কলা আৰু সংস্কৃতি
চলচ্চিত্ৰ, সংগীত, নৃত্য, উৎসৱ আৰু লোক-ঐতিহ্য · ২,৮৪৭ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
প্ৰতিদিন টাইম
প্ৰতিদিন টাইম (Pratidin Time) অসমৰ এক ব্যক্তিগত দূৰদৰ্শন কেন্দ্ৰ। এই চেনেলত মূলতঃ অসমীয়া ভাষাৰ বাতৰিৰ উপৰিও সংগীত, ক্ৰীড়া, বিনোদন, কলা-সংস্কৃতি আদি বিভিন্ন বিষয়ক অনুষ্ঠানৰ লগতে অসমীয়া চলচ্চিত্ৰও পৰিৱেশন কৰা হয়।
-
বাউল
বাউল শিল্পী বা বাউল সাধক বা বাউল হৈছে সংগীতৰ লগতে চুফীবাদ, আধ্যাত্মিকতা আদি মতাদৰ্শৰ প্ৰচাৰ কৰা লোক আৰু লোকসংগীত পৰিবেশকৰ এক বিশেষ দল। বাংলাদেশ আৰু পশ্চিম বংগ, ত্ৰিপুৰা, অসমৰ বৰাক উপত্যকা আৰু মেঘালয়ত বাউলসকলক দেখা যায়। বাউল সাধকে বাউল সংগীত পৰিবেশন কৰে।
-
বাথৌ পূজা
বাথৌ পূজা বা বাথৌ উৎসৱ বড়ো আৰু কছাৰী জনগোষ্ঠীসকলৰ ধৰ্মীয় কৃত্যৰ অন্যতম অনুষ্ঠান। বাথৌ বড়ো জনগোষ্ঠীৰ ঘাই দেৱতা। সাধাৰণতে বছৰত দুবাৰকৈ এই পূজা অনুষ্ঠিত হয়। হিন্দু ধৰ্মত লৌকিক দেৱতাৰূপে শিৱৰ যি ধাৰণা তাৰে সৈতে বড়ো লোকদেৱতা বাথৌৰ সাদৃশ্য আছে।
-
বান্ধোন (চলচ্চিত্ৰ)
বান্ধোন (Baandhon) ২৬ অক্টোবৰ ২০১২ তাৰিখে মুক্তি লাভ কৰা অসমীয়া ভাষাত নিৰ্মিত এখন চলচ্চিত্ৰ। বোলছবিখনৰ প্ৰযোজনা অসম ৰাজ্যিক চলচ্চিত্ৰ নিগম (বিত্ত আৰু উন্নয়ন) আৰু পৰিচালক জাহ্নু বৰুৱা।
-
বোৱাৰী (চলচ্চিত্ৰ)
বোৱাৰী হৈছে আক্ষৰিক অৰ্থত দ্বিতীয়খন ব্লকবাষ্টাৰ অসমীয়া চলচিত্ৰ। "আজলী নবৌ"ৰ ৰেকৰ্ডসমূহ ওফৰাই ছবিখনে দৰ্শকৰ মাজত বিশেষ সমাদৰ লাভ কৰে। চলচ্চিত্ৰখনৰ পৰিচালনা কৰিছে শিৱ প্ৰসাদ ঠাকুৰে আৰু সংগীত পৰিচালনা আছিল ড° উপেন কাকতিৰ। ছবিখনৰ "মন হীৰা দৈ" শীৰ্ষক গীতটি দৰ্শকৰ মাজত বিপুল জনপ্ৰিয় হৈছিল।
-
ভাস্কৰ্য
ভাস্কৰ্য হৈছে দৃশ্য কলাৰ এটা শাখা যি তিনিটা মাত্ৰাত কাৰ্য কৰি থাকে। ভাস্কৰ্য হৈছে ত্ৰিমাত্ৰিক শিল্পকৰ্ম যি উচ্চতা, প্ৰস্থ আৰু গভীৰতাৰ জড় বাস্তৱত প্ৰকাশিত হয়। ই প্লাষ্টিক কলাসমূহৰ অন্যতম।
-
ভেলেণ্টাইন দিৱস
ছেইণ্ট ভেলেণ্টাইন দিৱস, সাধাৰণতে চমুকৈ ভেলেণ্টাইন দিৱস হ'ল এজন বা ততোধিক খ্ৰীষ্টিয় শ্বহীদ ছেইণ্ট ভেলেণ্টাইনৰ নামত উচৰ্গিত দিন। বছৰৰ দ্বিতীয় মাহ ফেব্ৰুৱাৰী মাহৰ ১৪ তাৰিখে ইয়াক পালন কৰা হয়। ইয়াক এটা পৱিত্ৰ প্ৰেমৰ দিন হিচাপে সমগ্ৰ বিশ্বতে পালন কৰা হয়।
-
মে ডাম মে ফি
মে ডাম মে ফি ( 𑜉𑜦𑜧 𑜓𑜪 𑜉𑜦𑜧 𑜇𑜣 Máe Dām Máe Phi) হ’ল টাই-আহোমসকলৰ ফুৰালুং ধৰ্মৰ নিয়ম অনুসৰি পালন কৰা সামাজিক পৰম্পৰাগত উৎসৱ। এই উৎসৱৰ মূল উৎস প্ৰাচীন চীনৰ কনফুচিয়াছ ধৰ্মৰ পূৰ্বপুৰুষ উপাসনাতত্ত্ব যি পাছলৈ টাই জাতিৰ দাম-ফি পৰম্পৰা ৰূপে বিকাশ ঘটে। কনফুচিয়াছৰ শিক্ষা সমুহ আজিও আহোম সমাজে পালন কৰে।
-
ৰত্নাকৰ (চলচ্চিত্ৰ)
ৰত্নাকৰ: মৰমৰ নতুন আখ্যান হৈছে ২০১৯ চনতৰ ১১ অক্টোবৰত মুক্তি লাভ কৰা এখন ৰোমাণ্টিক-একশ্বনধৰ্মী অসমীয়া বোলছবি। যতীন বৰাৰ প্ৰযোজনা, পৰিচালনাত নিৰ্মিত ছবিখনত মুখ্য চৰিত্ৰতো তেওঁ অভিনয় কৰিছে।
-
অসম দিৱস
অসম দিৱস বা চ্যু-কা-ফা দিৱস (Assam Day) হ'ল অসমৰ আহোম ৰাজবংশৰ প্ৰথম স্বৰ্গদেউ চাওলুং চুকাফাৰ স্মৃতিত প্ৰতিবছৰে অসমত পালন কৰা এটা দিৱস। ১২২৮ চনৰ এই দিনটোতে তেখেতৰ লগতে আহোমসকল সৌমাৰত উপস্থিত হৈ আহোম ৰাজ্য বা মু'ঙ দ'ন চ'ন খাম স্থাপন কৰিছিল।
-
অহিৰ ভৈৰৱ
অহিৰ ভৈৰৱ (Songs of the Dawn) হৈছে ২০০৭ চনৰ এপ্ৰিল মাহত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। ৰণদীপ প্ৰডাক্ছন্ছ (ইউ. কে.) লিমিটেডৰ বেনাৰত বোলছবিখন প্ৰযোজনা কৰে যুক্তৰাজ্য নিবাসী প্ৰবাসী অসমীয়া ড॰ ৰণেন শৰ্মাই আৰু পৰিচালনা কৰে শিৱপ্ৰসাদ ঠাকুৰে।
-
উগাদি
উগাদী, যাক সংবৎসাৰাদি (অৰ্থাৎ "বছৰৰ আৰম্ভণি") বুলিও কোৱা হয়, হিন্দু পঞ্জিকা অনুসৰি ভাৰতৰ অন্ধ্ৰপ্ৰদেশ, তেলেংগানা আৰু কৰ্ণাটক ৰাজ্যত ইয়াক পালন কৰা নৱবৰ্ষৰ দিৱস। এই চক্ৰটো আচলতে ৬০ বছৰেৰে গঠিত, প্ৰতিটো বছৰক পৃথকে পৃথকে নামকৰণ কৰা হয়। প্ৰতিটো বছৰৰ প্ৰথম দিনটোক ‘উগাদি’ বোলা হয়।
-
ঋষভ (স্বৰ)
ঋষভ (ऋषभ ) হৈছে হিন্দুঃস্থানী আৰু কৰ্ণাটক সংগীতত সাতটা স্বৰৰ ভিতৰত দ্বিতীয়টো। ঋষভ হৈছে ৰে (Re) শব্দাংশৰ দীঘলীয়া ৰূপ।
-
এৰা বাটৰ সুৰ
এৰা বাটৰ সুৰ (Era Bator Sur) ভূপেন হাজৰিকা পৰিচালিত আৰু বি পি ফিল্মছ প্ৰযোজিত এখন ক'লা-বগা অসমীয়া বোলছবি। ৩০ নবেম্বৰ, ১৯৫৬ত ছবিখনে মুক্তি পাইছিল। এইখন ড॰ ভূপেন হাজৰিকা পৰিচালিত প্ৰথম ছবি। ছবিৰ কাহিনী, সঙ্গীত আৰু গীত ৰচনাও হাজৰিকাৰে আছিল।
-
কোঁৱৰপুৰৰ কোঁৱৰ (চলচ্চিত্ৰ)
কোঁৱৰপুৰৰ কোঁৱৰ ২০১৭ বৰ্ষত মুক্তি পোৱা এখন অসমীয়া ভাষাৰ চলচ্চিত্ৰ। ৰোমান্টিক একশ্বনধৰ্মী এই চলচ্চিত্ৰখনৰ পৰিচালনা কৰিছে ৰাজেশ ভূঞাই আৰু প্ৰযোজনা ৰ'জী ভূঞা আৰু নয়ন নীলিমৰ।
-
গান্ধী (চলচ্চিত্ৰ)
গান্ধী (ইংৰাজী: Gandhi) হ'ল ১৯৮২চনত মোহনদাস কৰমচান্দ গান্ধীৰ জীৱনৰ আধাৰত নিৰ্মিত এখন চলচ্চিত্ৰ। ভাৰত আৰু লণ্ডনৰ সহযোগত ৰিচাৰ্ড এটেনবৰ' হ'ল চলচ্চিত্ৰখনৰ প্ৰযোজক তথা পৰিচালক আৰু জন ব্ৰেইলি হ'ল লেখক। চলচ্চিত্ৰখনত গান্ধীৰ ভূমিকা পালন কৰিছে বেন কিংছলে নামৰ ইংৰাজ অভিনেতাজনে।
-
গিদ্ধা
গিদ্ধা (Giddha) ভাৰত আৰু পাকিস্তানৰ পঞ্জাব অঞ্চলত প্ৰচলিত মহিলাসকলৰ এক জনপ্ৰিয় লোক নৃত্য। গিদ্ধা নৃত্য প্ৰাচীন ৰিং নৃত্যৰ উত্তৰাধিকাৰী বুলি গণ্য কৰা হয়। ই ভাংৰাৰ দৰেই উত্তেজনাপূৰ্ণ আৰু একে সময়তে ই সৃজনশীলভাৱে নাৰীসূলভ কৰুণা, সৌন্দৰ্য আৰু নমনীয়তা প্ৰদৰ্শন কৰে। এইটো অতি ৰঙীন নৃত্যৰ প্ৰকাৰ।
-
গোপী
গোপী (गोपी) হৈছে এটা সংস্কৃত ভাষাৰ শব্দ আৰু শব্দটি গোপাল শব্দৰ পৰা উদ্ভূত হৈছে যাৰ অৰ্থ হৈছে গোৰ পালক বা গৰুৰ লালন-পালনকৰ্তা। হিন্দু ধৰ্মৰ বৈষ্ণৱবাদৰ আখ্যানসমূহত গোপিকা (গোপীৰ স্ত্ৰীবাচক ৰূপ) শব্দটো গোৱালীসকল(পশুপালনৰ বৃত্তিত জড়িত বালিকা)ৰ এক বিশেষ গোটক বুজাবলৈ বহুলভাৱে ব্যৱহৃত হয়।
-
চামেলি মেমচা'ব
চামেলি মেমচা'ব (Madame Chameli) হৈছে ১৯৭৫ চনত মুক্তিপ্ৰাপ্ত সেউজ বোলছবি সন্থা প্ৰযোজিত আৰু আব্দুল মজিদ পৰিচালিত এখন ক'লা-বগা অসমীয়া চলচ্চিত্ৰ। অসমৰ চাহ বাগিছাৰ পটভূমিত নিৰ্মিত চলচ্চিত্ৰখনত চাহ বাগিচাৰ এজন ব্ৰিটিছ মালিক আৰু বাগিছাখনত কাম কৰা এগৰাকী স্থানীয় শ্ৰমিক যুৱতীৰ প্ৰেম কাহিনী দেখুওৱা হৈছে।
-
ছিজদাহ
ছুজুদ (سُجود, ), বা ছিজদাহ (سجدة, ), হ'ল কিবলাহ (কাবা ৰ মক্কা ৰ দিশত ইছলামত ঈশ্বৰৰ ওচৰত নিম্ন প্ৰণাম বা সজ্জা কৰা। ). সাধাৰণতে ইয়াক মানক নামাজত (ছালাত) কৰা হয়।
-
তেজীমলা (চলচ্চিত্ৰ)
তেজীমলা (Tezimola) ১৯৬৩ চনত মুক্তি পোৱা লক্ষ্মীনাথ বেজবৰুৱাৰ তেজীমলা সাধু আধাৰিত এখন নাৰীকেন্দ্ৰিক ছবি। ছবিৰ পৰিচালক আছিল আনোৱাৰ হুছেইন। তেৱেঁই গুৱাহাটী কুমাৰপাৰৰ আনোৱাৰ ফিল্মচৰ বেনাৰত ছবিখন প্ৰযোজনাও কৰিছিল।
-
দুপাট্টা
দুপাট্টা বা দোপাট্টা (Dupatta) ভাৰতীয় উপমহাদেশত নাৰীসকলৰ মূৰ আৰু বুকু ঢাকিবলৈ ব্যৱহৃত এবিধ পৰম্পৰাগত বস্ত্ৰ; যাক হিন্দু সংস্কৃতিৰ এক অংশ হিচাপে বিবেচনা কৰা হয়। দুপাট্টা আজিকালি চেলোৱাৰ-কামিজ, কুৰ্টা বা ঘাগৰাৰ সৈতে বহুলভাবে ব্যৱহাৰ কৰা দেখা যায়।
-
প্ৰথম ৰাগিনী
প্ৰথম ৰাগিনী (Prathom Ragini) ১৯৮৭ চনত মুক্তিপ্ৰাপ্ত, ট্ৰেঞ্চ এচিয়া ফিল্মছ ৮৬ৰ বেনাৰত নিৰ্মিত আৰু ধীৰু ভূঞা পৰিচালিত এখন অসমীয়া বোলছবি। ভূঞাৰ এইখন প্ৰথম পৰিচালিত ছবি। ৰমা দাশৰ অচল টকা শীৰ্ষক এটা গল্পৰ আধাৰত প্ৰথম ৰাগিনীৰ চিত্ৰনাট্য ৰচনা কৰিছিল গৌতম বৰা আৰু মহম্মদ চাদুল্লাই।
-
বাংলাদেশৰ চলচ্চিত্ৰ
বাংলাদেশৰ চলচ্চিত্ৰই (Cinema of Bangladesh) বাংলাদেশৰ স্বাধীনতাৰ পূৰ্বৰ বা পৰৱৰ্তী সময়ৰ দেশখনৰ বিভিন্ন অঞ্চলত নিৰ্মিত ছবিসমূহক বুজায়। ঢাকা ভিত্তিক বাংলা ভাষাৰ চলচ্চিত্ৰ উদ্যোগৰ প্ৰভাৱশালী ঢালিউডৰ বাহিৰেও (যিটো ঢাকা আৰু হলিউডৰ সংযোজন) বাংলাদেশ আন কেইবাটাও ভাষা আৰু উপভাষাৰ চলচ্চিত্ৰ নিৰ্মাণৰ…
-
বাস্কেটবল
বাস্কেটবল হৈছে এটা দলীয় খেল য'ত দুটা দলে, সাধাৰণতে পাঁচজনকৈ খেলুৱৈৰ সৈতে, আয়তাকাৰ ক'ৰ্টত ইজনে সিজনৰ বিৰোধিতা কৰি, ডিফেণ্ডাৰৰ হুপৰ মাজেৰে বাস্কেটবল (প্ৰায় ৯.৪ ইঞ্চি (২৪ চে.মি.) ব্যাসৰ) গতি চলোৱাৰ প্ৰধান উদ্দেশ্যেৰে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে (১৮ ইঞ্চি (৪৬ চে.মি.) ব্যাসৰ বাস্কেট এটা ১০ ফুট (৩.০৫…
-
বিশ্ব এইড্ছ দিৱস
বিশ্ব এইড্ছ দিৱস, প্ৰতিবছৰে ১ ডিচেম্বৰৰ দিনা পালন কৰা হয়।১৯৮৮ চনৰ পৰা পালন কৰা এই দিৱস এইড্ছৰ দেশব্যাপ্তিৰ প্ৰতি সজাগতাৰ বাবে আৰু এই ৰোগত ভুগি মৃত্যু বৰণ কৰাসকললৈ সমৰ্পণ কৰা হয়।
-
বিশ্ব স্বাস্থ্য দিৱস
বিশ্ব স্বাস্থ্য দিৱস প্ৰতি বছৰে ৭ এপ্ৰিল তাৰিখে গোটেই বিশ্বতে পালন কৰা সজাগতামূলক দিৱস। ৰাষ্ট্ৰসংঘৰ বিশেষ সংস্থা বিশ্ব স্বাস্থ্য সংস্থাৰ তত্ত্বাৱধানত এই দিৱস গোটেই বিশ্বৰ ইয়াৰ সদস্য ৰাষ্ট্ৰ সকলে আৰু ইয়াৰ লগত জড়িত আন সংস্থাবোৰে পালন কৰে।
-
বিষু
বিষু (মালয়ালম: വിഷു) হৈছে ভাৰতৰ কেৰালা, তুলুনাডু আৰু মাহেত মালয়ালী নৱবৰ্ষ উদযাপন কৰা হিন্দু উৎসৱ।বিষু মালয়ালম পঞ্জিকাত মেডাম মাহৰ প্ৰথম দিনত পৰে (গ্ৰেগ'ৰিয়ান পঞ্জিকাত ১৪ বা ১৫ এপ্ৰিল)। ই পৰম্পৰাগত নতুন বছৰ, আনহাতে কোলাম যুগৰ কেলেণ্ডাৰ নতুন বছৰ ১ম চিংহামত পৰে।
-
বুকুৰ মাজত জ্বলে
বুকুৰ মাজত জ্বলে (Bukur Majot Jole) ১৯৯৯ চনত মুক্তিপ্ৰাপ্ত এখন সংগীত-মধুৰ ৰঙীন অসমীয়া ড্ৰামা চলচ্চিত্ৰ। লক্ষ্মীনাৰায়ণ ফিল্মছৰ বেনাৰত নিৰ্মিত ছবিখনৰ পৰিচালনা আৰু প্ৰযোজনা আছিল অশোক কুমাৰ বিষয়াৰ। মুঠ পাঁচজন সংগীত পৰিচালকে ছবিখনৰ সংগীত পৰিচালনা কৰিছিল।
-
ভাংৰা নৃত্য
ভাংৰা (Bhangra) বা ভাংড়া পঞ্জাৱৰ এক প্ৰকাৰৰ পৰম্পৰাগত লোক নৃত্য। এই নৃত্যৰ উৎপত্তি পঞ্জাৱৰ ছিয়ালকোট অঞ্চলত হৈছিল। ভাংৰা নৃত্য শস্য চপোৱাৰ বতৰত কৰা হয়। ভাংৰা নৃত্য বিশেষকৈ বসন্তকালীন বৈশাখী উৎসৱৰ সৈতে সম্পৰ্কিত।