অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

আৱাৰ ফিল্মছ, দেয়াৰ ফিল্মছ

আৱাৰ ফিল্মছ, দেয়াৰ ফিল্মছ (Our Films, Their Films) হ'ল বিশিষ্ট বাঙালী চলচ্চিত্ৰ নিৰ্মাতা, সুৰকাৰ আৰু লেখক সত্যজিৎ ৰায়ৰ এখন চলচ্চিত্ৰ সমালোচনা বিষয়ক প্ৰবন্ধ সংকলন।

হালনাগাদ: ১৫ ডিচেম্বৰ ২০২৫ ১০৪ শব্দ · ১ মিনিট সংগৃহীত ৬৭
সংশোধনৰ পৰামৰ্শ

আৱাৰ ফিল্মছ, দেয়াৰ ফিল্মছ (Our Films, Their Films) হ'ল বিশিষ্ট বাঙালী চলচ্চিত্ৰ নিৰ্মাতা, সুৰকাৰ আৰু লেখক সত্যজিৎ ৰায়ৰ এখন চলচ্চিত্ৰ সমালোচনা বিষয়ক প্ৰবন্ধ সংকলন। প্ৰবন্ধ আৰু ব্যক্তিগত ৰচনাৰ অংশ সংগ্ৰহ কৰি ইয়াক প্ৰথমবাৰৰ বাবে ১৯৭৬ চনত ভাৰতত প্ৰকাশ কৰা হৈছিল৷ ১৯৯২ চনত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু যুক্তৰাষ্ট্ৰত ইয়াৰ এক ইংৰাজী অনুবাদ প্ৰকাশ পাইছিল। ইয়াৰ পূৰ্বে ১৯৪৭ চনত ৰায়ে সহ-প্ৰতিষ্ঠা কৰা কলিকতা ফিল্ম ছ'চাইটিৰ বুলেটিনত কিছুমান প্ৰবন্ধ প্ৰকাশ পাইছিল।১

শিৰোনামৰ পৰা বুজা যায়, কিতাপখন দুটা খণ্ডত উপস্থাপন কৰা হৈছেঃ ৰায়ে প্ৰথম খণ্ডত ভাৰতীয় চলচ্চিত্ৰৰ বিষয়ে আলোচনা কৰিছে‍, আৰু দ্বিতীয় খণ্ডত হলিউড, চাৰ্লি চেপলিন, আকিৰা কুৰোছাৱা দৰে আন্তঃৰাষ্ট্ৰীয় বিষয় আৰু ইটালীৰ নৱ্য বাস্তৱবাদৰ দৰে আন্দোলনসমূহক সামৰি লৈছে‍।

তথ্যসূত্ৰ

  1. ↑ Robinson. (1989). Satyajit Ray: the inner eye. University of California Press. পৃ. 65. ISBN 0-520-06946-3

সম্পৰ্কিত শ্ৰেণী

প্ৰবন্ধ গ্ৰন্থচলচ্চিত্ৰসত্যজিৎ ৰায়

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আৱাৰ ফিল্মছ, দেয়াৰ ফিল্মছ” প্ৰবন্ধৰ সংশোধন ৫৬৪১২৮ (১৫ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।