আগবাৰীত ফুলিলে সোণে মোৰ চম্পা (Aag Barit Fulile Xune Mur Champa) কণ্ঠশিল্পী সুদক্ষিণা শৰ্মাৰ জীৱনভিত্তিক এখন উপন্যাস।১ উপন্যাসখন লিখিছে আৰাধনা পটংগীয়া গোস্বামীয়ে। সুদক্ষিণা শৰ্মা গায়ক, সুৰকাৰ, গীতিকাৰ, সংগীত তথা চলচ্চিত্ৰ পৰিচালক ভূপেন হাজৰিকাৰ ভগ্নী২ আৰু গীতিকাৰ, সুৰকাৰ আৰু সংগীতশিল্পী দিলীপ শৰ্মাৰ পত্নী।৩জন্ম পত্ৰিকাত সুদক্ষিণা শৰ্মাৰ নাম আছিল নিৰুপমা। ঘৰুৱা নাম কুইন বা কুইনী হাজৰিকা ৰূপেও তেওঁ শ্ৰোতাৰ মাজত পৰিচিত আছিল। ‘আগবাৰীত ফুলিলে সোণে মোৰ চম্পা’ উপন্যাসৰ মূল চৰিত্ৰটিৰ নাম ‘নিৰুপমা’।৪উপন্যাসখন ভবানী বুকছে ২০১৭ চনত প্ৰকাশ কৰিছে।
লেখক পৰিচয়
ড° আৰাধনা পটংগীয়া গোস্বামী অসমৰ এগৰাকী ঔপন্যাসিক, গল্পকাৰ আৰু প্ৰাৱন্ধিক।৫ তেওঁ গুৱাহাটীৰ পাণ্ডু মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ৰঞ্জিৎ কুমাৰ দেৱগোস্বামীৰ সহধৰ্মিণী। ২০১১ চনত তেওঁ ‘নেপথ্যৰ সংগীত’ শীৰ্ষক উপন্যাসৰ বাবে অসম সাহিত্য সভাৰ নিৰ্মল চন্দ্ৰ বৰা স্মাৰক, শ্ৰেষ্ঠ উপন্যাস বঁটা লাভ কৰিছিল।৫
সত্তৰ দশকত কটনিয়ানত গল্প লিখি গোস্বামীয়ে গল্পকাৰ ৰপে আত্মপ্ৰকাশ কৰিছিল। তেওঁৰ প্ৰথমখন উপন্যাসৰ নাম ‘কল্লোলিনী’। উপন্যাসখন ২০০১ চনত প্ৰকাশ হৈছিল আৰু প্ৰকাশৰ লগে লগে ই পঢ়ুৱৈৰ সমাদৰ লাভ কৰিছিল। ‘নেপথ্য সংগীত’ গোস্বামীৰ দ্বিতীয়খন উপন্যাস। ‘আগবাৰীত ফুলিলে সোণে মোৰ চম্পা’ আৰু দুৰ্গী’ লেখকৰ ক্ৰমে তৃতীয় আৰু চতুৰ্থ উপন্যাস।
বিষয়বস্তু
প্ৰকৃততে ‘আগবাৰীত ফুলিলে সোণে মোৰ চম্পা’ জ্যোতিপ্ৰসাদ আগৰৱালা ৰচিত এটি জ্যোতি সংগীত। কণ্ঠশিল্পী সুদক্ষিণা শৰ্মাই দহ বছৰ বয়সতে কলিকতালৈ গৈ বিষ্ণুপ্ৰসাদ ৰাভাৰ তত্ত্বাৱধানত গ্ৰামফোন ৰেকৰ্ডৰ বাবে গীত বাণীবন্ধন কৰিছিল। তাৰপিছত তেওঁ আৰু উভতি চোৱা নাই। জ্যোতি-বিষ্ণু-ভূপেন্দ্ৰ সংগীতৰ উপৰিও শৰ্মাই বৰগীত, কামৰূপী লোকগীত, গোৱালপৰীয়া লোকগীত, বনগীত, বিয়ানাম, বিহুনাম গাই এক সুদীৰ্ঘ সাংগীতিক পৰিক্ৰমা অতিক্ৰম কৰিছে। ১৯৫৪ চনৰ ১২ আগষ্ট তাৰিখে গণশিল্পী, সুৰকাৰ আৰু গীতিকাৰ দিলীপ শৰ্মাৰ সৈতে সুদক্ষিণাৰ বিবাহ হয় আৰু তেওঁলোকে যুটীয়াভাৱে গীত পৰিৱেশন কৰিবলৈ লয়। নতুন প্ৰজন্মৰ মাজত শুদ্ধ ৰূপত জ্যোতি-সংগীতৰ চৰ্চাৰ বাবে শৰ্মা দম্পত্তিয়ে গোটেই অসম জুৰি জ্যোতি-সংগীত প্ৰশিক্ষণ কৰ্মশালাৰ আয়োজন কৰিছিল। জ্যোতি-সংগীতৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে তেওঁলোকে লোৱা উদ্যোগৰ বাবে, ২০০২ চনত, দিলীপ শৰ্মা আৰু সুদক্ষিণা শৰ্মা যুটীয়াভাৱে সংগীত নাটক একাডেমী বঁটা প্ৰদান কৰা হৈছিল।৬ সেয়ে জ্যোতিপ্ৰসাদৰ এটি গীতৰ শীৰ্ষৰে উপন্যাসখনৰ নাম ৰাখি ঔপন্যাসিকে ঐতিহাসিক প্ৰেক্ষাপটত এই যুটীৰ প্ৰেম আৰু অন্তৰ্জীৱনৰ বৰ্ণিল কাহিনী উপন্যাসখনৰ মাজেৰে তুলি ধৰিছে।৪
তথ্যসূত্ৰ
- ↑ আৰাধনা পটংগীয়া গোস্বামী. (২০১৭). আগবাৰীত ফুলিলে সোণে মোৰ চম্পা. ভৱানী বুকছ
- ↑ (Sep 10, 2012). Bhupen forum urges people to unite for BTC peace
- ↑ নিৰুপমা বৰগোহাঞি. (মাৰ্চ, ২০২২). সংগীতপ্ৰভা সুদক্ষিণা. পূৰ্বায়ণ প্ৰকাশন. পৃ. ১৪৯-১৫১. ISBN ৯৭৮-৯৩-৯৩৮৮১-৬৭-০
- ↑ পঞ্চানন হাজৰিকা. (২০১৮). জীৱন-প্ৰেম আৰু প্ৰেমময় জীৱন. সাতসৰী (আলোচনী). পৃ. ১২৬
- ↑ আৰাধনা পটংগীয়া গোস্বামী. (জুলাই, ২০২১). দুৰ্গী উপন্যাসৰ লেখক পৰিচিতি. জ্যোতি প্ৰকাশন. ISBN ৯৭৮-৮১-৯৫০১৮৪-৫-১
- ↑ ড° পৰমানন্দ মজুমদাৰ. (মাৰ্চ, ২০২২). সংগীতপ্ৰভা সুদক্ষিণা. পূৰ্বায়ণ প্ৰকাশন. পৃ. ২৭৩-২৯৪. ISBN ৯৭৮-৯৩-৯৩৮৮১-৬৭-০
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আগবাৰীত ফুলিলে সোণে মোৰ চম্পা” প্ৰবন্ধৰ সংশোধন ৩৭৩৩৮৩ (৬ আগষ্ট ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।