমীয়া শিক্ষাবিদঅসমীয়া প্ৰবন্ধকাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উদয়াদিত্য ভৰালী” প্ৰবন্ধৰ সংশোধন ৫২৩৫৯২ (১২ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।